অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰক আৰু গুৱাহাটী মহানগৰ বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰকঃ চিপিআই(এম) - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 July 2022

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰক আৰু গুৱাহাটী মহানগৰ বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰকঃ চিপিআই(এম)






   


W7s news গুৱাহাটীঃ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ কামৰূপ মহানগৰৰ জিলাৰ অন্তৰ্গত গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটি আৰু পানবাজাৰ আঞ্চলিক কমিটিৰ উদ্যোগত বুধবাৰে


গুৱাহাটী ক্লাৱ ৰ'টাৰীত দিনৰ ১১.৩০ বজাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা, গুৱাহাটী মহানগৰ বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা আৰু জ্বলন্ত সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী কৰা হয়। বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য ৰাখে কামৰূপ মহানগৰ জিলাৰ সম্পাদক শতঞ্জীৱ দাসে। দাসে বক্তব্যত কয় যে পেট্ৰ'ল-ডিজেলৰ অবিৰত মূল্যবৃদ্ধিয়ে সকলো বস্তুৰ দামবৃদ্ধিত ভাবিব নোৱাৰা প্ৰভাৱ পেলাইছে। দুৰ্ভাগ্যৰ কথা যে দামবৃদ্ধি ৰোধ কৰি চৰকাৰে ৰাইজক সকাহ দিয়াৰ বাবে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই। বয়-বস্তুৰ দামবৃদ্ধিৰ সমান্তৰালকৈ কৰ্মসংস্থানহীনতাৰ সমস্যাই ৰাজ্যখনৰ আৰ্থ-সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। চৰকাৰৰ ভ্ৰান্ত নীতিৰ ফলত কৃষিক্ষেত্ৰখন সংকুচিত হৈ পৰিছে আৰু ৰাজ্যখনত লেখত ল'বলগীয়া উদ্যোগ প্ৰতিষ্ঠানো গঢ় লৈ উঠা নাই। তদুপৰি আঁচনিভুক্ত লাখ লাখ শ্ৰমিক-কৰ্মচাৰী আৰু নিৰ্মাণ শ্ৰমিকৰ দৰে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ উপযুক্ত মজুৰি আৰু সামাজিক সুৰক্ষাৰ বিষয়তো আপোনাৰ চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। চাহ শ্ৰমিকৰ নূ্যনতম মজুৰি ৩৫১ টকা আদায় দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নকৰিলে। আনকি এমজিএনৰেগাৰ মজুৰি ৬০০ টকালৈ বৃদ্ধি কৰাৰ ন্যায়সংগত দাবীও আওকাণ কৰা হৈছে। বিক্ষোভ কাৰ্যসুচীৰ দাবীসমুহ হ'ল– ক) পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰক, সকলোকে চাউল, আটা, দাইল, মিঠাতেল, চেনি, নিমখ আদি সস্তা দামত যোগান ধৰক, ডিজিটেল ৰেচন কাৰ্ডৰ নামত হাৰাশাস্তি বন্ধ কৰক, বৰ্ধিত বিদু্যৎ মাচুল হ্ৰাস কৰক। খ) বিশুদ্ধ খোৱাপানী নিয়মিত যোগান নিশ্চিত কৰক। খোৱাপানী প্ৰকল্পবোৰৰ কাম শীঘ্ৰে সম্পন্ন কৰক। গ) গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা শীঘ্ৰে সমাধান কৰক। বৈজ্ঞানিক পদ্ধতিৰে জাবৰ নিষ্কাষণ কৰাৰ ব্যৱস্থা কৰক, নলা-নৰ্দমাসমূহ সময়মতে চাফ-চিকুণ কৰি ৰখাৰ ব্যৱস্থা কৰক। ঘ]দীৰ্ঘদিন ধৰি ৰে'লৰ মাটিত বসবাস কৰাসকলক স্থায়ীভাৱে থকাৰ বিধিসন্মত ব্যৱস্থা কৰক, ৰে'লৰ মাটি ব্যক্তিগত মালিকক বিক্ৰী অথবা লীজত দিয়া নচলিব। ঙ) ৰাজ্যখনৰ মাটি জৰীপ কৰি দীৰ্ঘদিন ধৰি ভোগ-দখল কৰি থকাসকলক মাটিৰ পট্টা দিয়ক। চ) চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ সকলো খালী পদ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে শীঘ্ৰে পূৰণ কৰক। ছ) আঁচনিভুক্ত কৰ্মচাৰীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দি যথাযথ দৰমহা আদি আদায় দিয়ক। জ) পেঞ্চনৰ বাবে এন পি এছ আঁচনি বাতিল কৰি পূৰ্বৰ আঁচনি বাহাল ৰাখক। ঝ) চাহ শ্ৰমিকসকলক দৈনিক নু্যনতম মজুৰি ৩৫১ টকা আদায় দিয়ক, অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰক। এম জি এনৰেগাৰ দৈনিক মজুৰি ৬০০ টকা আদায় দিয়ক। ঞ) বানপীড়িতৰ বাবে যথোপযুক্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক; অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা কৰক। আদি দাবী ভিত্তিত প্ৰায় ১০ হেজাৰ স্থানীয় ৰাইজৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ এখন জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। বিক্ষোভ স্থলীৰ পৰা উক্ত স্মাৰক পত্ৰ গ্ৰহণ কৰে লতাশিল আৰক্ষী থানাৰ মুৰব্বীয়। লগতে উল্লিখিত দাবীসমূহ মুখ্যমন্ত্ৰীক শীঘ্ৰে পূৰণ কৰাৰ যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here