গুৱাহাটী মহানগৰীৰ ৰাজপথত পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত যান বাহন আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে ডি টি অ প্ৰৱৰ্তক শাখাৰ অভিযান ; তিনিদিনত ৮১ টা গোচৰ ; ১৯ জন সুৰাপায়ী চালকক আটক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 July 2022

গুৱাহাটী মহানগৰীৰ ৰাজপথত পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত যান বাহন আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে ডি টি অ প্ৰৱৰ্তক শাখাৰ অভিযান ; তিনিদিনত ৮১ টা গোচৰ ; ১৯ জন সুৰাপায়ী চালকক আটক

 



W7s News গুৱাহাটী  : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত দুৰ্ঘটনাৰ সংখ্যা নূন্যতম কৰি কেনেকৈ অসমক দুৰ্ঘটনা মুক্ত ৰাজ্যলৈ পৰিণত কৰিব পাৰি তাৰ বাবে হাতে কামে নামি পৰিবলৈ পৰিবহণ বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিছে । আনহাতে সেই নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা দিশটোত কোনো ধৰণৰ আপোচ নকৰিবলৈ ৰাজ্যৰ সকলো জিলা পৰিবহণ বিষয়াক  ( ডি টি অ ) নিৰ্দেশ দিছে । আনহাতে  মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসম আৰু বিভাগীয় মন্ত্ৰীৰ পথ সুৰক্ষা দিশটোত আপোচ নকৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা ডি টি অৰ  ( প্ৰৱৰ্তক ) নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক আৰু প্ৰৱৰ্তক চেকাৰ সকলে নিশাৰ ভাগত গুৱাহাটী মহানগৰীত যান বাহন ভংগ কৰি ৰাজপথত বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে  মহানগৰ আৰক্ষীৰ সহযোগত ধাৰাবাহিক অভিযান চলাই আছে । বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি ২৮ , ২৯ আৰু ৩০ জুলাইত অৰ্থাৎ তিনিটা নিশাত গুৱাহাটীৰ বিভিন্ন ৰাজপথ , উৰণীয়া সেঁতুৰ তলত  ডি টি অৰ  ( প্ৰৱৰ্তক ) নেতৃত্বত অভিযানকাৰী দলটোৱে সুৰাপান কৰি বাহন চলোৱা , মবাইল ফোনত কথা পাতি বাহন চলোৱা , চাৰিচকীয়া বাহনৰ চালক - আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা , দুচকীয়া বাহনৰ চালক বা আৰোহীয়ে হেলমেট পৰিধান নকৰা , বিভাগীয় নিৰ্দেশনা উলংঘা কৰি অধিক গতিবেগত বাহন চলোৱা , চলন্ত অৱস্থাত চিটিবাছৰ   দুৱাৰ খোলা ৰখা , যাত্ৰীক অভদ্ৰ আচৰণ কৰা , সক্ষমতা বা ফিটনেছৰ প্ৰমাণ পত্ৰ নথকাকে ধৰি  মুঠ ৮১ টা আইন উলংঘনৰ  ঘটনা ধৰা পেলায় আৰু মটৰ পৰিবহণ আইনৰ অধীনত গোচৰ ৰজু কৰে । ইয়াৰ ভিতৰত নিৰ্ধাৰিত পৰিমাণতকৈ অধিক মাত্ৰাত সুৰাপান কৰা ১৯ জন চালকক আটক কৰা হয় । বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটীৰ ৰাজপথত সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰায় ৭০ শতাংশ চালকে অধিক গতিবেগত চলোৱাৰ বাবে হোৱা বুলি নিশ্চিত তথ্য পোৱা গৈছে । যাৰ বাবে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি  ডি টি অ সকলক যান বাহন আইন উলংঘা কৰি ৰাজপথত বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে । উল্লেখযোগ্য যে বিগত সময়চোৱাত অভিযানকাৰী দলটোৱে গুৱাহাটীত ৩১ খন চিটিবাছ জব্দ কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here