উত্তৰ-পূবৰ বৃহত্তম চহৰ গুৱাহাটীত আইকনিক মোগলাই ডাইনাৰ আমিনিয়াৰ শুভাৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 28 September 2022

উত্তৰ-পূবৰ বৃহত্তম চহৰ গুৱাহাটীত আইকনিক মোগলাই ডাইনাৰ আমিনিয়াৰ শুভাৰম্ভণি

 

W7s news গুৱাহাটী: ১৯২৯ চনত অভিষেক ঘটা আমিনিয়াই আৰম্ভণিৰেপৰা উচ্চমানৰ মোগলাই আৰু উত্তৰ ভাৰতীয় খাদ্য পৰিবেশন কৰি আহিছে। আইকনিক মোগলাই খাদ্য পৰিৱেশনকাৰী প্ৰতিষ্ঠানটোৱে অতি দক্ষতাৰে প্ৰস্তুত কৰা খাদ্য আৰু পানীয়ই খাদ্যৰসিকসকলৰ হৃদয় জিনি আহিছে।

কেইবা দশক ধৰি কলকাতাবাসীক সেৱা আগবঢ়োৱাৰ পাছত  আৰু শিলিগুৰিৰ লোকসকলৰ ভোজন পৰিৱেশন কৰাৰ পাছত  এইবাৰ এই নামজ্বলা বিৰিয়ানী প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীত পদাৰ্পণ কৰিছে। হয়, আপুনি ঠিকেই শুনিছে! প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ‘চিটি অৱ জয়’ত মোগলাই ৰন্ধন-প্ৰকৰণৰ ক্ষেত্ৰখনত অগ্ৰণী হৈ অহা প্ৰতিষ্ঠানটোৰ সুস্বাদু মোগলাই ব্যঞ্জনৰ পৰা যাতে উত্তৰ-পূবৰ জনসাধাৰণ বঞ্চিত নহয়, ব্ৰেণ্ডৰ স্বত্বাধিকাৰীসকলে সেইটো নিশ্চিত কৰিব বিচাৰিছিল। ২০২২ চনৰ ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অনুষ্ঠানৰ শোভাবৰ্ধন কৰে। 

মোগলাই ডাইনিং প্ৰতিষ্ঠানটোক খাদ্যৰসিকসকলৰ বাবে এক  দাৱত দৰবাৰ  হিচাপে পৰিকল্পনা কৰা হৈছে। সম্পূৰ্ণ নতুন গুৱাহাটীস্থিত আউটলেটটো সামাজিকীকৰণৰ বাবে এক স্থান হ’ব য'ত মানুহে সুস্বাদুভাৱে প্ৰস্তুত কৰা মোগলাই খাদ্য আৰু পানীয়ৰ সোৱাদ লৈ কিছু স্মৃতিময় মধুৰ সময় উদযাপন কৰিব পাৰিব।বিখ্যাত মোগলাই ডাইন ডেনৰ নৱতম গুৱাহাটী আউটলেটত পৰম্পৰাগত আৰু সমসাময়িক ভাৱৰ এক নিৰৱচ্ছিন্ন মিশ্ৰণ আছে, যিয়ে ট্ৰেডমাৰ্কৰ নান্দনিকতাক জীৱন্ত কৰি তুলিছে। আহল-বহল ৰেষ্টুৰেণ্টখনে ‘চিটি অৱ জয়’ৰ ভাৱৰ টুকুৰাবোৰক সামৰি লৈছে৷ আউটলেটৰ ইলেক্ট্ৰনিক মেন্যুত থকা খাদ্যসমূহৰ ভিতৰত মোগলাই আৰু উত্তৰ ভাৰতীয় সুস্বাদু খাদ্যৰ বৈচিত্ৰ্যপূৰ্ণ ৰেঞ্জৰ লগতে আমিনিয়াৰ ক্লাছিক যেনে মাটন এণ্ড চিকেন বিৰিয়ানী, আমিনিয়া স্পেচিয়েল মাটন কাৰী, আমিনিয়া স্পেচিয়েল মাটন ৰেজালা, চিকেন চাপ আৰু ফিৰ্নি আদি অন্তৰ্ভুক্ত হৈ আছে। আমিনিয়াৰ সৰ্বোত্তম মাটন  আৰু চিকেন বিৰিয়ানী  ইয়াৰ স্বৰ্গীয় সুগন্ধি আৰু লোভনীয়  সোৱাদৰ বাবে উচ্চ প্ৰশংসিত। কলকাতাৰ প্ৰিয় ‘আলু’ৰ সৈতে পৰিবেশন কৰা, বিৰিয়ানীৰ সোৱাদ হাড়ৰ পৰা সৰি পৰা কোমল মাংসই যথেষ্ট বৃদ্ধি কৰি তোলে আৰু এই স্বাদ এবাৰ গ্ৰহণ কৰাটো আৱশ্যকীয়। খাদ্যৰসিকসকলে সকলো আমিনিয়া আউটলেটতে বিচাৰি ভিৰ কৰা খাদ্য, আমিনিয়া স্পেচিয়েল মাটন কাৰী হৈছে আটাইতকৈ সুন্দৰ, বিশেষ বোন-অফ-দ্য-মেৰ’ খাদ্যসমূহৰ ভিতৰত অন্যতম। আমিনিয়াৰ এই সুস্বাদু ৰাজকীয় খাদ্য হৈছে পৰম্পৰাগত অৱধি ফ্লেভাৰত মিহলি হোৱা আৰু আটাইতকৈ দীঘলীয়া সময়জুৰি পৰিৱেশন কৰা ব্যঞ্জনসমূহৰ ভিতৰত অন্যতম। ব্ৰিটিছসকলৰ ব্ৰেকফাষ্টৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰস্তুত কৰা এই ৰেচিপিটোৱে মোগলাই খাদ্যানুৰাগীসকলৰ হৃদয়ত নিজৰ স্থান অক্ষুন্ন ৰাখিছে। ইয়াত অন্তৰ্ভুক্ত থাকে মটনৰ দুটা কোমল আৰু ৰসাল টুকুৰা, এটা কণী, এটা সম্পূৰ্ণ বিলাহী, এটা সম্পূৰ্ণ পিঁয়াজ, এটা সম্পূৰ্ণ আলু, আৰু এটা পাতল মচলাযুক্ত সুস্বাদু গ্ৰেভিত লাহে লাহে ৰন্ধা গাজৰৰ টুকুৰা।

আমিনিয়াৰ চিকেন চাপ হৈছে খাদ্যৰসিকসকলৰ মাজত এক অতি জনপ্ৰিয় ব্যঞ্জন। লাহে লাহে সিজোৱা চিকেন টাংৰীক ৰাতিটোৰ বাবে মেৰিনেট কৰি মাংসখিনিক সকলো সোৱাদ  দিয়া হয়। ক্লাছিক ফিৰ্নি হৈছে গাখীৰ, কেশৰ আৰু বাদামৰ পুষ্টিৰে ভৰা, আপোনাৰ আহাৰ সমাপ্ত কৰাৰ বাবে লোভনীয় আৰু আদৰ্শ মিঠাই। এই বিখ্যাত ক্লাছিকবোৰৰ বাহিৰেও আমিনিয়াৰ গুৱাহাটী আউটলেটৰ বিস্তৃত মেনুত চিকেন তন্দুৰী, চিকেন চীজ কাবাব, মাটন গলাউটি কাবাব, মাটন বোতি কাবাব আৰু বহুতো লোভনীয় খাদ্য অন্তৰ্ভুক্ত হৈ আছে। বিৰিয়ানী মোৰ সদায়েই প্ৰিয় আৰু আমিনিয়াৰ বিৰিয়ানীয়ে মোক সদায় ইয়াৰ লোভনীয়তা আৰু সুগন্ধিৰে মোহিত কৰি আহিছে যিটো আন একোৱেই সলনি কৰিব নোৱাৰে। যেতিয়াই কলকাতালৈ গৈছিলো, তেতিয়াই আমিনিয়ালৈ এবাৰ হ’লেও গৈ ইয়াৰ কিছু ক্লাছিক মোগলাই খাদ্যৰ সোৱাদ লোৱাৰ কথা ভাবিছিলোঁ। উদ্বোধনী অনুষ্ঠানৰ অংশ হৈ মই আনন্দিত। গুৱাহাটীবাসীয়ে এতিয়া সৰ্বতোপ্ৰিয় মোগলাই কুইজিন ব্ৰেণ্ডৰ খাদ্য উপভোগ কৰিব পাৰিব," জুবিন গাৰ্গে কয়। ব্ৰেণ্ডটোৰ দীঘলীয়া ইতিহাস আৰু উত্তৰাধিকাৰৰ বিষয়ে সোধাত, আমিনিয়াৰ অধ্যক্ষ আৰু সঞ্চালক মহম্মদ আজহাৰে কয়, “জাকাৰিয়া ষ্ট্ৰীটত থকা আমিনিয়াৰ প্ৰথম আউটলেটটো ১৯২৯ চনত মুকলি কৰা হৈছিল। পিছত, ১৯৪৭ চনৰ ১৫ আগষ্টত, স্বাধীনতা দিৱসৰ দিনা ছাৰ ষ্টুৱাৰ্ট হগ মাৰ্কেট বা নিউ মাৰ্কেটৰ কলকাতা পৌৰ নিগমৰ ওচৰৰ ফুটনানি চেম্বাৰত আটাইতকৈ ডাঙৰ আৰু পুৰণি বিপনী মুকলি কৰা হয়। আপুনি দেখিছে, আমি মাথো কেইখনমানৰ পৰা অসংখ্য আউটলেটলৈ আগবাঢ়িছোঁ। আমাৰ উদ্দেশ্য কেৱল আমাৰ অতি সন্মানীয় গ্ৰাহকসকলক উচ্চমানৰ মোগলাই খাদ্য পৰিবেশন কৰাই নহয়, বৰঞ্চ তেওঁলোকৰ ৰুচি অনুসৰি নিজকে বিকশিত কৰিবলৈও আমি চেষ্টা অব্যাহত ৰাখিছোঁ৷ স্বাধীনতাৰ পূৰ্বৰ পৰাই আমি এক চহকী ইতিহাস থকা এটা ব্ৰেণ্ড।আমাৰ সন্মানীয় গ্ৰাহকসকলৰ মৰমে আমাক তেওঁলোকৰ বিৱৰ্তনশীল ৰুচিৰ সৈতে খাপ খুৱাই লোৱাৰ লগতে অধিক উন্নত হ’বলৈ সক্ষম কৰিছে।”ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সোধাত, আমিনিয়াৰ সঞ্চালক কবীৰ মহম্মদ আজহাৰে  কয়, “আমিনিয়াৰ সকলো বিপনীয়ে প্ৰশংসনীয় প্ৰদৰ্শন কৰিছে, আৰু আমি সকলোৱে এই সঁহাৰিত আনন্দিত হৈছো। আমি অলপতে শিলিগুৰি, কোলাঘাট আৰু বৰ্তমান গুৱাহাটীলৈ সম্প্ৰসাৰিত হৈছো। ধাৰাবাহিক প্ৰচেষ্টা আৰু প্ৰগতিৰ অভিযানে আমাৰ বিকাশত যথেষ্ট সহায় কৰিছে। আমি আমাৰ ব্যৱসায় সমগ্ৰ দেশতে সম্প্ৰসাৰিত কৰাৰ আশা কৰিছো যাতে আমিনিয়া কলকাতাৰ ইতিহাসত এখন মোগলাই ৰেষ্টুৰেণ্টৰ গৌৰৱময় উদাহৰণ হিচাপে প্ৰশংসিত হয়।” 

বিক্ৰী সঞ্চালক আজৰা আশ্বাৰ আথাৰে কয়, “সম্প্ৰসাৰণৰ ক্ষেত্ৰত আমাৰ মুখ্য সফলতা হৈছে নিৰন্তৰ অনুশাসন আৰু প্ৰগতিৰ প্ৰতি প্ৰতিশ্ৰুতি।"

আনহাতে আমিনিয়াৰ সঞ্চালক আশ্বাৰ মহম্মদ আথাৰে ব্ৰেণ্ডটোৰ মানদণ্ডৰ ওপৰত মন্তব্য কৰি কয়, “চহৰৰ অন্যতম শ্ৰেষ্ঠ আৰু দীৰ্ঘদিনীয়া সেৱা আগবঢ়োৱা মোগলাই ডাইনাৰ হিচাপে আমি সদায় উচ্চ মানদণ্ড বৰ্তাই ৰখাৰ চেষ্টা কৰি আহিছো। আমিনিয়া ব্ৰেণ্ডৰ মানদণ্ড সময়ৰ অগ্ৰগতিৰ লগে লগে অতুলনীয় হৈ আহিছে। আমাৰ খাদ্যৰ মানদণ্ড বজাই ৰাখিবলৈ, আমি কেৱল উচ্চ-শ্ৰেণীৰ উপাদানহে ব্যৱহাৰ কৰোঁ। তদুপৰি, আমাৰ সকলো বিপনীত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। আমাৰ গ্ৰাহকসকলক উচ্চ-মানদণ্ডৰ খাদ্য প্ৰদান কৰাৰ বাবে নিয়মীয়াকৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা পৰীক্ষা কৰা হয়।"





.

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here