বিজেপি চৰকাৰে খাদ্যকে ধৰি সকলো অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰা আৰু নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 July 2022

বিজেপি চৰকাৰে খাদ্যকে ধৰি সকলো অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰা আৰু নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

 




W7s news গুৱাহাটী : শেহতীয়াভাবে বিজেপি চৰকাৰে খাদ্যকে ধৰি সকলো অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰা আৰু নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম তৃণমূল কংগ্ৰেছ দলে। এই উপলক্ষে মহানগৰীৰ গুৱাহাটী ক্লাৱ ৰ'টাৰী পইন্টত এক প্ৰতিবাদী-ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ প্ৰায় তিনিশতাধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীত জিএছটি আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, বিজেপি চৰকাৰ হায় হায়,  আদি শ্লোগান দিয়ে। প্ৰতিবাদকাৰী সকলে  জি এছ টি আৰোপ কৰা চিৰা , মুৰি , দৈ , গুড় , পনীৰ , চাউল , আটা , আখৈ , পিঠাগুৰি আদি প্ৰদৰ্শন কৰি এক অভিনৱ আৰু ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে দলৰ সভাপতি ৰিপুণ বৰাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ শাসনাধিষ্ট বিজেপি চৰকাৰক আহ্বান জনায়।প্ৰতিবাদী কাৰ্যসূচীত দলৰ মিডিয়া  আৰু সামাজিক মাধ্যমৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা , সাধাৰণ সম্পাদক ঘনকান্ত চুটীয়া , মেহবুব হুছেইনক , শিখা শৰ্মা , ভবানী কলিতা , পাপৰি মালাকাৰকে ধৰি  কেবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here