১৩ আগষ্টত বিশ্ব অংগদান দিৱস - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 10 August 2022

demo-image

১৩ আগষ্টত বিশ্ব অংগদান দিৱস

Responsive Ads Here

 


গুৱাহাটী এইমছ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ যৌথ উদ্যোগত ৰঙিয়াত মৰণোত্তৰ অংগদান-দেহদানৰ সজাগতা সভাৰ আয়োজন


W7s news গুৱাহাটী: 

চিকিৎসা বিজ্ঞানৰ চমকপ্ৰদ সাফল্যৰ যুগত অংগদান আৰু অংগ সংৰোপনৰ জৰিয়তে মুমূৰ্ষু ৰোগীক নতুন জীৱন দান তথা জনসাধাৰণৰ মাজত  মানৱতাবাদৰ স্পৃহা জাগ্ৰত কৰাৰ বাবে প্ৰতিবছৰে ১৩ আগষ্টত দেশে দেশে 'বিশ্ব অংগদান দিৱস' উদযাপন কৰা হয়। বিশ্ব অংগদান দিৱস উপলক্ষে গুৱাহাটীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ এনাটমী বিভাগ আৰু সমাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰত ব্ৰতী স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ যৌথ উদ্যোগত কামৰূপ জিলাৰ ৰঙিয়া চহৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ১৩ আগষ্টৰ দিনৰ ১১ বজাত কামৰূপ জিলাৰ ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত এই সভা অনুষ্ঠিত হ'ব। ইতিমধ্যে বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ সভাপতি মিৰাজুল ইছলাম, সম্পাদক নয়নজ্যোতি কলিতা সহ মঞ্চৰ স্থানীয় কৰ্মকৰ্তাসকলে অনুষ্ঠান সফল কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। স্বেচ্ছামূলক মৰণোত্তৰ অংগদান আৰু দেহদান সন্দৰ্ভত সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ লগতে বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ, আর্তজনক জীৱনদান, চিকিৎসা বিজ্ঞানৰ গৱেষণা তথা উত্তৰোত্তৰ  উন্নয়ন আৰু মানৱ-কল্যাণৰ হকে মৰণোত্তৰ অংগদান-দেহদানৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিয়েই হ'ল সভাৰ মূল উদ্দেশ্য। মৰণোত্তৰ অংগদান আৰু দেহদানৰ গুৰুত্ব সম্পৰ্কে আয়োজিত এই সভাত 

গুৱাহাটী এইমছৰ এনাটমী বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ ৰুণমণি ডেকা, অতিৰিক্ত অধ্যাপক ডাঃ মুৰুলীধৰ ৰেড্ডী সংগম, সহকাৰী অধ্যাপক ক্ৰমে ডাঃ প্ৰবীণ কে আৰু ডাঃ ৰাজু ৰামেশ্বৰ বোকানৰ উপৰি ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত সহ কেইবাগৰাকীও বিষয়ববীয়া সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব।সজাগতা সভাখনত উপস্থিত থাকি ইয়াক সফল কৰাৰ বাবে সকলো মানৱহিতৈষী আৰু বিজ্ঞানমনস্ক লোকৰ প্ৰতি এইমছৰ এনাটমী বিভাগ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ পক্ষৰ পৰা আহ্বান জনোৱা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *