নামঘৰীয়াৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 July 2022

নামঘৰীয়াৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান

 


বাসগৃহ 'আধাৰত' শোকৰ ছাঁ


নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন




W7s news ষ্টাফৰিপোৰ্টাৰ: বিশিষ্ট সাহিত্যক,সাহিত্য অকাডেমি বঁটা প্ৰাপক, 'নামঘৰীয়াৰ স্ৰষ্টা' অতুলানন্দ গোস্বামীৰ বুধবাৰে পুৱা ৪ বাজি ৪০ মিনিটত শেষ নিস্বাস ত্যাগ কৰে। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ১৮ জুলাইৰ পৰা চিকিৎসাধীন হৈ  আছিল। তেওঁ ডিমেনচিয়া ৰোগত আক্রান্ত হৈ আছিল। উল্লেখ‍্য,যোৰহাটৰ পৰা নিমাতি যোৱা পথস্থিত ৰংদৈ কোকিলা আধাৰ সত্ৰত ১৯৩৫ চনত জন্ম গ্ৰহণ কৰা গোস্বামীৰ পিতৃৰ নাম আছিল প্ৰয়াত নৰেন্দ্ৰ নাথ গোস্বামী আৰু মাতৃ প্ৰয়াত কামদা গোস্বামী।অতুলানন্দ গোস্বামীয়ে ৰং দৈ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত যোৰহাট চৰকাৰী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি এছ চি উত্তীৰ্ণ হয়। তাৰপাছত গোলাঘাট চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰে। পৰৱৰ্তী সময়ত ডিব্ৰুগড়ত ইনকাম টেস্ক্স অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰপাছত ইন্সপেক্টৰ অৱ টেক্সেছ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ৬০ ৰ দশকৰ পৰা সাহিত্য চৰ্চা  কৰিবলৈ আৰম্ভ কৰে। তেওঁ নিজা বাসগৃহতে এটা পুথিভঁৰাল সাজি সাহিত্য চৰ্চা কৰিছিল। তেওঁৰ নশ্বৰ দেহ বুধবাৰে পুৱা  ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা গুৱাহাটীৰ হাতীগড় চাৰিআলি স্থিত বাসগৃহ 'আধাৰলৈ' অনা হ্য়। বাসগৃহত পৰিয়ালৰ লোক,শুভাকাংক্ষী সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহৰ পৰা বিশিষ্ট সাহিত্যিকগৰাকীৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানত নিয়া হয়। নৱগ্ৰহ শ্মশানত পৰিয়ালৰ লোক, বিশিষ্ট সাংবাদিকক প্ৰশান্ত ৰাজগুৰু,গুণমুগ্ধ, শুভাকংক্ষীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।  তেওঁৰ পুত্ৰ নয়নানন্দ গোস্বামীয়ে মুখাগ্নী কৰে। ৮৮ বছৰীয়া সাহিত্যিকজনৰ পত্নী অনিমা গোস্বামীৰ ২০১৪ চনত আৰু ২০২১ চনত জ্যেষ্ঠ কন্যা বাসৱী গোস্বামীৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত সাহিত্যিক জনে কনিষ্ঠ ভাতৃ বিপুলানন্দ গোস্বামী, পুত্ৰ নয়নানন্দ গোস্বামী,বোৱাৰী শৰ্মিষ্ঠা বৰা গোস্বামী,কণিষ্ঠ কন্যা বিপাশা  ঠাকুৰ, জোঁৱাই শ্যামন্ত ঠাকুৰ, ৰঞ্জিত চন্দ্ৰ গোস্বামী, পৰিয়ালৰ লোক, অসংখ্য গুণমুগ্ধক এৰি যায়।বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা 'চেনেহ জৰীৰ গাঁথি' নামৰ উপন্যাসৰ বাবে ২০০৬ বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ ৰচনা কৰা 'নামঘৰীয়া' নামৰ  উপন্যাসখন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে ১৯৯১-৯২ চনত প্ৰচাৰ কৰিছিল। অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বঙালী, ওড়িয়া আৰু সেই ভাষাসমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল। তেওঁ ‘নামঘৰীয়া' উপন্যাসখনৰ বাবে অসম সাহিত্য সভাৰ

‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা' আৰু 'কুমাৰ কিশোৰ সোঁৱৰণী বঁটা' লাভ কৰে। ‘বলিয়া হাতী' নামৰ গল্পৰ বাবে তেওঁ ১৯৯২ চনত 'কথা' বঁটা লাভ কৰে। 'চেনেহ জৰীৰ গাঁথি' ৰ বাবে ২০০৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁক ২০১৩ চনৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়। অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধাৰ ব্যক্তি গৰাকীয়ে বিগত ৮ বছৰ ধৰি তেওঁ সোমোৱা নাছিল নিজৰ গ্ৰন্থালয়ত। আটোমটোকাৰিকৈ সজোৱা পুঁথিভঁৰালৰ কিতাপবোৰ অতি সজতনে থৈ দিছিল পৰিয়ালৰ লোকে। এইবোৰৰ চাবলৈ বা পঢ়িবলৈ তেওঁৰ গাত নাছিল পূৰ্বৰ বল-বিক্ৰম। ২০১৪চনত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সহধৰ্মীনিয়ে চিৰবিদায় লৈছিল। তাৰপাছতেই তেওঁ পত্নীৰ বেজাৰত কিছু আৱেগিক আৰু চিন্তিত হৈ পৰিছিল। এইগৰাকী বিশিষ্ট কথাশিল্পীৰ এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱা অতি জনপ্ৰিয় ধাৰাবাহিক ‘নামঘৰীয়া’ আছিল তেখেতৰে বহু জনপ্ৰিয় উপন্যাসৰে নাট্য ৰূপ। ১৯৮৯ চনত প্ৰকাশ পাইছিল এইখন জনপ্ৰিয় উপন্যাস। তেওঁ ‘হামদৈ পুলৰ জোন’, ‘চেনেহেৰ জৰীৰ গাঁথি’, ‘ৰাজপথ’, ককাইদেউ  আদি গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। তেওঁ মননশীল বহু গল্প লিখিছিল। ‘নামঘৰীয়া’ উপন্যাসৰ বাবে তেওঁ অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা, ‘বলিয়া হাতী’ নামৰ গল্পৰ বাবে ১৯৯২চনত কথা বঁটা লাভ কৰিছিল।

‘চেনেহ জৰীৰ গাঁথি’ নামৰ গ্ৰন্থখনৰ বাবে ২০০৬চনত তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। ২০১৩চনত তেঁওলৈ যচা হৈছিল অসম উপত্যকা সন্মান। ‘পলাতক’ নামৰ গ্ৰন্থখন তেওঁৰ প্ৰকাশ হৈছিল ১৯৮৩চনত। তাৰপাছত ১৯৯৩চনত প্ৰকাশ হৈছিল ‘আশ্ৰয়’।‘ককাইদেউ’ নামৰ উপন্যাসখন তেওঁৰ ২০০৯চনত প্ৰকাশ পাইছিল। ২০১২চনত পি জি ইণ্ডিয়াই প্ৰকাশ কৰিছিল তেওঁৰ আন এখন উপন্যাস ‘অৰ্কিড’। অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ তথা ঔপন্যাসিক আছিল তেওঁ। কেইবাখনো গ্ৰন্থ তেওঁ অনুবাদ কৰিছিল। তাৰ ভিতৰত জেমছ হিল্মৰ ‘গুডবাই মিঃ ছিপছ’, টি এছ পিল্লাইৰ ‘পিতা-পুত্ৰ’, প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰৰ ‘শ্বেতপম্মা আৰু বনহংসী’, ‘একৈশটা বাংলা গল্প’, বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ অন্যতম। তেওঁ পঢ়া বিদ্যালয়খনৰ নাম আছিল ১ নং ককিলা কুমাৰ প্ৰাথমিক বিদ্যালয়। ১৮৬৫ চনত স্থাপন কৰা অবিভক্ত শিৱসাগৰ জিলাৰ এইখন আছিল প্ৰথমখন প্ৰাথমিক বিদ্যালয়। তেওঁৰ জন্ম হোৱা গাঁৱখনৰ নাম আছিল ৰংদৈ ভগনীয়া গাঁও। 'চেনেহৰ জৰি চিঙি' কোনোবা অজান মুলুকলৈ গুচি যোৱা

বিশিষ্ট সাহিত্যিকজনৰ মৃত্যুত ৰাজ্যৰ সাহিত্য জগতত শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰি বাসগৃহত উপস্থিত হৈ অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই কয়-গল্প,উপন্যাস, আদি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান তেওঁ যি অৱদান দি গ'ল সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। নতুন প্ৰজন্মৰ লেখকৰ বাবে তেওঁৰ সৃষ্টি ৰাজি পথ প্ৰদৰ্শক হৈ ৰ'ব। নামঘৰীয়াৰ স্ৰষ্টা গোস্বামীয়ে তেওঁৰ গ্ৰন্থ ৰাজিৰ জৰিয়তে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ যি ধৰণৰ ৰচনা আগবঢ়াইছিল সেয়া চিৰস্মৰণীয় হৈ ৰ'ব। ভাৰতীয় বিভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ তেওঁ অনুবাদ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ কৃতি সংৰক্ষণ হ'ব লাগে। তেওঁৰ মৃত্যুত অসম সাহিত্য সভাই শোক প্ৰকাশ কৰিছোঁ।'আনহাতে কংগ্ৰেছৰ নেতা মনজিৎ মহন্তই বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়-তেওঁ অসমৰ গ্ৰাহক আন্দোলনৰ হোতা আছিল। মোৰ পিতৃ চাৰু মহন্তৰ সৈতে সু-সম্পৰ্ক আছিল।তেওঁলোক দুয়োৱে গ্ৰাহক আন্দোলন আগবঢ়াই নিছিল। তেওঁৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।' তেওঁৰ মৃত্যুত বিশিষ্ট অভিনেতা তথা নামঘৰীয়াৰ ধাৰাবাহিকৰ 'নামঘৰীয়া' চৰিত্ৰ ৰপয়াণ কৰা জয়ন্ত ভাগৱতীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

তেওঁৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ কৰিছে। এক শোক বার্তা প্ৰথিতযশা সাহিত্যিক, অসম প্ৰকাশন পৰিষদৰ ‘জীৱনজোৰা সাধনা বঁটা প্ৰাপক’ অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিতঅসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৌৰোহিত্যত সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এখন শোক সভাত গোস্বামীৰ মৃত্যুত অসমে এগৰাকী যশস্বী সাহিত্যিকক হেৰুৱালে বুলি অভিহিত কৰে৷ সভাত মৃতকৰ প্ৰতি৷ দ্ধাজ্ঞ াপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷ সভাই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনাজ্ঞ াপন কৰে৷ নিউ আৰ্ট প্লেয়াৰ্ছৰ আজীৱন শুভাকাংক্ষী বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ বিয়োগত সংঘৰ সদস্য সকলে গভীৰ শোক প্ৰকাশ  সদস্য সকলে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷পূব-গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই বৰণ্য সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত ডি ৱাই এফ আইৰ গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সাহিত্য অকাডেমি বঁটা প্ৰাপক কথা সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে তেওঁ সৃষ্টি কৰা সাহিত্য আৰু সমাজ জীৱনলৈ দি যোৱা অবদানৰ বাবেই গোস্বামীৰ সমাজত স্মৰণীয় হৈ ৰ'ব বুলি কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here