১১‌ জুলাই অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 July 2022

১১‌ জুলাই অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ সভা

 


  


W7s news গুৱাহাটী:  ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ ২০২২-২০২৫ বৰ্ষৰ বাবে  নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন সভা সোমবাৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব। এই সভাত সভাপতিত্ব কৰিব পৰিষদৰ ৰাজ্যিক সভাপতি মৃণালিনী দেৱীয়ে ।  উক্ত সভাত ইতিমধ্যে এই বছৰৰে যোৱা মে মাহত হৈ যোৱা ন-পুৰণি যুটীয়া কাৰ্যনিৰ্বাহক সভাত গৃহীত আগন্তুক তিনি বছৰৰ বিভিন্ন বিদ্যায়তনিক, সৃজনীমূলক,সাংগঠনিক আচনি ৰূপায়ণ আৰু পুথি প্ৰকাশ সম্পৰ্কীয় বিষয়ত আলোচনা হ'ব। উল্লেখ্য, যোৱা এপ্ৰিল মাহৰ ২আৰু ৩ তাৰিখত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা পৰিষদৰ পঞ্চম ত্ৰি-বাৰ্ষিক অধিৱেশনত ধীৰেন শৰ্মাক মুখ্য উপদেষ্টা, মৃণালিনী দেৱীক সভাপতি, দেৱেশ্বৰ কলিতাক কাৰ্য্যকৰী সভাপতি, ভগৱান ডেকা,ডঃ দিলীপ শৰ্মা,ধনীৰাম বৰুৱা, ৰাজা চক্ৰৱৰ্তী, নন্দদুলাল চৌধুৰীক উপ সভাপতি, ডঃ প্ৰণতি তালুকদাৰ মুদিয়াৰক সচিব প্ৰধান ,গোবিন্দ ডেকাক কোষাধ্যক্ষ হিচাপে লৈ ৫৩ জনীয়া কাৰ্য্যনিৰ্বাহক সমিতি এখন গঠন কৰা হৈছে লগতে ডঃ দেবেন চন্দ্ৰ দাস , ডঃ দীপক কুমাৰ শৰ্মা  ,ডঃ দয়ানন্দ পাঠক  , ভৱানী প্ৰসাদ অধিকাৰী  , কাপুৰছান্দ  জৈন আৰু জয় প্ৰকাশ গোৱেঙ্কাক উপদেষ্টাৰূপে লোৱা হৈছে। পৰিষদৰ নব নিৰ্বাচিত সচিব প্ৰধানে উপদেষ্টা প্ৰমুখ্য কৰি কাৰ্য্য নিৰ্বাহক সমিতিৰ সকলো বিষয়ববীয়া আৰু সদস্যবৃন্দক উক্ত কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠকত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here