২৯ জুলাইৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে থাইলেণ্ডৰ বেংকত অনুষ্ঠিত হ'ব দ্বিতীয় নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 July 2022

২৯ জুলাইৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে থাইলেণ্ডৰ বেংকত অনুষ্ঠিত হ'ব দ্বিতীয় নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল

 




W7s news ষ্টাফৰিপোৰ্টাৰ: উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ পৰ্যটন-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ উদ্দেশ্যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰা হৈছে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই সম্পৰ্কে জনালে ফেষ্টিভেলৰ  মুখ্য আয়োজক শ‍্যামকানু মহন্তই কয়-অগন্তক ২৯,৩০ আৰু ৩১  জুলাইত থাইলেণ্ডৰ বেংকত অনুষ্ঠিত হ'ব দ্বিতীয় নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। অনুষ্ঠানটোত উপস্থিত থাকিব উত্তৰ-পূবৰ বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্ৰী, কেবিনেট মন্ত্রী, উচ্চপদস্থ চৰকাৰী বিষয়া, উদ্যোগী, টাই জনগোষ্ঠীৰ প্ৰতিনিধি তথা বহু কেইটা সাংস্কৃতিক দলৰ। বিশেষকৈ অসমৰ চাহক এই ফেষ্টিভেলত প্ৰতিষ্ঠা কৰা হ'ব।টাই সংস্কৃতিৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰিব হ'ব এই অনুষ্ঠানত। অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইনৰ নেতৃত্বত এটা ৩০ জনীয়া টাই খামটি দল যাব থাইলেণ্ডলৈ।৩০ জনীয়া থলুৱা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যমীৰ এটা দলে অসমৰ চাহ, নাগালেণ্ডৰ কফি, কৃষি, ৰবাৰ, হস্তশিল্প আদি এই ফেষ্টিভেলত প্ৰদৰ্শন কৰিব।জুবিন গাৰ্গ, জীনা ৰাজকুমাৰীয়ে সংস্কৃতিক  অনুষ্ঠান পৰিৱেশ কৰিব। লগতে অভিনেত্ৰী নিশিতা গোস্বামী, প্ৰীতি কংকনায়ো অংশ ল'ব অনুষ্ঠানত।' সংবাদ মেলত অভিনেত্ৰী নিশিতা গোস্বামী, জনপ্ৰিয় কন্ঠশিল্পী জিনা ৰাজকুমাৰীৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকি এই মহোৎসৱৰ সফলতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here