লাউচ আৰু থাইলেণ্ডত সাংস্কৃতিক বিনিময় অনুষ্ঠানত জীনা ৰাজকুমাৰী আৰু ড০ দয়ানন্দ বৰগোহাঁইৰ অংশগ্রহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 10 August 2022

লাউচ আৰু থাইলেণ্ডত সাংস্কৃতিক বিনিময় অনুষ্ঠানত জীনা ৰাজকুমাৰী আৰু ড০ দয়ানন্দ বৰগোহাঁইৰ অংশগ্রহণ




W7s News ষ্টাফৰিপোৰ্টাৰ: দক্ষিণ-পূৱ এছিয়াৰ সাংস্কৃতিক সমন্বয়ৰ বাৱে চেষ্টা কৰি অহা শিল্পী জীনা ৰাজকুমাৰীয়ে লাউচত ২ ৰ পৰা ৪ আগষ্টলৈ আৰু থাইলেণ্ডৰ মহাচা বাখাম বিশ্ববিদ্যালয়ত ৫ৰ পৰা ৭ আগষ্টলৈ এলানি সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই দুই অনুষ্ঠানলৈ বিশিষ্ট অতিথিৰূপে নিমন্ত্রণ লাভ কৰা বিশিষ্ট শিক্ষাবিদ তথা স্বৰ্গদেউ চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উপসভাপতি ড০ দয়ানন্দ বৰগোহাঁইয়ে দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ সাদৃশ্যৰ বিষয়ে আলোকপাত কৰি বক্তৃতা আগবঢ়ায়। জীনা ৰাজুকুমাৰীৰ লগতে তেওঁৰ ছাত্রী ক্ৰমে ৰাজনন্দীনি বৰকাকতি, প্ৰাৰ্থনা কোৱঁৰ, অনুস্মীতা মহন্ত, অঞ্চিতা মহন্ত, দীক্ষা প্রিয়দর্শনীয়ে লাউচ আৰু থাইলেণ্ডৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। দলটোৱে থাইলেণ্ডৰ আৰু লাউচৰ লোকনৃত্য শিকাৰ লগতে থাইলেণ্ডৰ ছাত্ৰ-ছাত্ৰী সকলক বিহু নাচৰ চমু আভাষ দিয়াৰ চেষ্টা কৰে। উল্লেখ্য, সদ্য সমাপ্ত নর্থইষ্ট ইণ্ডিয়া ফেষ্টিভেলত পৰিবেশন কৰা অনুষ্ঠান বিশেষ ভাবে প্রশংসিত হৈছে। আন্তজার্তিক পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰা জীনা ৰাজকুমাৰীয়ে পুনৰ অক্টোবৰ মাহত লণ্ডনত অনুষ্ঠান পৰিবেশন কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here