অসম প্ৰকাশন পৰিষদ আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ "আজাদী কা অমৃত মহোৎসৱ" উপলক্ষে কবিতা, গীতৰ মনোজ্ঞ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 9 August 2022

অসম প্ৰকাশন পৰিষদ আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ "আজাদী কা অমৃত মহোৎসৱ" উপলক্ষে কবিতা, গীতৰ মনোজ্ঞ অনুষ্ঠান

 




W7s news গুৱাহাটী: দেশৰ পঁইসত্তৰ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰে আহ্বান কৰা আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মঙলবাৰে অসম প্ৰকাশন পৰিষদ আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত বিশ্ববিদ্যালয়ৰ চৌহদত 'স্বাধীনতাৰ অমৃত স্পন্দন' শীৰ্ষক দেশপ্ৰেমমূলক কবিতা আৰু গীতৰ এক মনোজ্ঞ কাৰ্যক্ৰম সম্পন্ন হয়৷ অসমৰ বিশিষ্ট কবিৰ দেশপ্ৰেমমূলক কবিতা পাঠ আৰু গীতৰ এই অনুষ্ঠান আৰম্ভ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা বিশিষ্ট অভিধানপ্ৰণেতা সুমন্ত চলিহাই৷ চলিহাই উদ্বোধনী ভাষণত কয় যে যোৱা ৭৫ টা বছৰত ভাৰতে যিমান প্ৰগতি লাভ কৰিছে সেয়া নিচেই উলাই কৰিবলগীয়া নহয় ৷সামৰিক দিশৰ লগে লগে ভাৰতে আৰ্থিক প্ৰগতি লাভ কৰিব লাগিব৷ভাৰতক উন্নত দেশৰ তালিকাভুক্ত কৰিবৰ কাৰণে প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰিব লাগিব আৰু এইক্ষেত্ৰত আমি  আশাবাদী৷ প্ৰগতিৰ কথাটো সদায়েই আপেক্ষিক যদিও  ভাৰতীয় উপমহাদেশৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থিতি যথেষ্ট সবল ৷ উন্নতিৰ ক্ষেত্ৰত অকল বস্তুগত দিশটোৱেই নহয়, আধ্যাত্মিক দিশটোতো গুৰুত্ব দিব লাগিব৷ আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি  প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীয়ে কয় যে এই অনুষ্ঠানৰ যোগেদি আমাৰ দেশৰ হকে আত্মোৎসৰ্গৰ পৰম্পৰা পাছৰ প্ৰজন্মলৈ কঢ়িয়াই নিয়াত সহায়ক হ'ব৷  স্বাধীনতা আন্দোলনৰ সময়তে অসমৰ সাহিত্য সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিসকলে দেশৰ লগতে অসমীয়াৰ নৱজাগৰণ আনিব পাৰিছিল৷ এতিয়া দেশপ্ৰেমৰ সংজ্ঞা সলনি হৈছে৷ স্বাধীনতাৰ এই অমৃত স্পন্দনে  আমাক সকলোকে নিজৰ নিজৰ কৰ্তব্য সুচাৰুৰূপে পালনৰ বাবে দায়বদ্ধ কৰি তোলাৰো এক অৱকাশ দিব বুলি আশা কৰিব পাৰি। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজিত অসমীয়া, বড়ো আৰু ইংৰাজী ভাষাত দেশপ্ৰেমমূলক কবিতা আৰু গীতৰ এই অনুষ্ঠান সঞ্চালনা কৰে সমালোচক, কবি তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰাণজিত বৰাই৷ আজিৰ এই অনুষ্ঠানত দেশপ্ৰেমমূলক কবিতা পাঠ কৰে বিশিষ্ট কবি নীলিম কুমাৰ,বিভাৰাণী তালুকদাৰ, ড° নম্ৰতা পাঠক, বিনীতা গয়াৰী, ছাৰ্জেন ৰাভা মেগো আৰু প্ৰিয়া শৰ্মাই৷ ড° শিল্পীসুধা গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠান আৰম্ভ হয় নিবেদিতা বৈশ্যৰ দেশপ্ৰেমমূলক সংগীত পৰিৱেশনেৰে৷ এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বন্দনা দত্ত, ড° সাগৰিকা মহন্ত, ড° নীতুষ্মিতা গোস্বামী আৰু ড° য়াহিয়া মজুমদাৰৰ লগতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে৷ এই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ডীন, বিশিষ্ট লেখক উৎপল দত্তই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here