গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

 



W7s news গুৱাহাটী : চিকিৎসক বিকাশ শইকীয়াৰ অনুদিত “ওমৰ খায়াম” শীৰ্ষক ইংৰাজী উপন্যাস খন শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় ৷  প্ৰয়াত অধ্যাপক প্ৰদীপ শইকীয়া ৰচিত ”ওমৰ খায়াম” শীৰ্ষক অসমীয়া উপন্যাস খনৰ পৰাই  শনিবাৰে উন্মোচিত গ্ৰন্থখন অনুবাদ কৰা হৈছে ৷ গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা; বেদব্ৰত মিশ্ৰ, লেখিকা অৱসৰ প্ৰাপ্ত অধ্যাপক ড° ৰাণী মুদিয়াৰ ডেকা, ডাঃ গকুল বৰা  আৰু সাংস্কৃতিক কৰ্মী ৰামকৃষ্ণ তালুকদাৰে ৷ অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে ডা° বিকাশ শইকীয়া আৰু ডা° কল্পনা শইকীয়াই ৷ সুন্দৰ সত্ৰীয়া নৃত্য পৰিবেশনেৰে নিষ্ঠা বৰ্মনে অনুস্থানটো জীপাল কৰি তোলে ৷স্তম্ভ লেখক ব্ৰজেন ডেকাই আঁতধৰা সভাখনত আদৰণি ভাষণ দিয়ে প্ৰকাশক জুৰি ডেকা বৰ্মন আৰু বাপন বৰ্মনে। ইফালে গুৱাহাটী প্ৰেছ ক্লাৱত গুৱাহাটী প্ৰেছ ক্লাৱত তিনি বজাত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত

উমাকান্ত কলিতাৰ ৫ খন গ্ৰন্থ ক্ৰমে অকণিৰ বিজ্ঞানী, সন্ধালনি, মানৱ কল্যাণৰ সুগম পথ, জীৱন যাত্ৰাৰ অনুভূতি আৰু মনৰ ওচ-মোচ শত কাকলি উন্মোচন কৰা হয়। শিক্ষাবিদ বিমল কৃষ্ণ ভট্টাচাৰ্যৰ সভাপতিত্বত 

অনুষ্ঠিত সভাত গল্প প্ৰাণ ৰিজু হাজৰিকা, ড০ মুকুল চক্ৰৱৰ্তী, ড০ জগন্নাথ পাটগিৰি, হৰি দত্ত চৌধুৰী, সুশীল বৰঠাকুৰে গ্ৰন্থখন উন্মোচন কৰে। প্ৰাৰ্থনাৰে

সভাৰ আৰম্ভণি কৰে বীৰেন্দ্ৰ কুমাৰ দাস, ৰীণা দাস আৰু তেওঁলোকৰ সংগীবৃন্দই। সভাত দিগন্ত কলিতাই বৰগীত পৰিবেশন কৰে। সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here