অৰুণাচলৰ মন্ত্ৰী মামা নাটুঙৰ সৈতে অসম-অৰুণাচল সীমা অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 September 2022

অৰুণাচলৰ মন্ত্ৰী মামা নাটুঙৰ সৈতে অসম-অৰুণাচল সীমা অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

 



সীমা সমস্যাৰ সমাধানেৰে স্থানীয় বাসিন্দাৰ সামূহিক উন্নয়নৰ প্ৰয়াস কৰা হ'ব: মন্ত্ৰী হাজৰিকা


সীমা সমস্যা বিষয়ক আঞ্চলিক সমিতিৰ পৰিদৰ্শনত সীমান্ত অঞ্চলৰ বাসিন্দাৰ মনৰ ভাৱ বুজাৰ প্ৰয়াস


W7s news গুৱাহাটী: অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি অসম অৰুণাচল প্ৰদেশ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ আন সদস্যসকলৰ সৈতে অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে । মন্ত্ৰী হাজৰিকাই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুং আৰু দুয়োখন ৰাজ্যৰ বিধায়কত্ৰয় ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু বিয়ুৰাম ৱাহগে ৰ সৈতে অঞ্চলটোৰ দিকালমূখ, ডিপিক, বালিচ' আৰু পাচ' গাঁও পৰিভ্ৰমণ কৰি সীমা অঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে ।

দলটোৱে প্ৰথমতে দিকালমূখ গাঁও ভ্ৰমণ কৰি স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে । দিকালমূখ গাঁও বনাঞ্চলত থকাৰ বাবে এই অঞ্চলত কোনো এখন ৰাজ্য চৰকাৰেই সীমা সমস্যাৰ সমাধানৰ বাবে পোনপটীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনাব বুলি উল্লেখ কৰে । আনহাতে অঞ্চলটোৰ বাসিন্দাসকলে অসমৰ ভূমিৰ মাজেৰে দৈনন্দিন যাত্ৰা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাক এইক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ কৰাত মন্ত্ৰীগৰাকীয়ে বনাঞ্চল আইনৰ অধীনত কোনোধৰণৰ নীতি ভংগ নকৰাকৈ যাত্ৰা কৰাৰ ব্যৱস্থা কৰি দিবলৈ প্ৰশাসনক আহ্বান জনায় ।আনহাতে সীমা সমস্যাৰ স্থায়ী সমাধান নহ'লে সীমা অঞ্চলৰ বাসিন্দাসকলেহে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈ থাকে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এইবাৰ ৰাজ্য দুখনৰ মাজত শান্তিপূৰ্ণভাৱে সীমা সমস্যা সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে । পাছত আঞ্চলিক সমিতিৰ দলটোৱে বৰগাং নদী পাৰ হৈ পাছ', দিপিক আৰু বালিছ' গাঁও ভ্ৰমণ কৰি স্থানীয় বাসিন্দাৰ সৈতে মত বিনিময় কৰে । পৰিদৰ্শন কালত মন্ত্ৰী হাজৰিকাই উপস্থিত সাংবাদিকক জনায় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দুজনাৰ সদিচ্ছাৰ বাবে দুয়োখন ৰাজ্যৰ সীমা সমস্যাই সমাধানৰ মুখ দেখিব গৈ আছে । আজি পৰিদৰ্শনকালত দিকালমূখ, দিপিক আৰু বালিছ'ৰ বাসিন্দাসকলে অৰুণাচল প্ৰদেশৰ সৈতে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে পাচ' অঞ্চলৰ প্ৰায় ৪০ শতাংশ বাসিন্দাই অসমৰ সৈতে থাকিব বিচৰাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । পাচ' অঞ্চলৰ মূলত কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে মন্ত্ৰীগৰাকীক তেঁওলোকৰ সমস্যাৰ কথা উত্থাপন কৰাত মন্ত্ৰী হাজৰীকাই তেওঁলোকৰ যাতায়তৰ সুবিধা হোৱাকৈ বৰগাং নদীৰ ওপৰত দলং নিৰ্মাণৰ চিন্তা কৰিব বুলি আস্বাস দিয়ে । আনহাতে অঞ্চলটোত বিদ্যুতৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে বাসিন্দাসকলক প্ৰতিশ্ৰুতি দিয়ে ।আজি পৰিদৰ্শন কৰা অঞ্চলকেইটা অসমৰ ফালে সংৰক্ষিত বনাঞ্চল থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এই ক্ষেত্ৰত সীমা অঞ্চলত বাস কৰা বাসিন্দাসকলৰ সমস্যা সমাধান কৰাৰ বাবে উচ্চতম ন্যায়ালয় আৰু ভাৰত চৰকাৰলৈ প্ৰতিবেদন পঠিয়াব লাগিব বুলি উল্লেখ কৰে । সীমান্ত অঞ্চলত বহুতো সমস্যাৰে জৰ্জৰিত দুয়োখন ৰাজ্যৰ বাসিন্দাসকলৰ সমস্যাসমূহ সীমা সমস্যা সমাধানৰ জড়িয়তে সমাধান কৰিবলৈ চেষ্টা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here