মেক্স চিমেণ্টৰ উদ্যোগ - "BUILDERS OF INDIA" শীৰ্ষক গ্ৰন্থ মুকলি ৰাজ্যপাল জগদীশ মুখীৰ; স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 9 August 2022

মেক্স চিমেণ্টৰ উদ্যোগ - "BUILDERS OF INDIA" শীৰ্ষক গ্ৰন্থ মুকলি ৰাজ্যপাল জগদীশ মুখীৰ; স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি

 


W7s news গুৱাহাটী: অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অলপতে মেক্স চিমেণ্টৰ দ্বাৰা প্ৰকাশিত 'BUILDERS OF INDIA' শীৰ্ষক কফি টেবুল বুক মুকলি কৰে। এই কফি টেবুল বুকত স্বাধীনতা আন্দোলনৰ ৭৫ জন অখ্যাত নায়কৰ ত্যাগ আৰু অৱদানৰ বিষয়ে সবিস্তাৰে উল্লেখ কৰা হৈছে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন আৰু স্মৰণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা উদ্যোগ "আজাদী কা অমৃত মহোৎসৱ"ৰ সৈতে সংগতি ৰাখি ৭৫তম ভাৰতীয় স্বাধীনতা দিৱস উদযাপনৰ ৭৫ দিন আগতে মেক্স চিমেণ্টে #buildersofindia অভিযান আৰম্ভ কৰিছিল। এই অভিযানটো বিশেষভাৱে স্বাধীনতা আন্দোলনৰ আমাৰ মহান তথা অখ্যাত নায়কসকলৰ অকথিত কাহিনীৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে সজোৱা হৈছিল, যাৰ ভিতৰত আছে উত্তৰ-পূব অঞ্চলৰ বহু কেইগৰাকী স্বাধীনতা সংগ্ৰামী। উল্লেখ্য, এই অভিযানটো বিশেষকৈ যুৱ সমাজৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছিল, কিয়নো তেওঁলোকেই আমাৰ মহান ৰাষ্ট্ৰৰ ভৱিষ্যত। নতুন প্ৰজন্মই বহুতো স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু অৱদানৰ বিষয়ে অজ্ঞাত আছিল কিয়নো তেওঁলোক আমাৰ ইতিহাসৰ বুকুত হেৰাই গৈছে। সেয়েহে, মেক্স চিমেণ্টে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি এই সেনানীসকলৰ বিষয়ে জ্ঞান প্ৰদান কৰাৰ বাবে এক মঞ্চ সৃষ্টি কৰে #buildersofindia অভিযান হিচাপে আৰু ইয়াক কিতাপ আকাৰে আকৰ্ষণীয়ভাৱে সংকলিত কৰা হৈছিল আৰু "BUILDERS OF INDIA" নামেৰে এখন কফি টেবুল বুকত সন্নিৱিষ্ট কৰে।

মেক্স চিমেণ্টে এনে #buildersofindia কাহিনীবোৰ পুনৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ সামাজিক মাধ্যমৰ পোষ্টত ৫ মিলিয়নতকৈও অধিক ভিউজ লাভ কৰিছে। দৰ্শকসকলক অধিক শিক্ষিত কৰাৰ বাবে স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে সাপ্তাহিক কুইজ প্ৰতিযোগিতাৰ সৈতে এটা অনলাইন এংগেজমেণ্ট অভিযানৰো আয়োজন কৰা হৈছিল। মেক্স চিমেণ্টে ভাৰতৰ এনে নায়কসকলৰ বিষয়ে কথা পাতিবলৈ ইনষ্টাগ্ৰাম প্লেটফৰ্মত উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় যুৱ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰসকলকো জড়িত কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত ব্যক্তিসকলেও এনে অখ্যাত নায়কসকলৰ ওপৰত টিভি আৰু ডিজিটেল প্লেটফৰ্মত তেওঁলোকৰ মতামত ব্যক্ত কৰিছে। মেক্স চিমেণ্টৰ এই নতুন পদক্ষেপৰ বিষয়ে বাতৰিটো আলজাজিৰা, অষ্ট্ৰেলিয়া মৰ্ণিং ট্ৰিবিউন, ব্ৰিটিছ কলম্বিয়া টাইমছ, ব্ৰিটিছ নিউজ নেটৱৰ্ক, জাপান টাইমছ টুডে, হোৱাইটহাউচ নিউজ টাইম আদিৰ দৰে আন্তৰ্জাতিক সংস্থাকে ধৰি ৭৫ টাতকৈও অধিক ই-মিডিয়া পৰ্টেলত প্ৰকাশিত হৈছে। এই বিশেষ কফি টেবুল বুকখনৰ উন্মোচন সন্দৰ্ভত মন্তব্য কৰি মেক্স চিমেণ্টৰ পৰিচালন সঞ্চালক বিনীত আগৰৱালে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ ব্ৰেণ্ড হিচাপে মেক্স চিমেণ্টে অনুভৱ কৰিছিল যে আমাৰ দেশৰ যুৱপ্ৰজন্ম, যিয়ে আমাৰ মহান ৰাষ্ট্ৰক আগুৱাই নিব পাৰিব, তেওঁলোকেও দেশৰ স্বাধীনতাৰ প্ৰতি আমাৰ স্বতন্ত্ৰ সেনানীসকলে কৰা ত্যাগৰ বিষয়ে জানিব লাগিব। আধুনিক ভাৰতত জন্মগ্ৰহণ কৰা বহুতো যুৱক-যুৱতীয়ে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যি অপৰিসীম সংগ্ৰাম আৰু ত্যাগৰ মাজেৰে পাৰ হ'ব লগা হৈছিল তাৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত নহ'ব পাৰে। আমাৰ বিল্ডাৰছ অৱ ইণ্ডিয়া অভিযানৰ সৈতে, মেক্স চিমেণ্টে এইক্ষেত্ৰত যুৱসমাজক সহায় কৰিবলৈ আগ্ৰহ দেখুৱাইছে এক নতুন ধৰণে। তেওঁলোকক স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ সৈতে পৰিচয় কৰাবলৈ পাই আৰু এনেদৰে তেওঁলোকৰ মাজত গৌৰৱৰ অনুভূতি ৰোপন কৰি তথা সংকল্পৰ এক অনবদ্য আলোকচিত্ৰ সৃষ্টি কৰি আমি নথৈ আনন্দিত। তেওঁ লগতে কয়, "আমি এই কিতাপখনৰ প্ৰতিলিপি চৰকাৰ আৰু শিক্ষানুষ্ঠানসমূহলৈ তেওঁলোকৰ পুথিভঁৰালৰ বাবে প্ৰেৰণ কৰাৰো পৰিকল্পনা কৰিছো।"উল্লেখ্য, অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মেক্স চিমেণ্টে গ্ৰহণ কৰা এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে আৰু লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন অখ্যাত নায়কক লৈ কফি-টেবল কিতাপখন মুকলি কৰাৰো প্ৰশংসা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here