W7s news গুৱাহাটী : এন পি এছ বাতিলকৰণ আৰু পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰাৰ দাবীৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আজি ৰাজ্যজুৰি কৰা কৰ্মবিৰতিত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই। বিভিন্ন জিলাত আজি শিক্ষক সকলে প্লেকাৰ্ড লৈ নিজৰ বিদ্যালয়সমুহত উপস্থিত থাকে যদিও শ্ৰেণী বৰ্জন কৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰে।...অতিৰিক্ত শিক্ষক সকলৰ লগতে ২০০৫ চনৰ পিছত নিযুক্তি লাভ কৰা সকলো শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেঞ্চন নীতি প্ৰবৰ্তন কৰি শিক্ষক কৰ্মচাৰীৰ পৰিয়ালবোৰলৈ নিৰাপত্তা প্ৰদান কৰিবলৈ ৰাজ্যচৰকাৰলৈ দাবী কৰিছে সন্থাটোৱে। এক প্ৰেছ বিজ্ঞপ্তিত সন্থাৰ সভাপতি মকিবৰ ৰহমান আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতা আৰু প্ৰচাৰ সম্পাহক মহীধৰ কলিতাই কয় যে ২০০৫ চনৰ পিছত নিযুক্তি লাভ কৰা শিক্ষক কৰ্মচাৰী সকলে ভবিষ্যতৰ নিৰাপত্তাহীনতাত ভূগিছে। বিদ্যালয় সমুহৰ প্ৰধান শিক্ষকৰ কাৰ্যলয়ত ইতিমধ্যে সমুহ শিক্ষক কৰ্মচাৰীৰ ফটো সহ সকলো তথ্য সন্নিবিষ্ট কৰাৰ ব্যবস্থা চলি থকাৰ পিছতে শেহতীয়াকৈ প্ৰতিটো শ্ৰেণীকোঠাতে ফটো সংলগ্ন কৰিব লাগিব বুলি শিক্ষাবিভাগে দিয়া নিৰ্দেশনা অযুক্তিকৰ আৰু পৰিৱেশ হানিকৰ। শিক্ষাবিভাগে শিক্ষক সকলক এইদৰে বেচিকৈ মানসিক চাপত ৰাখিলে শৈক্ষিক পৰিৱেশত বিৰূপ প্ৰভাব পৰাৰ সম্ভাবনা ব্যক্ত কৰে সাধাৰন সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই ।
No comments:
Post a Comment