গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্র দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 19 August 2022

গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্র দিৱস পালন

 



জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক অসম ফটো সাংবাদিক সন্থাৰ 'ফটো সাংবাদিকতা বঁটা' প্ৰদান



ছবিয়ে ইতিহাস ধৰি ৰাখে-ড০ ৰীতা চৌধুৰী




W7s news ষ্টাফৰিপোৰ্টাৰ :  সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো শুকুৰবাৰে বিশ্ব আলোকচিত্র দিৱস পালন কৰা হয়। । গুৱাহাটী প্ৰেছ ক্লাবত  প্ৰতিবছৰৰ দৰে এইবাৰো অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত ‘বিশ্ব আলোকচিত্র দিবস' পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্জলন কৰে অসম আৰক্ষীৰ সঞ্চালক প্রধান  ভাস্কৰজ্যোতি মহন্তই (আই পি এছ)। ভাষণ  প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্রধান  ভাস্কৰজ্যোতি মহন্তই কয়- বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰথমে সকলোকে  শুভেচ্ছা জনালোঁ।  এই ক্ষেত্ৰখনত বহুত প্ৰত্যাহবান আছে যদিও নৱপ্ৰজন্ম ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হোৱাটো শুভলক্ষণ। আলোকচিত্ৰ শিল্পী সকল সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি।প্ৰকৃতিৰ মাজৰ পৰা মণি মুকুতা সংগ্ৰহ কৰি আনি সৃষ্টিশীলতাৰ পৰিচয় দিয়া আলোকচিত্ৰ শিল্পী সকলক শুভেচ্ছা জনালোঁ। লগতে ফটো সাংবাদিকতা বঁটা প্ৰাপক এছ লাল সিঙক  শুভেচ্ছা জনালোঁ।' সভাত

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে কয়- ছবিয়ে ইতিহাস ধৰি ৰাখে। ছবিয়ে জীৱনৰ মুহূৰ্তবোৰ অংকন কৰে।ছবিয়ে সভ্যতাৰ ইতিহাস সংৰক্ষণ কৰে। মানুহৰ জীৱনৰ সকলো সৌন্দৰ্য, প্ৰকৃতিৰ যন্ত্ৰণা, এচটা শীলৰ ৰূপ , মানুহৰ জীৱনৰ বিভিন্ন যন্ত্ৰণা তুলি ধৰিব পাৰে আলোকচিত্ৰ শিল্পী সকলে। ফটো সাংবাদিক সকলে ইতিহাসক ক্ষুদ্ৰতাৰ পৰা বিশালতাৰ ৰূপত ধৰি ৰাখিব পাৰে। এখন ফটোৱে এজন লোকৰ জীৱনৰ কাহিনী ক'ব পাৰে। সৃষ্টিশীল মানুহৰ জীৱনৰ ধাৰণা সূকীয়া। ভোগবাদী মানুহৰ সৈতে এই সন্তুতি তুলনা নহয়। এই ফটো সাংবাদিক সকলে একোটা ইতিহাসৰ স্ৰষ্টা হ'বলৈ গৈ আছে। পোহৰৰ পৃথিৱীৰ লগত সংযোগ থকা সকলক আজিৰ দিনটোত শুভেচ্ছা জনালোঁ।' 

 সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট ফটো সাংবাদিক তপন দাসে কয় -

ফটোগ্ৰাফী দু:সাহসিক কাম। ফটোগ্ৰাফী ইমান সহজতে আবিষ্কাৰ হোৱা নাছিল। ফটোগ্ৰাফী এটা কলা এই কলাক সকলোৱে সহজভাৱে লব নোৱাৰে। ইয়াৰ বাবে অধ্যয়ণ, অনুশীলনৰ প্ৰয়োজন। সকলোকে বিশ্ব আলোকচিত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ।' সভাত জ্যেষ্ঠ সাংবাদিক অচুৎ পাটোৱাৰীয়ে কয়- ফটোৱে সদায় মানুহৰ কথা কৈ থাকক। আলোকচিত্ৰ শিল্পী সকল সংবেদনশীল,শক্তিশালী 

হ'ব লাগে। যি সকল ফটো সাংবাদিকে ইতিমধ্যে প্ৰাণ হেৰুৱালে তেওঁলোকৰ প্ৰতি শ্রদ্ধা জনালোঁ লগতে বঁটা প্ৰাপকক শুভেচ্ছা জনালোঁ।' তেওঁ লগতে এটা গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। সভাত 

গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি,জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথে কয়-ফটো সাংবাদিক সকলে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সু-নাম অর্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে এতিয়াও  প্ৰাপ্য স্বীকৃতি লাভ কৰিছে বুলি ক'ব নোৱাৰি। আজিৰ দিনটোত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগক অনুৰোধ জনালোঁ যাতে ৰাজ্যৰ ফটো সাংবাদিক সকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে বীমাৰ ব্যৱস্থা কৰে। সভাত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকনে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে ‘অসমীয়া খবৰ' কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙক সন্থাৰ তৰফৰ পৰা ফটো সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এথোপা ফুল আৰু নগদ ১০ হাজাৰ টকা। বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ ফটো সাংবাদিক এছ লাল সিঙে সন্থাক কৃতজ্ঞতা জ্ঞাপন কৰে।

অসম ফটো সাংবাদিক সন্থাৰ 

সভাপতি,জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সন্থাৰ সাধাৰণ সম্পাদক ৰেৱ কুমাৰ বৰাই আদৰণি ভাষণ দিয়ে। সভাখন আঁত ধৰে জ্যেষ্ঠ ফটো সাংবাদিক অনুপম নাথে। সভাত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়,  সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, সমাজকৰ্মী ৰাজীৱ দাস, অনিল পাৰিকৰ লগতে অসম ফটো সাংবাদিক সন্থাৰ সকলো সদস্য উপস্থিত থাকে। এই কাৰ্যসূচীত মাৰোৱাৰী সন্মিলন আৰু লায়ঞ্চ ক্লাব অৱ গ্ৰেটাৰ গুৱাহাটীয়ে বিশেষ সহযোগিতা আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here