চুবুৰীয়া মেঘালয়ৰ নংপোৰ মাৰাংগাৰত চলি আছে এমহীয়া ভাদ মাহৰ নাম : উলহ - মালহৰে উদযাপন জন্মাষ্টমী উৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 22 August 2022

চুবুৰীয়া মেঘালয়ৰ নংপোৰ মাৰাংগাৰত চলি আছে এমহীয়া ভাদ মাহৰ নাম : উলহ - মালহৰে উদযাপন জন্মাষ্টমী উৎসৱ

 



W7s news মেঘালয় : অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অবিহনে অসম আৰু অসমীয়াৰ পৰিচয় সদায় আধৰুৱা হৈ ৰব ।  তাহানিতে এই মন্তব্য কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা , ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি বহু মহান নমস্য ব্যক্তিয়ে । আনহাতে ভাদ মাহত মহাপুৰুষ  দুজনা ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাব তথা মহাপ্ৰয়াণ হোৱা বাবে অসমৰ জনজীৱনত ভাদ মাহক পৱিত্ৰ জ্ঞান কৰি অহা হৈছে । যাৰ বাবে অসমৰ সকলো সত্ৰ , নামঘৰ সমূহত ভাদ মাহ আৰম্ভ হোৱাৰ দিনাৰ পৰাই মহাপুৰুষ দুজনাক স্মৰণ কৰি  দৈনিক নাম - প্ৰসংগ পৰিবেশন কৰা হয় । যাৰ বাবে ভাদ মাহ হৈ পৰিছে অসমৰ জনজীৱনৰ এক গুৰুত্বপূৰ্ণ মাহ । এই নাম - প্ৰসংগৰ সামৰণি পৰে ভাদ মাহৰ শেষৰ দিনটোত । বেছিভাগ সত্ৰ বা নামঘৰত পুৰুষ - মহিলাই একেলগে বা সুকীয়াকৈ নাম প্ৰসংগ


পৰিৱেশন কৰি আহিছে । এক কথাত কবলৈ গলে ভাদ মাহটোত হৰি নামেৰে মুখৰিত হৈ থাকে সত্ৰ আৰু নামঘৰ সমূহ । ইফালে অসমৰ জনজীৱনৰ অভিন্ন অংগ স্বৰূপ ভাদ মাহটোক লৈ ব্যস্ত থাকে অসমৰ বাহিৰত থকা অসমীয়া লোকসকলো । আনকি ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ চুবুৰীয়া মেঘালয়ৰ ৰিভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা প্ৰায় ৭ কিঃমিঃ ভিতৰত মাৰাংগাৰ নামৰ জনজাতি প্ৰধান অঞ্চলটোত আছে কেবাখনো গাঁও । পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই । অবিভক্ত অসমত থকাৰ সময়তে তেওঁলোকে তাত স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ হাইস্কুল। তাৰ ওচৰতে আছে শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ । নামঘৰটোক  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম শাখা "পৰমানন্দ প্ৰাথমিক শাখা মাৰাংগাৰ নামঘৰ" নামে তাত পৰিচিত । নামঘৰৰ সভাপতি জয়মালা বি বিনং আৰু সম্পাদক যুগেশ মাৰৱেটে জানিবলৈ দিয়া মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অবিহনে অসমীয়াৰ অস্তিত্বৰ কথা কল্পনাই কৰিব নোৱাৰি । আনহাতে তেওঁলোকৰ পিতৃ পুৰুষৰ দিনাৰে পৰা নামঘৰত ভাদ মাহত পুৰুষ - মহিলা সকলে এমহীয়া নাম - প্ৰসংগত ভাগ লৈ আহিছে । বিগত দুটা বর্ষত কভিডৰ বাবে মেঘালয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি অতি সীমিত পৰিসৰত অনুষ্ঠিত কৰা হৈছিল । কিন্তু এইবেলি কভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই নাম প্ৰসংগ আৰম্ভ হৈছে । যত  পুৰুষ মহিলা নিৰ্বিশেষে অঞ্চলটোৰ  গাঁৱৰ ৰাইজে ভাগ লৈছে । ইয়াৰ মাজতে ১৯ আগষ্টত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ দিনযোৰা কাৰ্যসূচীৰে  উলহ মালহৰে উদযাপন কৰা হয় । সিদিনা দিনত মহিলা সকলে আৰু নিশা পুৰুষৰ সকলে নাম প্ৰসংগ পৰিবেশন কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here