বিশিষ্ট কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ বিয়োগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 July 2022

বিশিষ্ট কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ বিয়োগ

 





 অসমীয়া কেইবাটাও কালজয়ী গীতত কন্ঠ দিছিল নিৰ্মলা

মিশ্ৰই



W7s news নিউজ ডেস্ক : বংগৰ প্ৰখ্যাত কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ শনিবাৰে নিশা ১২.৫ বজাত মৃত্যু হয়। হৃদজনিত ৰোগত মৃত্যু হোৱা নিৰ্মলা মিশ্রৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল যদিও বিগত তিনি চাৰিদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আৰু শনিবাৰে শ্বাস প্ৰস্বাস লোৱাত কষ্ট অনুভৱ কৰে। ২০১৫ চনত চেৰিব্ৰেল এটেক হোৱাৰ শিল্পীগৰাকীৰ এটা অংশ পক্ষাঘাত হয়। তেতিয়াৰ পৰাই শৰ্যাগত হৈ পৰে শিল্পীগৰাকী। ২০১৮ ৰ পৰা ২০২২ চনলৈ তেওঁক কেইবাবাৰো হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

দক্ষিণ কলকাতাৰ চেতলা নিবাসী নিৰ্মলা মিশ্রক নিকটৱৰ্তী নাচিং হোমলৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে তেওঁৰ তিনিবাৰ স্ট্ৰোক আৰু দুবাৰ হাৰ্ট এটেক হৈছিল। ১৯৩৮ চনত পশ্চিমবংগৰ দক্ষিণ চব্বিশ পৰগনা জিলাৰ মজিলপুৰত জন্মগ্ৰহণ কৰা  নিৰ্মলা মিশ্ৰৰ পিতৃৰ নাম পণ্ডিত মোহিনীমোহন মিশ্ৰ আৰু মাতৃৰ নাম ভবানী দেৱী। পিতৃৰ চাকৰি সূত্ৰে তেওঁলোকে কলকাতাত থাকিবলৈ লয়। এক সাংগীতিক পৰিবেশৰ মাজত তেওঁ ডাঙৰ দীঘল হয়। তেওঁৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ মুৰাৰী মোহন মিশ্ৰ দুয়ো বিখ্যাত শিল্পী আছিল।গীতিকাৰ, গায়ক প্ৰদীপ সেনগুপ্তৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা নিৰ্মলা মিশ্ৰৰ সন্তান হৈছে শুভজিৎ দাসগুপ্ত। মৃত্যুৰ সময়ত তেওঁ স্বামী, পুত্ৰ, বোৱাৰী পৰিয়ালৰ লোক, আত্মীয় স্বজনক এৰি যায়।ষাঠিৰ দশকৰ আৰম্ভণিতে সংগীতৰ জগতত প্ৰৱেশ কৰা নিৰ্মলা মিশ্ৰক সংগীত পৰিচালক বালকৃষ্ণ দাসে 'শ্ৰী লোকনাথ' ছবিত কন্ঠ দিয়াৰ সুযোগ দিয়ে। তেওঁ কন্ঠ দিয়া উল্লেখযোগ্য ছবি সমূহৰ ভিতৰত আছে  কা (১৯৬৫), অভিনেত্ৰী (১৯৭০), স্ত্ৰী (১৯৭২),অনুতাপ (১৯৯২)। তেওঁ বহু সংখ্যক উড়িয়া, বঙালী, অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছে। তাৰ ভিতৰত এমন একতা ঝিনুক খুঁজে পেলাম না, সেই একজন দিও না তাকে মন, আবেশে মুখ ৰেখে, বোলো টো আৰ্শি কাগজেৰ ফুল বলে, এ বাংলাৰ মাটি চাই, আমি তোমাৰ, তুমি আকাশ এখন যদি, আমি হাৰিয়ে ফেলেচি গানেৰ সাথিৰে, আমি তো তোমাৰ হাসি কান্নাৰ চিৰদিনেৰ সাথী,ও তোতা পাখি ৰে, উন্মনা মন স্বপ্নে মগন, ৰিমঝিম ৰিমঝিম আবিৰে ৰাঙালো কে আমায়, চোখেৰ মণি হাৰিয়ে খুঁজি আদি অন্যতম জনপ্ৰিয় গীত। তেওঁ গোৱা আধুনিক বাংলা গীত আৰু চলচিত্ৰৰ গীত সমূহৰ বাবে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।প্ৰখ্যাত শিল্পী নিৰ্মলা মিশ্রই অসমৰ সংগীত জগতলৈও যথেষ্ট অৱদান আগবঢ়াই গৈছে। তেওঁ কন্ঠ দিয়া তুলসীৰ তলে তলে, ফুল ফুলাৰ বতৰ এয়া, সচাঁকে কোৱা আদি অন্যতম জনপ্ৰিয় গীত। প্ৰজন্মৰ পৰা প্ৰজন্মৰ নামত  এই গীত সমূহে বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ সৈতে বহুকেইটা গীতত কণ্ঠদান কৰিছিল নিৰ্মলা মিশ্ৰই । জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰা পাঁচখন অসমীয়া ছবিতেই গীতত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে । সেই ছবিকেইখন আছিল 'বনৰীয়া ফুল', 'বৃষ্টি', 'নিয়তি', 'নতুন আশা', আৰু 'ধৰ্মকাই' । ১৯৭৩ চনত মুক্তিলাভ কৰা অতুল বৰদলৈ পৰিচালিত তথা জয়ন্ত হাজৰিকা সংগীত পৰিচালিত 'বনৰীয়া ফুল' ছবিখনৰ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা 'এই ফুল  ফুলিবৰ বতৰে আহিল' গীতটি আছিল নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা এটা অন্যতম জনপ্ৰিয় গীত । জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰা 'বৃষ্টি' ছবিখনত নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা জনপ্ৰিয় গীতটো আছিল 'তুলসীৰ তলে তলে ক'ত চাকি জ্বলালো... ' । গীতটোৰ কথা আছিল ড° নিৰ্মলপ্ৰভা বৰদলৈৰ । সেইদৰে ইন্দুকল্প হাজৰিকা পৰিচালিত তথা জয়ন্ত হাজৰিকা সংগীত পৰিচালিত 'নিয়তি' ছবিখনতো দুটা গীতত কণ্ঠ নিগৰাইছিল শিল্পীগৰাকীয়ে । এই ছবিখনত জয়ন্ত হাজৰিকাৰ সৈতে ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত 'এই লগনত ক'লো প্ৰতিশ্ৰুতি দিলো' গীতটিত তেওঁ কণ্ঠদান কৰাৰ লগতে ছবিখনৰ 'ধম ধমা ধম ধম ধমা ধম জীৱন মাদল বাজে' শীৰ্ষক আন এটা গীততো তেওঁ জয়ন্ত হাজৰিকা আৰু আন কেবাগৰাকী শিল্পীৰ সৈতে কণ্ঠদান কৰিছিল । জয়ন্ত হাজৰিকাৰ সংগীতত 'নতুন আশা' ছবিখনত নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা আন এটা জনপ্ৰিয় গীত আছিল 'যদি মিলো মই আকাশতে গৈ' । গীতটোৰ কথা আছিল হেমন্ত দত্তৰ । একেদৰে জয়ন্ত হাজৰিকাৰ সংগীতত 'ধৰ্মকাই' ছবিখনৰ বাবে নিৰ্মলা মিশ্ৰই গাইছিল 'জীৱনত হাঁহিবা কেতিয়া.. ' শীৰ্ষক গীতটোৰ লগতে ছবিখনৰ আন এটি গীত 'সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা'। এই দুয়োটা গীতৰ কথা আছিল ড° নিৰ্মলপ্ৰভা বৰদলৈৰ । ৰমেন বৰুৱা সংগীত পৰিচালিত 'ড° বেজবৰুৱা' ছবিখনৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা 'কি নাম দি মাতিম' শীৰ্ষক জনপ্ৰিয় গীতটোতো দীপেন বৰুৱাৰ সৈতে কণ্ঠদান কৰিছিল নিৰ্মলা মিশ্ৰই । এই ছবিখনেই আছিল নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা প্ৰথমখন অসমীয়া ছবি । এইখন ছবিৰ বাবেই এলি আহমেদে লিখা আন এটি জনপ্ৰিয় গীত 'ফুল ফুল ফুল মেলিলে পাহি.. 'ৰো নেপথ্য গায়িকা আছিল নিৰ্মলা মিশ্ৰ । এই গীতটোও দীপেন বৰুৱাৰ সৈতে গাইছিল শিল্পীগৰাকীয়ে। ৰমেন বৰুৱা সংগীত পৰিচালিত 'বৰুৱাৰ সংসাৰ' ছবিখনৰ 'লাজুক চাৱনিৰে নিবিড় আবেগেৰে' শীৰ্ষক গীতটোতো কণ্ঠ নিগৰাইছিল নিৰ্মলা মিশ্ৰই । এই ছবিখনৰে আন এটি বিহুসুৰীয়া গীততো আন বহুকেইগৰাকী শিল্পীৰ সৈতে একেলগে কণ্ঠদান কৰিছিল নিৰ্মলা মিশ্ৰই । এই ছবিসমূহৰ উপৰি আন কেইবাখনো অসমীয়া ছবিৰ গীতত কণ্ঠদান কৰিছিল শিল্পীগৰাকীয়ে । সেইবোৰৰ ভিতৰত 'প্ৰাণগংগা', 'পুতলা ঘৰ', 'মেঘমুক্তি' আছিল উল্লেখযোগ্য । আনহাতে ১৯৭৮ চনৰ ২০ জানুৱাৰীত

 মুক্তিলাভ কৰিছিল ৮৫ সংখ্যক অসমীয়া ছবি 'ফাগুনী' । শিৱপ্ৰসাদ ঠাকুৰে পৰিচালনা কৰা এই ছবিখনৰ গীতৰ বাণীবন্ধন কৰা হৈছিল কলকাতাৰ টেকনিচিয়ান ষ্টুডিঅ'ত ।ছবিখনৰ সংগীত পৰিচালক  উপেন কাকতি । এইখন ছবিৰে এটা অতি জনপ্ৰিয় গীত হৈছে 'মইনা চৰাইটি মাত মাত মাত মিঠা মাতটি' । গীতটোৰ কথা  উপেন কাকতিৰেই । আৰু এই গীতটোতেই কণ্ঠদান কৰিছিল জনপ্ৰিয় নেপথ্য গায়িকা মালবিকা বৰা আৰু নিৰ্মলা মিশ্ৰই। তেওঁ অসংখ্য নজৰুল গীত, ৰবীন্দ্ৰ সংগীত, দেশপ্ৰেম মূলক গীত, লোক সংগীততো কন্ঠ দিছিল। তেওঁ মান্না দে, প্ৰতিমা বন্দোপাধ্যায়, মানবেন্দ্ৰ মুখোপধ্যায়, সন্ধ্যা মুখোপাধ্যায়, শিপ্ৰা বসু আদি বিশিষ্ট সংগীত শিল্পী সকলৰ সৈতে দ্বৈত কণ্ঠত গীত পৰিবেশন কৰিছে। তেওঁৰ নশ্বৰ দেহ নশ্বৰ দেহ প্ৰথমে বাসগৃহলৈ নিয়া হয় তাত পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধা জনোৱাৰ পাছত ৰবীন্দ্ৰ সদন, ৰাজ্যিক সংগীত একাডেমীলৈ লৈ নিয়া হয়। তাত পশ্চিম বংগ চৰকাৰ, সাংস্কৃতিক বিভাগৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি, গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়। পাছত কাওৰাতলা শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত জন্ম স্থানৰ লগতে সংস্কৃতিক জগতত শোকৰ ছাঁ  পৰে। অসমীয়া ছবিজগতত এগৰাকী জনপ্ৰিয় তথা সুদক্ষ শিল্পী হিচাপে পৰিচিত নিৰ্মলা মিশ্রৰ মৃত্যুত দেশৰ লগতে অসমৰ সাংস্কৃতিক জগততো শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here