ৰাজ্যৰ ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ
যাৰ ফলত ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱাৰিলে
আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০ টা শিক্ষকৰ পদ খালি হৈ আছে
অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি ৩৯,২৭৬ জন অপ্রশিক্ষিত শিক্ষক কৰ্মৰত হৈ আছে -এছ এফ আই
'
W7s news ষ্টাফৰিপোৰ্টাৰ:
হিমন্ত বিশ্ব শর্মা কেবিনেটে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে বিৰোধিতা কৰি পুনৰ বিবেচনা কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সোমবাৰে এছ এফ আই অসম ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত অসম ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে কয়- ৰাজ্যৰ শিক্ষাবিদ, শিক্ষক, ছাত্র ছাত্রী,অভিভাৱক,বিভিন্ন ছাত্র সংগঠন আদিৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ গ্ৰহণ কৰা এই হঠকাৰী আৰু স্বৈৰতান্ত্ৰিক সিদ্ধান্তসমূহ একান্তই ছাত্ৰ বিৰোধী আৰু ভবিষ্যতমুখী শিক্ষাৰ বাবে ক্ষতিকাৰক। সাম্প্ৰতিক অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা অত্যন্ত সংকটৰ মাজেৰে আগবাঢ়িব ধৰিছে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰিয়েই প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে আজিও ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ২৮,১৯০ টা শিক্ষকৰ পদ খালি হৈ আছে। অন্যহাতে অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি ৩৯,২৭৬ জন অপ্রশিক্ষিত শিক্ষক কৰ্মৰত হৈ আছে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ। যাৰ ফলত ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱাৰিলে। তেনেস্থলত চৰকাৰে খালি হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সলনি ৰাজ্যত শিক্ষাৰ মাধ্যম বা পাঠদানৰ ভাষা সলনি কৰাত গুৰুত্ব দিয়াটো এক হঠকাৰি সিদ্ধান্ত বুলি আমি বিবেচনা কৰো।' সংবাদ মেলত এছ এফ আইৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সংগীতা দাসে কয়-ৰাষ্ট্ৰসংঘৰ শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰৰ গৱেষণা অনুসৰি মাতৃভাষাৰ শিক্ষাই শিক্ষাৰ গুণগত মানৰ আৰু সামূহিক বিকাশৰ মূল ভিত্তি। সেয়েহে আজি বিশ্বৰ বিভিন্ন আগশাৰী দেশেও প্রাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক স্থানীয় তথা মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰি তুলিবৰ বাবে পুনৰ আগবাঢ়িছে। উচ্চশিক্ষাতহে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ মাধ্যম নিৰ্বাচন কৰাত বা দ্বৈত বা তাতোধিক ভাষাক শিক্ষাৰ মাধ্যম হিচাপেও স্বীকৃতি প্ৰদান কৰিছে। ইউনেস্কৰ মতেও প্রাথমিক বিদ্যালয়ত জ্ঞানৰ ব্যৱধান হ্রাস কৰিবলৈ আৰু শিক্ষা তথা বুজিব পৰা শক্তি বৃদ্ধি কৰিবলৈ মাতৃভাষা মাধ্যম অতি গুৰুত্বপূর্ণ। বিশ্বত আনুমানিক ৪০ শতাংশ জনসংখ্যাই তেওঁলোকে কোৱা বা বুজি পোৱা ভাষাত শিক্ষা লাভ কৰিব নোৱাৰে। ভয়ংকৰ হাৰত ভাষা হেৰাই যাব ধৰা প্ৰক্ৰিয়াই এফালেদি আকৌ ভাষিক বৈচিত্ৰ্যৰ প্ৰতি ক্ৰমান্বয়ে ভাবুকিৰ সৃষ্টি কৰিছে। যাৰ ফলত সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যও হেৰাই যায়। সেয়েহে আমি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দ্বিভাষিক মাধ্যমত পাঠদান আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক বিৰোধ কৰিছোঁ। দ্বৈত ভাষা শিক্ষাৰ মাধ্যমে ছাত্ৰ-ছাত্ৰীৰ মাজত অসমতা বৃদ্ধি কৰিব। আনকি এই সিদ্ধান্তক কাৰ্যকৰি কৰি তুলিবলৈ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত পর্যাপ্ত আন্তঃগাথঁনিৰো অভাৱ। প্ৰচলিত ব্যৱস্থাতেই, অসমৰ ৩০ শতাংশ ছাত্র ছাত্রীয়ে আধাতে মাধ্যমিক স্তৰত বিদ্যালয় এৰি যাব লগা হয়।
কেবিনেটৰ তৃতীয় সিদ্ধান্ত অনুসৰি সমাজ অধ্যয়নৰ পৰিৱৰ্তে ভূগোল আৰু ইতিহাস বিষয় বাধ্যতামূলক কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে ৰাজনীতি বিজ্ঞান,অর্থনীতিৰ নিচিনা বিষয়ক বাদ দিয়া হ'ব। অর্থাৎ মানৱ সম্পদ উন্নয়ন,আর্থ সামাজিক উন্নয়ন,ভাৰতৰ সংবিধান, সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা, মৌলিক অধিকাৰ শীৰ্ষক বিষয়বোৰ ছাত্র-ছাত্রীক পঢ়োৱা নহয়। ইয়াতে স্পষ্ট যে অসমৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীয়ে ভাৰতবৰ্ষৰ সংবিধান জনাটো বিচৰা নাই। যদি ছাত্ৰ-ছাত্ৰীক ৰাজনীতি বিজ্ঞানৰ ধাৰণা সম্পর্কে পঢ়িবলৈ দিয়া নহয়, তেওঁলোকৰ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি কোনো ধৰণৰ সজাগতা নাথাকিব । গণতান্ত্রিক অধিকাৰ, সংবিধান,দেশ শাসন প্রক্রিয়া, ন্যায় ব্যৱস্থা এই কথাবোৰ শিক্ষাৰ্থীৰ বাবে এক বৃহৎ সাঁথৰ হৈ ৰ'ব । চৰকাৰৰ এনেধৰণৰ নীতিয়ে দেশৰ গণতান্ত্রিক প্ৰমূল্যবোধৰ বাবে এক চিন্তাজনক দিশ উন্মুক্ত কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ শোচনীয় শৈক্ষিক ছবিখন উন্নত কৰাৰ বাবে নিৰ্দেশাৱলী আহিছে। সেয়েহে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষক নিযুক্তি দিয়া, ড্রপ আউটৰ সংখ্যা হ্ৰাস কৰা আৰু শৈক্ষিক মানদণ্ড উন্নত কৰা, ছাত্ৰ ছাত্ৰীসকলক গণতান্ত্রিক চেতনাসম্পন্ন মানৱ সম্পদ হিচাপে গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিব লাগিছিল। তেনেসময়ত চৰকাৰখনে স্বৈৰাচাৰিতাৰে কিছুমান কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। সেয়েহে আমি বিজ্ঞান আৰু গণিত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত পঢ়োৱাৰ বিৰোধিতা কৰিছে আৰু শিক্ষা বিভাগক সমাজ বিজ্ঞান আঁতৰ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী উত্থাপন কৰিছোঁ।' সংবাদ মেলত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি প্রতুল বৰ্মন উপস্থিত থাকে।
No comments:
Post a Comment