W7s news গুৱাহাটী: ২০০৭ চনত স্থাপিত হোৱা উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ সংলগ্ন শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ ১৫ সংখ্যক ৰথ যাত্ৰা এইবেলি ধুমধামেৰে অনুষ্ঠিত হয় । সেই উপলক্ষে পহিলা জুলাইত উত্তৰ নুনমাটি জগন্নাথ মন্দিৰৰ পৰা নুনমাটি হৈ গোপাল নগৰ শান্তি পথৰ নামঘৰত শ্ৰীশ্ৰী জগন্নাথ প্ৰভুক ধৰ্মীয় ৰীতি নীতি মতে স্থাপিত কৰা হয় । ৰীতি অনুসৰি শ্ৰীশ্ৰী জগন্নাথ প্ৰভূ ৮ দিনৰ বাবে ঘূনুচা যাত্ৰালৈ যায় বুলি প্ৰবাদ আছে । ৮ দিনৰ অন্তত পুনৰ প্ৰভূই ওভতনি যাত্ৰা কৰি নিজ স্থানলৈ আহে । সেই উপলক্ষে আজি উত্তৰ নুনমাটিস্থিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত উলহ মালহেৰে নাম কীৰ্তন অনুষ্ঠিত হয় ।
No comments:
Post a Comment