ওদালগুৰি জিলাৰ খৈৰাবাৰীত বিশেষ স্বাস্থ্য শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 25 August 2022

ওদালগুৰি জিলাৰ খৈৰাবাৰীত বিশেষ স্বাস্থ্য শিবিৰ

 

W7s news ষ্টাফৰিপোৰ্টাৰ:


ওদালগুৰি জিলা স্বাস্থ্য সমিতি আৰু খৈৰাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি খাগ্ৰাবাৰী জনতা হাইস্কুলত বৃহস্পতিবাৰে বিশেষ স্বাস্থ্য পৰীক্ষা  শিবিৰ অনুষ্ঠিত হয়। শিবিৰটো উদ্বোধন কৰে ওদালগুৰি জিলাৰ উপায়ুক্ত ড. চাদনেক সিঙে। 

 স্বাস্থ্য পৰীক্ষা শিবিৰটোত  কাণ নাকৰ ৰোগ বিশেষজ্ঞ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ, শিশু ৰোগ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ আদিৰ লগতে আয়ুৰ্বেদিক, হোমিওপেথিক সহিতে মুঠ ১০ গৰাকী ডাক্তৰে ৰোগী পৰীক্ষা কৰে। মেলাখনত প্ৰায় ৩ শতাধিক ৰোগীক পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ কৰা হয় তথা ভ্ৰাম্যমাণ চিকিৎসা কোষৰ জৰিয়তে বিনামূলীয়াকৈ লেবৰটাৰি সেৱা আগবঢ়োৱা হয়। মেলাখনৰ জৰিয়তে ৰাইজক বিভিন্ন ৰোগ সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰাৰ লগতে অটল অমৃত কাৰ্ড প্ৰদান, আয়ুষ্মান কাৰ্ড নৱীকৰণ আদি কৰা হয়। এই স্বাস্থ্য শিবিৰত  জিলা প্ৰতিষেধক বিষয়া ডা: গণেশ ব্ৰহ্ম, ডা.নৰেন্দ্ৰ বৰুৱা, ডা.উপমা বসুমতাৰী, ডা. মল্লিকা বৰ্মন, ডা. হিৰণ্য গয়াৰী,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰগ্ৰাম মেনেজাৰ বাছিল টপ্প,  জিলা মিডিয়া বিশেষজ্ঞ মধুস্মিতা বৈশ্য‌‌‌, ডিচিএম সঞ্জীৱ কুজুৰ, ৰাষ্ট্ৰীয় বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ওদালগুৰি জিলাৰ পৰামৰ্শদাতা নাজিয়া হাছান, খৈৰাবাৰী  খণ্ডৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ অৰ্চনা চহৰীয়াৰ লগতে কেইবাগৰাকীও কমিউনিটী স্বাস্থ্য বিষয়া, এএন এম, আশা কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। লগতে ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ কাৰ্যসূচী, ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মুলকৰণ কাৰ্যসূচী, ৰাষ্ট্ৰীয় বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী আদিৰ বিষয়া কৰ্মচাৰীও এই শিবিৰত অংশগ্ৰহণ কৰি এই ৰোগ সমূহ সন্দৰ্ভত সজাগতা সৃষ্টিৰ চেষ্টা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here