বানপানীৰ সময়ত টেলিকম সংযোগ কাৰ্য্যক্ষম কৰি তুলিছে ইণ্ডাছ টাৱাৰ্ছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 1 July 2022

বানপানীৰ সময়ত টেলিকম সংযোগ কাৰ্য্যক্ষম কৰি তুলিছে ইণ্ডাছ টাৱাৰ্ছে

 

 


মুষলধাৰ বৰষুণ, ভূমিস্খলন আৰু বানপানীৰ ফলত প্ৰভাৱিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ১৪৪ টা ম’বাইল টাৱাৰ ছাইটছক পুনৰ কাৰ্য্যক্ষম কৰি তুলিবলৈ নেৰানেপেৰা প্ৰয়াস কৰি আছে ইণ্ডাছৰ ফিল্ড ষ্টাফ ইঞ্জিনীয়াৰ আৰু টেকনিচিয়ানে 


 



W7s news ষ্টাফৰিপোৰ্টাৰ : বানাক্ৰান্ত অসমত উদ্ধাৰ, সাহায্য আৰু স্থানান্তৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়ত ম’বাইল নেটৱৰ্কেৰে সংযোগ স্থাপন কৰাত সমস্যাৰ সৃষ্টি হৈছে । এনে গুৰুতৰ পৰিস্থিতিত ইণ্ডাছ টাৱাৰ্ছৰ ফিল্ড ষ্টাফ ইঞ্জিনীয়াৰ আৰু টেকনিচিয়ানসকলে অসমৰ বিভিন্ন ঠাইৰ পথ সংযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ থকা স্বত্বেও  গুৱাহাটী, শিলচৰ, বঙাইগাঁও, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু নগাঁও মণ্ডলৰ ১৪৪ টা ম’বাইল টাৱাৰ পুনৰ কাৰ্য্যক্ষম কৰি তুলিবলৈ অবিৰাম প্ৰচেষ্টা অব্যাহত ৰাখিছে । উদ্ধাৰ অভিযানত সহায় হোৱাকৈ আৰু এনে অকল্পনীয় পৰিস্থিতিত প্ৰিয়জনৰ সৈতে সংযোগ অটুট ৰখাটো নিশ্চিত কৰিবলৈ এনেবোৰ টাৱাৰ পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ চেষ্টাত ব্ৰতী হৈছে এইসকল লোক । অসমৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ বানাক্ৰান্ত অঞ্চলসমূহত শক্তিশালী নেটৱৰ্ক কভাৰেজ ৰক্ষা কৰিবলৈ ইণ্ডাছ টাৱাৰ্ছে বিদ্যুৎ সংযোগ বিচ্ছিন্ন, আন্তঃগাঁথনিৰ ক্ষতিগ্ৰস্ত, অঞ্চলটোৰ বিভিন্ন এলেকাত পেট্ৰল ষ্টেচনসমূহ জলমগ্ন হোৱাৰ ফলত ইন্ধনৰ উপলব্ধতাৰ দৰে প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে । ইণ্ডাছ টাৱাৰ্ছৰ এন ই এছ এ চাৰ্কোলৰ চি ই অ’ ৰাজেন্দৰ গুৰুঙে কয়, “ইণ্ডাছ টাৱাৰ্ছত আমি এই কথা ভালদৰে বুজিব পাৰিছো যে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা আন্তঃগাঁথনি, বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা আৰু নিৰ্দিষ্ট এলেকালৈ যোৱাত বাধা  এনেবোৰ সমস্যা সমাধানৰ বাবে কম সময়ৰ ভিতৰতে টেলিকম টাৱাৰেৰে পুনৰ সংযোগ স্থাপন কৰাটো অত্যন্ত জৰুৰী হৈ পৰে । এইক্ষেত্ৰত আমাৰ তৎপৰতা আৰু নিয়মিত ৰক্ষণাবেক্ষণে সমস্যা সমাধানৰ সময় হ্ৰাস কৰিছে । তদুপৰি ম’বাইল টাৱাৰৰ ঠাইত উপস্থিত হৈ এনেবোৰক পুনৰ কাৰ্য্যক্ষম কৰি তুলিবলৈ ফিল্ডৰ দায়িত্বত থকা আমাৰ দলসমূহে কৰ্তব্যৰ সীমাৰ বাহিৰত গৈ যৎপৰোনাস্তে চেষ্টা চলাই থকাত এনেবোৰ এলেকাত দূৰসংযোগ সম্ভৱ হৈ উঠিছে । এনে পৰিস্থিতিত সকলোৱে যাতে প্ৰিয়জনৰ সৈতে সংযোগ ৰক্ষা কৰিবলৈ পাৰে তাৰ বাবে আমি সহায়-সহযোগিতা আগবঢ়াই যাম । টেলিকম সংযোগ পুনৰ কাৰ্য্যক্ষম কৰি তোলাত নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰখা আমাৰ প্ৰতিজ্ঞাবদ্ধ ফিল্ড বাহিনীলৈ মই কৃতজ্ঞতা জনাইছোঁ ।“

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here