ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 September 2022

ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা

 



W7s news গুৱাহাটী  : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আৰু গ্ৰামোন্নয়ন শাখা , গুৱাহাটীৰ উদ্যোগত দেশৰ স্বাধীনতাৰ  আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি  কৃষক সকলক সবলীকৰণ আৰু আত্মনির্ভৰ কৰাৰ লক্ষ্যৰে চলি আছে "আত্মনির্ভৰ কৃষক অভিযান' শীৰ্ষক এক কাৰ্যসূচী । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি  অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ চৌহদৰ সভাগৃহত আজি 'আত্মনির্ভৰ কৃষক অভিযান' কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । কাৰ্যসূচীত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০ জন কৃষক - কৃষিমিত্ৰ আৰু ২০ জনৰো অধিক কৃষি বিজ্ঞানীয়ে  ভাগ লয় । আনহাতে এই উপলক্ষে  ব্ৰহ্মকুমাৰীজ , গুৱাহাটীৰ বি কে দীপাঞ্জলিয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে  সকলোকে আদৰণি জনায় ব্ৰহ্মকুমাৰীজ'ৰ আজাৰা শাখাৰ  মুৰব্বী বি কে সুপ্তাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই কৃষক সকলক সমাজ এখনৰ মূল স্তম্ভ বুলি ব্যক্ত কৰি মাটিৰ উৰ্বৰা শক্তি  অটুট ৰাখি , বৈজ্ঞানিক পদ্ধতি  অৱলম্বন কৰি কিদৰে শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি তাৰ আলোকপাত কৰে আৰু এইক্ষেত্ৰত সজাগতা সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰা বাবে ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ শলাগ লয় । অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ বি কে ভগৱান ভাই , বি কে শুভা বহেন , খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডঃ বিবেকানন্দ শইকীয়াই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কৃষি আৰু কৃষক সম্পৰ্কীয় মূল্যবান বক্তব্য আগবঢ়ায় । অনুষ্ঠানত কুমাৰী অংকিতা বৰদলৈয়ে নৃত্য , বি কে মিনগ ভায়ে গীত , কুমাৰী অংকিতা কুমাৰীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰে । অনুষ্ঠানত বি কে মৌচুমী , বি কে শাৰদাকে ধৰি ব্ৰহ্মকুমাৰীজ'ৰ গুৱাহাটীৰ বিভিন্ন শাখাৰ কেবাজনো মূৰব্বী উপস্থিত থাকে । আনহাতে অনুষ্ঠানত কেবাজনো কৃষি বিজ্ঞানী , কৃষিমিত্ৰ আৰু কৃষকক সম্বৰ্ধনা জনোৱা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here