৮ ছেপ্টেম্বৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম জয়ন্তী সমন্বয় দিৱস ৰূপে পালনৰ প্ৰস্তুতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 22 August 2022

৮ ছেপ্টেম্বৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম জয়ন্তী সমন্বয় দিৱস ৰূপে পালনৰ প্ৰস্তুতি



W7s news গুৱাহাটী : চলিত বছৰৰ ৮ ছেপ্টেম্বৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম জয়ন্তী সমন্বয় দিৱস ৰূপে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটীয়া উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রী শ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ আয়োজন কৰা হৈছে। ভাৰতৰত্ন সুধাকণ্ঠৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৭ ছেপ্টেম্বৰত ড০ বাণীকান্ত কাকতি প্রেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা ৰাজ্যিক ভিত্তিত আন্তঃবিশ্ববিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ত ভূপেন্দ্ৰ সংগীত প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শিক্ষানুষ্ঠানৰ চলিত বৰ্ষৰ বিশ্ব বিদ্যালয়, মহাবিদ্যালয় সপ্তাহৰ শ্রেষ্ঠ সংগীত শিল্পী গৰাকীয়ে অংশ গ্রহণ কৰিব পাৰিব। প্রতিযোগিতাৰ বঁটা সমূহ ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত শ্রী শ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত প্ৰদান কৰা হ'ব । পঞ্জীয়নৰ শেষ তাৰিখ ঃ ২৫ আগষ্ট। প্ৰথম পুৰষ্কাৰ : ২৫,০০০ টকা, বঁটা আৰু মানপত্ৰ দ্বিতীয় পুৰষ্কাৰ : ১৫,০০০ টকা, বঁটা আৰু মানপত্ৰ, তৃতীয় পুৰষ্কাৰ : ১০,০০০ টকা, বঁটা আৰু মানপত্ৰ, লগতে বিচাৰকৰ বিশেষ বঁটাও প্ৰদান কৰা হ'ব।

এই বিষয়ে সবিশেষ জানিবলৈ  : ৭৫৭৫৯৪৪৬০৬ অথবা ৯৪৩৫১১০৯৪৫ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here