সুস্থ হৈ উঠিছে জুবিন গাৰ্গ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 July 2022

সুস্থ হৈ উঠিছে জুবিন গাৰ্গ

 



W7s news গুৱাহাটী: শনিবাৰে পুৱা ১১ বাজি ৩০ মিনিটত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আয়ুৰসুন্দ্ৰা হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। শনিবাৰে পুৱা চিকিৎসক সকলে জুবিনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত তেওঁৰ ৰক্তচাপকে আদি কৰি সকলো ‘Parameter' সন্তোষজনক অৱস্থাত পোৱাৰ পিছত তেখেতক ঘৰলৈ যাবলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেইদিনমান পাছত তেওঁৰ মূৰৰ চিলাইকেইটা কাটিবৰ বাবে অলপ সময়ৰ বাবে হাস্পতাললৈ আহিব লাগিব।উল্লেখ্যে, ডিব্ৰুগড়ৰ এখন হোটেলত যোৱা ১৯ জুলাই নিশা স্নানাগাৰত পিছলি পৰি তেওঁ মূৰত আঘাত পাইছিল। ২০ জুলাইত তেওঁক চৰকাৰৰ তত্বাৱধানত 'এয়াৰ এম্বুলেন্সৰ সহায়ত গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয় আৰু পৰিয়ালৰ ইচ্ছা অনুসৰি আয়ুৰসুন্দ্ৰা চুপাৰস্পেচিয়েলিটি হাস্পতালত ভৰ্ত্তি কৰা হৈছিল।'মুৰৰ আঘাত’ক প্রাথমিক কাৰণ হিচাপে ভৰ্ত্তি কৰা জুবিন গাৰ্গক হাস্পতালত ভৰ্ত্তি কৰাৰ পাছত আন কিছু আনুসাংগিক কাৰকো ধৰা পৰে। চিকিৎসকে তেওঁক হাস্পতালৰ পৰা ছুটি দিয়াৰ সময়ত প্রয়োজনীয় ঔষধৰ লগতে সময়মতে সুষম আহাৰ গ্ৰহণ কৰাৰো পৰামর্শ দিয়ে। লগতে প্রতিদিনে প্রয়োজন হোৱা টোপনীৰ বাবেও তেওঁৰ ব্যস্ত সময়সূচীৰ লগত খাপ খুৱাই শুৱাৰ সময় ওলাই লবলৈ পৰামৰ্শ দিয়ে।



হাস্পতালত থকা সময়ত তেওঁক স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ দ্বিপজ্যোতি পায়েং, স্নায়ুশল্য বিশেষজ্ঞ ডাঃ সিমৰণজিৎ সিং, হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্ত, মেডিচিন বিশেষজ্ঞ ডাঃ পার্থ প্রতিম কলিতা, গেষ্ট্রো বিশেষজ্ঞ ডাঃ মায়ং আগৰৱালা, ক্রিতিকেল কেয়াৰ বিশেষজ্ঞ ডাঃ বন্দনা সিনহা আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ সুজতা বৰকটকীৰ দ্বাৰা গঠিত এটা দলে তেওঁৰ চিকিৎসা আগবঢ়াইছিল। প্ৰতিটো মূহুৰ্ত্তত আমাক পৰামৰ্শ দি সহায় কৰা বাবে স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত , প্ৰশাসনৰ আইন বিষয়ববীয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকবৃন্দ, অসম আৰক্ষী আৰু সংবাদকর্মী সকলক হাস্পতালৰ তৰফৰ পৰা ধন্যবাদ জনায়।হাস্পতাল কৰ্তৃপক্ষই জুবিন গাৰ্গৰ সু-স্বাস্থ্য কামনা কৰে। জুবিন গাৰ্গে সামাজিক মাধ্যম যোগে শনিবাৰে নিশা সুস্থ হৈ উঠিছো পুনৰ কাম আৰম্ভ কৰিম বুলি পোষ্ট দিয়াত অনুৰাগী সকল উফুল্ল হৈ উঠিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here