পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখাৰ দাবী অসম হাইস্কুল অৱসৰ প্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 1 August 2022

demo-image

পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখাৰ দাবী অসম হাইস্কুল অৱসৰ প্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ

Responsive Ads Here

 

IMG-20220802-WA0003



দাবী পূৰণ নহলে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা আন্দোলনত নামিব-অসম হাইস্কুল অৱসৰ প্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থাই





W7s news ষ্টাফৰিপোৰ্টাৰ : পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখাৰ দাবী অসম হাইস্কুল অৱসৰ প্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থাই। সংস্থাৰ উদ্যোগত গুৱাহাটী প্রেছ ক্লাৱত অনুষ্ঠিত এখন সং বাদ মেলত এই দাবী উত্থাপন কৰি সংস্থাৰ সভাপতি প্ৰবীণ শইকীয়াই কয়- ২০০৪ চনৰ পহিলা জানুৱাৰীৰ পূৰ্বেই  কৰ্মত যোগদান কৰি অৰ্থ মঞ্জুৰী পোৱা ২০১৩ চনত প্রাদেশিকত শিক্ষক কর্মচাৰী ক্ষেত্ৰত এন. পি. এছ ৰ পৰিবর্তে পুৰনি পেঞ্চন ব্যৱস্থা বাহাল ৰাখক। প্রাদেশিকৃত হাইস্কুল/ হাইমাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক কর্মচাৰীক তদর্থ মঞ্জুৰীপ্রাপ্তিৰ তাৰিখৰ পৰা চাকৰি অৰ্হতা কাল গণ্য কৰি মৃত্যু আৰু অবসৰকালীন গ্রেচুইটি আদায় দিয়ান ব্যবস্থা কৰক।এন.পি.এছ ভুক্ত প্রাদেশিকৃত অৱসৰ প্রাপ্ত শিক্ষক কর্মচাৰীক পুৰণি পেঞ্চন বাহাল নোহোৱা পঞ্চান্ত মহা গাঠনি শেষত মূল দৰমহার ৫০ শতাংশ ধন পেন্সন হিচাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰাৰ আমাৰ মূল দাবী চৰকাৰক উত্থাপন কৰিলোঁ।  ২০০৪ চনৰ পূৰ্বেই কৰ্মত যোগদান কৰি ২০১৩ চনত প্ৰাদেশিকৃত হৈ অৱসৰ গ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক কর্মচাৰী সকলক তদর্থ মঞ্জুৰী প্রাপ্তিৰ তাৰিখৰ পৰা চাকৰিব অৰ্হতাকাল গণ্য কৰি ১৯৬৯ চনৰ পেঞ্চন সেবা বিধিৰ অধীনত মাহিলি পেঞ্চন, গ্ৰেইচুটি পুৰণি পেজনন সুবিধা সমূহ আদায় দিয়াৰ ব্যবস্থা গ্রহণ কৰিবলৈ অসম হাইস্কুলব অবসৰ প্রাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থাই চৰকাৰক দাবী জনালোঁ। অনাথা ছেপ্তেম্বৰ মাহৰ পহিলা সপ্তাহৰ পৰা সংস্থাইআন্দোলন কার্যসূচী ঘোষনা কৰিবলৈ কর্মপৰিষদক দায়িত্ব দিয়ে।' সংবাদমেলত সংস্থাৰ মুখ্য উপদেষ্টা  গোলাপ চন্দ্র নাথ, উপদেষ্টা  আমজাদ আলি প্রধানী, কাৰ্যকৰী সভাপতি 

সভাপতি নৃপেন্দ্র নাথ শৰ্মা, উপ-সভানেত্রী  হিমাদ্ৰী বৰুৱা, যুটীয়া সম্পাদক হেমচন্দ্র বর্মন আৰু গুণকান্ত ডেকা প্রচাৰ সম্পাদক  বিপুল কলিতাকে ধৰি ৰাজ্যিক কম পৰিষদৰ বিষয়ববীয়া সদস্য সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *