অসমৰ কাজিৰঙাত 'বিশ্ব পৰ্যটন দিৱস' উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 September 2022

অসমৰ কাজিৰঙাত 'বিশ্ব পৰ্যটন দিৱস' উদযাপন




W7s news,, অসম

 অসমৰ কাজিৰঙাত অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা (এটিডিচি) উদযাপন কৰা হৈছিল বিশ্ব পৰ্যটন দিৱস । বিশ্ব পৰ্যটন দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ জৰিয়তে অসমৰ পৰ্যটন খণ্ডৰ প্ৰচাৰ কৰাৰ লগতে এই বছৰৰ মূল শীৰ্ষক 'ৰিথিংকিং টুৰিজম' বিষয়বস্তুৰ অধীনত অসমৰ থলুৱা সংস্কৃতি, প্ৰকৃতি আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হৈছিল।এক সাংস্কৃতিক শোভাযাত্ৰাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। কহৰা বন সন্মিলন খেলপথাৰৰ পৰা  বিঅ'চি পইণ্টলৈ (প্ৰায় ১.৫ কিঃমিঃ) এই শোভাযাত্ৰা অনুষ্ঠিত হৈছিল। শোভাযাত্ৰাৰ পিছতে 'ৰিথিংকিং টুৰিজম'  বিষয়বস্তুৰ ওপৰত এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হৈছিল।অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ  মন্ত্ৰী জয়ন্ত  মল্লবৰুৱাই এখন কফি টেবল বুক "অনুপম অসম" উদ্বোধন কৰাৰ লগতে হেৰিটেজ ৱাকছ অৱ অসম (Heritage Walks of Assam) প্ৰকল্পৰ ঘোষণা কৰিছিল।পৰ্যটন বিভাগৰ বিষয়াসকলে নদী পৰ্যটন, ভ্ৰমণ লিখন, পৰ্যটন প্ৰচাৰ, হোমষ্টে, বন্যপ্ৰাণী সংৰক্ষণ, পৰ্যটক নিৰ্দেশিকাৰ ক্ষেত্ৰত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে প্ৰমাণপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হৈছিল । লগতে অনুষ্ঠানটোত চুটি চলচ্চিত্ৰ প্ৰতিযোগিতা, ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ বাবেও বঁটা বিতৰণ কৰা হৈছিল।এই উপলক্ষে, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মাননীয় মন্ত্ৰীগৰাকীয়ে সমবেত লোকসকলক সম্বোধন কৰি কয় "আমি বুজিব লাগিব যে, পৰ্যটনে আমাৰ অৰ্থনীতিক টনকিয়াল কৰাৰ লগতে এই ক্ষেত্ৰত আমি আগুৱাই যাবলৈ এই খণ্ডৰ লগত জড়িত লোকসকলক সামূহিকভাৱে লগত লৈ ইয়াৰ লক্ষ্যৰ দিশত আমি কাম কৰিব লাগিব।" তেওঁ ইয়াৰ লগতে কয়, "আমি ইয়াৰ সৈতে জড়িত শ্ৰমিকসকলৰ দক্ষতা উন্নত কৰাৰ লগতে তেওঁলোকক সঠিক আৰু সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবেও কাম কৰিব লাগিব।" মন্ত্ৰীগৰাকীয়ে লগতে, "অসমৰ ১০০ খন চাহ বাগিছাক তেওঁলোকৰ ঐতিহ্যপূৰ্ণ চাহ বাগিছা আৰু ঐতিহ্যপূৰ্ণ বাংলোৰ বিকাশৰ বাবে ২০০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ।"অনুষ্ঠানটোত অসম পৰ্যটনৰ অ’এছডি ৰাজবীৰ হুছেইনৰ ধন্যবাদ সূচক মন্তব্যৰ সৈতে সমাপ্ত হৈছিল । ইয়াৰ পিছতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় য'ত বিহু, সত্ৰীয়া, ঝুমুৰ আদিকে ধৰি অসমৰ বিভিন্ন কলা-সংস্কৃতিৰ  নৃত্য প্ৰদৰ্শিত কৰা হৈছিল । এই কাৰ্যসূচীয়ে স্থানীয় লোক আৰু অঞ্চলটোৰ পৰ্যটকসকলৰ মাজত সাংস্কৃতিক আদান-প্ৰদানৰ বাবে এক আদৰ্শ মঞ্চ প্ৰদান কৰিছিল। পৰ্যটনৰ তাৎপৰ্য সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে ২৭ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। 'ৰঙা নদী আৰু নীলা পাহাৰ'ৰ ভূমি হিচাপে পৰিচিত অসম ইয়াৰ অনুপম প্ৰাকৃতিক দৃশ্যৰ বাবে জনাজাত । ইয়াৰ মনোমোহা সেউজীয়া পৰিৱেশে প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষিত কৰি আহিছে । অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ বাবে সুপৰিচিত কাজিৰঙাত অনুষ্ঠিত হৈছিল এই  অনুষ্ঠান।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here