উদীয়মান নৃত্য শিল্পী চন্দনা দেবীৰ অকাল মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 July 2022

উদীয়মান নৃত্য শিল্পী চন্দনা দেবীৰ অকাল মৃত্যু

 





'W7s news গুৱাহাটী : অসমীয়া ছবি জগতৰ প্ৰতিভাবান নৃত্য শিল্পী চন্দনা দেবীৰ মঙলবাৰে নিশা অকাল মৃত্যু হয়। মিছন চাইনা, বন্ধু, জোনদা ইমান গুণ্ডা, খেল আদি চলচিত্ৰতো নৃত্য প্ৰতিভাৰে খ্যাতি অৰ্জন কৰা চন্দনা দেৱী দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্রান্ত হৈ আছিল। উদীয়মান নৃত্যশিল্পী চন্দনা দেৱী ২০২১ চনৰ ডিচেমৰ মাহৰ পৰা দিছ্পুৰ হস্পতালত চিকিৎসাধীন হৈ আছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে লৈ গৈছিল যদিও 

অলপ সুস্থ হৈ উঠাত পুনৰ গুৱাহাটীলৈ লৈ আহে। মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ উঠা চন্দনা দেৱীক ততাতৈয়াকৈ দিছপুৰ হাস্পতাললৈ নিয়া হয় যদিও হাস্পতালকৰ্তৃপক্ষই চন্দনা দেৱীক মৃত ঘোষণা কৰে। উল্লেখ‍্য,১৯৯২ চনৰ পহিলা আগষ্টত শ্বিলঙত জন্ম গ্ৰহণ কৰা চন্দনা দেৱীয়ে প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত, বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু আইডলৰ পৰা অসমীয়া বিষয়ত  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। চন্দনা দেৱীৰ শৈশবৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈ পৰে। তেওঁ শৈশবৰ পৰা নৃত্য শিকে আৰু পৰৱৰ্তী সময়ত কৰিঅ'গ্ৰাফাৰ গৌতম ৰাভা আৰু পাৰ্থ জ্যোতি গগনৰ পৰা  নৃত্য শিকি ৰাজ্যৰ বিভিন্ন অনুষ্ঠানত, চলচ্চিত্ৰ আদিত পৰিবেশন কৰে। গুৱাহাটীৰ গীতানগৰৰ হৰিপুৰ নিবাসী চন্দনা দেৱীয়ে মৃত্যুৰ সময়ত পিতৃ দিলীপ কুমাৰ শৰ্মা, মাতৃ নিৰ্মলপ্ৰভা দেৱী,  জ্যেষ্ঠ ভাতৃ অৰূপ শৰ্মা, জ্যেষ্ঠ ভগ্নী মণিকা দেৱী, পৰিয়ালৰ লোক আত্মীয়  স্বজনক এৰি যায়। বুধবাৰে নৱগ্ৰহ শ্মশানত চন্দনা দেৱীৰ জ্যেষ্ঠ ভাতৃ অৰূপ শৰ্মাই শেষ কৃত্য সম্পন্ন কৰে। তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here