৩১ জুলাইত কলাক্ষেত্ৰত ‘মৌ মেল’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 July 2022

৩১ জুলাইত কলাক্ষেত্ৰত ‘মৌ মেল’

 




W7s news গুৱাহাটী ঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে প্ৰতি মাহৰ শেষৰ দেওবাৰে শিশু-চেমনীয়াৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ  বাবে অনুষ্ঠিত কৰি অহা ‘মৌ মেল’ অনুষ্ঠানটো  দিনৰ ২ বজাৰ পৰা কলাক্ষেত্ৰৰ বাকৰিত এই মৌ-মেলখন অনুষ্ঠিত হ’ব৷  এইবাৰৰ ১৬২ সংখ্যক মৌ-মেলত প্ৰাক্‌ প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ চাৰিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা,  পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ লগতে শিশু চেমনীয়াৰ বিভিন্ন নৃত্য-গীত, আবৃত্তি আদি অনুষ্ঠন অনুষ্ঠিত হ’ব৷ শিশু চেমনীয়াসকলে মৌ-মেলত অংশগ্ৰহণ কৰিবৰ বাবে কোনো ভৰ্তি মাচুল দিব নালাগে অথবা প্ৰৱেশ পত্ৰও সংগ্ৰহ কৰিব নালাগে আৰু ছবি অঁকাৰ বাবে কাগজ কলাক্ষেত্ৰ সমাজে যোগান ধৰিব বুলি মৌ মেলৰ পৰিচালক, চিত্ৰশিল্পী মধুসূদন দাসে জানিবলৈ দিছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here