চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 25 August 2022

চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ

 

W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্সপ’ গুৱাহাটী ২০২২ ।


মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত এইখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বি২বি এক্সপ’, যিয়ে প্ৰস্তুতকাৰী, পাইকাৰী ব্যৱসায়ী, বিতৰণকাৰী, ডীলাৰ্ছ, সমাধান সেৱা প্ৰদানকাৰী আৰু এণ্ড-ইউজাৰ্ছৰ মাজৰ সংযোগক উন্মোচিত কৰিব । প্ৰায় ৮০+ প্ৰখ্যাত ৰাষ্ট্ৰীয় ব্ৰেণ্ডে এই এক্সপ’ত অংশগ্ৰহণ কৰি তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰিব । এই এক্সপ’খন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নিৰ্মাণ আৰু ইন্টেৰিঅ’ৰ খণ্ডৰ বিভিন্ন ব্যৱসায়িক গোট আৰু সহযোগীয়ে । আৰম্ভনি অনুষ্ঠানত আয়োজক  প্ৰণৱে কয়, “সম্প্ৰতি এনেধৰণৰ প্ৰদৰ্শনীৰ যথেষ্ট প্ৰয়োজন আছে আৰু এনে প্ৰদৰ্শনীয়ে বিল্ডিং আৰু ডিজাইন উদ্যোগক বহু সহায় কৰিবলৈ সক্ষম । এনেবোৰে লগতে উক্ত খণ্ডৰ সৈতে জড়িত নতুন প্ৰযুক্তিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।“বিগ ডে’ প্ৰডাকচনৰ বিষয়ে: ১৯৯৯ চনৰ পৰাই বিগ ডে’ প্ৰডাকচনে  ডিজাইন, নিৰ্মাণ আৰু দেশজুৰি বিভিন্ন ট্ৰেড এক্সপ’, ছেমিনাৰ আৰু কনফাৰেন্সৰ সৈতে জড়িত হৈ আহিছে । তেওঁলোকৰ বিশেষজ্ঞৰ দলে প্ৰতিটো ইভেন্ট অনন্য আৰু পূৰ্বৰ তুলনাত অধিক উন্নত কৰি তুলি ইভেন্ট সাফল্যমণ্ডিত কৰি অংশগ্ৰহণকাৰীসকলৰ বাবে স্মৰণীয় কৰি তুলিবৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ক’ভিডৰ প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে সফলতাৰে শিলিগুড়ি, গুৱাহাটী আৰু শ্বিলঙত INTCON আয়োজন কৰিবলৈ সক্ষম হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here