বিশ্ব হেপাটাইটিছ দিৱসত নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত সজাগতা ৰেলী 'ৰান ফৰ ইয়’ৰ লিভাৰ' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 July 2022

বিশ্ব হেপাটাইটিছ দিৱসত নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত সজাগতা ৰেলী 'ৰান ফৰ ইয়’ৰ লিভাৰ'

 



W7s news গুৱাহাটী  :  হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি-ৰ অধিক সজাগতা আৰু প্ৰতিৰোধৰ বাবে নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ দ্বাৰা ইয়াৰ সপ্তাহজোৰা হেপাটাইটিছ সজাগতা অভিযানৰ অংশ হিচাপে  'ৰান ফৰ ইয়’ৰ লিভাৰ' এক ৰেলী বৃহস্পতিবাৰে আয়োজন  কৰা হয় ।  প্ৰায় ৩,০০০ অংশগ্ৰহণকাৰীয়ে  সমদলটোত অংশগ্ৰহণ কৰে।   

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী  কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হোৱা ৰেলীৰ শুভাৰম্ভ কৰে আৰু গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত এই ৰেলী  সমlপ্ত হয়।  বিশিষ্ট সাংবাদিক  কনক সেন ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য  উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক  নৰেশ কলিতা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা, বিশিষ্ট অভিনেত্ৰী চেতনা দাস,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ-তথা-মুখ্য অধীক্ষক ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য আদি উপস্থিত থাকে। ৰেলী ফ্লেগ-অফৰ সময়ত কেশৱ মহন্তই কয়, “এই দিনটো আমাক মনত পেলাই দিছে যে আমাৰ স্বাস্থ্য কিমান গুৰুত্বপূৰ্ণ। ডাঃ ভৱদেব  গোস্বামীৰ ফাউণ্ডেচন নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনে জিএমচিএইচৰ সহযোগত বিগতকেইবা বছৰ ধৰি এই দিনটো পালন কৰি আহিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়েও হেপাটাইটিছ প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে।"জ্যেষ্ঠ গেষ্ট্ৰোএণ্টেৰোলজিষ্ট আৰু হেপাটোলজিষ্ট ডা:  ভৱদেৱ গোস্বামী, সমদলটোত উপস্থিত থাকি কয়-"আমি অতি আনন্দিত যে হেপাটাইটিছৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে আমাৰ প্ৰচেষ্টাই বিভিন্ন মহলৰ পৰা সমৰ্থন লাভ কৰিছে। সমদলটোত ইমান বৃহৎ অংশগ্ৰহণৰ সাক্ষী হোৱাটোৱে সকলোৰে মাজত বিষয়টোৰ গুৰুত্ব আৰু গম্ভীৰতা সুচাইছে। আমি আশা কৰোঁ যে  আহি থকা  অতি কম বছৰত আমাৰ প্ৰচেষ্টা জনসাধাৰণৰ কাষ চাপিব পাৰিব।"  প্ৰতি বছৰে ২৮ জুলাইত পালন কৰা বিশ্ব হেপাটাইটিছ দিৱস (ডব্লিউএইচডি) য়ে ভাইৰেল হেপাটাইটিছৰ বিশ্বব্যাপী বোজাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আৰু প্ৰকৃত পৰিৱৰ্তন প্ৰভাৱিত কৰিবলৈ বিশ্বক একক বিষয়বস্তুৰ অধীনলৈ আনে। এই বছৰৰ বিষয়বস্তু হৈছে 'মই অপেক্ষা কৰিব নোৱাৰো'।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত  দেবাশিষ শৰ্মাই কয়, "কেইবা বছৰ ধৰি হেপাটাইটিছৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ বাবে ডা: গোস্বামীয়ে কৰা অক্লান্ত প্ৰচেষ্টাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।"জিএমচিএইচৰ অধ্যক্ষ-তথা-মুখ্য অধীক্ষক  ডা: অচ্যুত চন্দ্ৰ বৈশ্যই লোকসকলক হেপাটাইটিছৰ পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান  জনাইছে,  যিটো নিৰাময়যোগ্য। তেওঁ হেপাটাইটিছৰ সজাগতা সমৰ্থন কৰিবলৈ ওলাই অহাৰ বাবে  অংশগ্ৰহণকাৰীসকলক ধন্যবাদ  জনায় । হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি ভাইৰাছৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশ্ব হেপাটাইটিছ এলায়েন্স আৰু বিশ্ব স্বাস্থ্য সংস্থা, নৰ্থ ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেচনৰ সৈতে গেষ্ট্ৰোএণ্টেৰোলজী বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ইণ্ডিয়ান চ'চাইটি অফ গেষ্ট্ৰোএণ্টেৰোলজী নৰ্থ ইষ্ট চেপ্টাৰৰ সৈতে সংগতি ৰাখি দিনটো পালন কৰিছে। এই অনুষ্ঠানটো আঁত ধৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here