গল্পকাৰ তথা বিশিষ্ট সাহিত্য সংগঠক বিপুল খাটনিয়াৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে সোঁৱৰণী গ্ৰন্থ 'খোজৰ শব্দ' উন্মোচন আৰু বক্তৃতানুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 July 2022

গল্পকাৰ তথা বিশিষ্ট সাহিত্য সংগঠক বিপুল খাটনিয়াৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে সোঁৱৰণী গ্ৰন্থ 'খোজৰ শব্দ' উন্মোচন আৰু বক্তৃতানুষ্ঠান

 




W7s news গুৱাহাটী :  বিশিষ্ট গল্পকাৰ তথা  সাহিত্য সংগঠক বিপুল খাটনিয়াৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে এক বক্তৃতা অনুষ্ঠান সোমবাৰে উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত  অনুষ্ঠিত হয়। এই অনুষ্ঠানতে সোঁৱৰণী গ্ৰন্থ 'খোজৰ শব্দ'  উন্মোচন কৰা হয়।  অনুষ্ঠানটোত সভাপতিত্ব কৰে আহিজুদ্দিন শ্বেখে। সোঁৱৰণী সভাখনৰ  উদ্দেশ্য বাখ্যা  কৰে নতুন সাহিত্য পৰিষদৰ অন্যতম সদস্য তথা উদ্যোক্তা সুভাষ শৰ্মাই। 

 অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক ঔপন্যাসিক অৰূপা পটংগীয়া কলিতা আমন্ত্ৰিত অতিথি হিচাপে  উপস্থিত থাকি কয় যে বিপুল খাটনিয়াৰ আছিল পক্ষ লোৱা মানুহ ,খাটি খোৱা মানুহৰ পক্ষ লৈছিল তেওঁ।' 

 অন্য এগৰাকী বক্তা হিচাপে উপস্থিত থকা  বিশিষ্ট সাহিত্য সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক  ডঃ বিভাস  চৌধুৰীয়ে কয় , বিপুল খাটনিয়াৰৰ  গল্পৰ  অধ্যয়ন আৰু মূল্যায়ন কৰিলেহে আমি তেওঁৰ সাহিত্যৰ প্ৰতি যথাযথ মৰ্যদা আৰু ন্যায় কৰিব পাৰিম।'  সভাত বিশিষ্ট কবি সমীন্দ্ৰ হুজুৰি তথা বিশিষ্ট কবি, চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী বক্তা হিচাপে উপস্থিত থাকে। কবি সমীন্দ্ৰ  হুজুৰীয়ে  বিপুল খাটনিয়াৰৰ সুদৃঢ় আদৰ্শগত স্থিতিত অটল থকা এগৰাকী গল্পকাৰ বুলি শলাগ লয়। বিপুল খাটনিয়াৰ সোঁৱৰণী মঞ্চ আৰু নতুন সাহিত্য পৰিষদৰ  দক্ষিণ গুৱাহাটী শাখাই উদ্যোগ  লোৱা অনুষ্ঠানটোত বিপুল খাটনিয়াৰৰ শতাধিক গুণ মুগ্ধই অংশগ্ৰহণ কৰে আৰু তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here