গুৱাহাটী প্ৰেছ ক্লাৱত চাৰিখন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত চাৰিখন গ্ৰন্থ উন্মোচন

 





W7s news ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে লেখিকা ৰেহানা হুছেইনৰ চুটি গল্প সংকলন 'অন্য জীৱনৰ অন্য ৰং',নাট্য সংকলন 'মানুহৰ পৃথিৱী',  শিশু গল্প সংকলন 'ভুটুঙৰ সপোন' আৰু শিশু নাট সংকলন 'খেলো অহা' উন্মোচন কৰা হয়। সভাত বিশিষ্ট শিক্ষাবিদ, লেখক ড০ অমৰ জ্যোতি চৌধুৰীয়ে ৰেহানা হুছেইনৰ চুটি গল্প সংকলন 'অন্য জীৱনৰ অন্য ৰং'উন্মোচন কৰি কয়- অসমীয়া সাহিত্যত এতিয়া নাৰীৰ যুগ। পুৰুষ সকলে লেখাৰ মাজেৰে সিমান গভীৰতা দেখুৱাব পৰা নাই বুলি মোৰ অনুভৱ হয়। ৰেহানা হুছেইনৰ গল্পবোৰত গভীৰ চিন্তাৰ সমান্তৰালকৈ হাস্য,বংগৰসো পৰ্যান্ত পৰিমাণে থাকে। লেখিকাই মাতৃ ভাষাৰ সেৱা কৰিবলৈ অহাটো অত্যন্ত আশাৰ কথা।এতিয়া সমাজখনৰ এটা ভাল দিন আহি আছে। লেখিকাই এনেদৰে সাহিত্য সৃষ্টি কৰি যাব বুলি আশা কৰিলোঁ।' সভাত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে লেখিকাৰ শিশু নাট্ সংকলন 'খেলো অহা' উন্মোচন কৰি লেখিকাই এনদৰে সৃষ্টিশীল কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে শিশু গল্প সংকলন 'ভুটুঙৰ সপোন' উন্মোচন কৰি লেখিকাৰ ভাষা সহজ সৰল বুলি কোৱাৰ লগতে শিশু সকলৰ লগতে জ্যেষ্ঠ জনেও এই গ্ৰন্থখন পঢ়ি উপকৃত হ'ব বুলি কয়। আনহাতে অৱসৰ প্ৰাপ্ত অধ্যাপক,লেখিকা ড০ আল্পনা সৰকাৰ ডেকাই

নাট্য সংকলন 'মানুহৰ পৃথিৱী'উন্মোচন কৰি লেখিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে সাৱলীল বক্তব্য

 আগবঢ়ায়। সভাত লেখিকাই গ্ৰন্থ কেইখন লিখাৰ আঁৰৰ কথা কয়। জীমণি চৌধুৰীয়ে আঁত ধৰা সভাত  বহুসংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here