গুৱাহাটীত অনুষ্ঠিত ষ্টাৰ্ছ অৱ নৰ্থ ইষ্ট ইণ্ডিয়াৰ "বিদেশত শিক্ষা" সন্দৰ্ভত আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

গুৱাহাটীত অনুষ্ঠিত ষ্টাৰ্ছ অৱ নৰ্থ ইষ্ট ইণ্ডিয়াৰ "বিদেশত শিক্ষা" সন্দৰ্ভত আলোচনা

 



W7s news গুৱাহাটী :  গুৱাহাটীৰ ভিনাইল 

কেফেত পঞ্জীভুক্ত ৰাজহুৱা দাতব্য ন্যাস আৰু প্ৰতিভা সন্ধান মঞ্চ ষ্টাৰ্ছ অৱ নৰ্থ ইষ্ট ইণ্ডিয়া (ছোনেই)ৰ এক উদ্যোগ 'ষ্টাৰ টক্-১২' অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ প্ৰথম বক্তা আছিল আমান ৱাদুদ, এগৰাকী যুৱ অধিবক্তা যিয়ে অলপতে ফুলব্ৰাইট স্ক'লাৰশ্বিপৰ অধীনত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। আমেৰিকাৰ অভিজ্ঞতা সম্পৰ্কে আলোচনা কৰাৰ উপৰিও, অমন ৱাদুদে আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিক অধিকাৰৰ বিৱৰ্তনৰ এক অতি তথ্যপূৰ্ণ উপস্থাপন দাঙি ধৰে। দ্বিতীয় বক্তা, এডমিচিফাই (Admissify)ৰ পেন-ইণ্ডিয়া ছেল্ছৰ মুৰব্বী ছুইদ এম লস্কৰে বিদেশত অধ্যয়ন সন্দৰ্ভত সচৰাচৰ থকা মানুহৰ সন্দেহবোৰ দূৰ কৰিবলৈ এক উপস্থাপন আগবঢ়ায়। অষ্ট্ৰেলিয়া, জাৰ্মানী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাজ্যৰ দৰে দেশত যোৱা পাঁচ বছৰত অসমৰ ৩৫০ তকৈও অধিক শিক্ষাৰ্থীৰ বিদেশত অধ্যয়নত সহায়কৰূপে কাম কৰা লস্কৰে অধ্যয়নৰ বাবে বিদেশলৈ যোৱা ৯৩ শতাংশ শিক্ষাৰ্থী মধ্যবিত্ত পৰিয়ালৰ বুলি দৰ্শকসকলক অৱগত কৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে আঠ লাখ টকাৰ নগদ ধনৰাশিৰ সৈতে দুটা ৰাষ্ট্ৰীয় এম এছ এম ই  বঁটা লাভ কৰা বঙাইগাঁওৰ আলেমুন নেছাক অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয়। ষ্টেনফৰ্ডৰ বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰা ধুবুৰীৰ পদাৰ্থবিজ্ঞানী ডাঃ ফাইজুদ্দিন আহমেদকো এই অনুষ্ঠানত সন্মানিত কৰা হয়। শেহতীয়াকৈ ছিকিমত “মিড্নাইটছ্ মেলান্কলি” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা উদীয়মান কবি শ্বাহনাজ ইছলামে তেওঁৰ গ্ৰন্থখনৰ কেইটামান কবিতা আবৃত্তি কৰি দৰ্শকক আপ্লুত কৰে। বৰষা ৰাণী বিষয়া আৰু ৰবি শৰ্মা অভিনীত মিৰ্জা আৰিফ হাজৰিকাৰ চুটি ছবি “ছ’ৰী’’ এতিয়া ডিজনী+হট্ষ্টাৰত উপলব্ধ হৈছে, যিটো অসমীয়া চুটি ছবিৰ বাবে এক বিৰল সন্মান। মিৰ্জাই ছবিখন নিৰ্মাণৰ সময়ত লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰে। এই অনুষ্ঠানটোত আন কৃতিত্বৰ সৈতে ছেভেন ছেন্স কমিউনিকেশ্যন (পি আৰ এজেন্সী)ৰ পৰিচালন সঞ্চালিকা প্ৰিয়ংকা পল বেনাৰ্জীকো সম্বৰ্ধনা জনোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here