নলবাৰীত বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় বৈঠক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 July 2022

নলবাৰীত বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় বৈঠক

 




W7s news গুৱাহাটী :বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় বৈঠক খন দেওবাৰে পুৱা ১০ বজাৰ পৰা নাট্য মন্দিৰ ,নলবাৰীত কেন্দ্ৰীয় মহামন্ত্ৰী বিনায়ক ৰাও দেশ পাণ্ডেৰ উপস্থিতিত অনুষ্ঠিত হয় । পৰিষদৰ ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী, প্ৰান্তীয় সভাপতি ডাঃ মুনীন্দ্ৰ মোহন ডেকা , কাৰ্যকৰী সভাপতি পৰমেশ দত্ত, উপসভাপতি ক্ৰমে তাৰাবতী শৰ্মা, বিজয় লক্ষী শৰ্মা, সম্পাদক পল্লব পৰাশৰ, সহ সম্পাদক ব্ৰজ মোহন শৰ্মা, বিধান দেৱ ৰায়ৰ লগতে বিভিন্ন বিভাগৰ বিভাগীয় প্ৰমুখ উপস্থিত থকা বৈঠকত বিভিন্ন জিলাৰ পৰা অহা সভাপতি সম্পাদকৰ উপৰিও বজৰং দলৰ বিষয় ববীয়া আৰু পূৰ্ণ কালীন উপস্থিত থাকে । বৈঠকত ৰাজলক্ষী শৰ্মা গোস্বামীয়ে অনুবাদ কৰা সুবোধ ৰামায়ণ আৰু সম্পাদক পল্লব পৰাশৰে সম্পাদনা কৰা গ্ৰন্থ  বালক সংস্কাৰ কেন্দ্ৰ পুষ্টিকা উন্মোচন কৰে ক্ৰমে বিনাওক ৰাও দেশপাণ্ডে , দিনেশ তেৱাৰী, ডাঃ মুনীন্দ্ৰ মোহন ডেকা , পৰমেশ দত্ত, তাৰাবতী শৰ্মা, ৰাজলক্ষী শৰ্মা গোস্বামীয়ে উন্মোচন কৰে । বৈঠকত গো ৰক্ষা বিভাগৰ অৰূপ বেজবৰুৱা, সেৱা বিভাগৰ মুন ডেকা, আইন কোষৰ প্ৰমুখ অধিবক্তা জীতেন পায়েং, মঠ মন্দিৰ প্ৰমুখ দিলীপ চক্ৰৱৰ্তী, ধৰ্ম প্ৰচাৰ বিভাগৰ সহ প্ৰমুখ মিণ্টু ৰাজবংশী, সম্পৰ্ক প্ৰমুখ কৃঞ্চ সিং, প্ৰচাৰ প্ৰমুখ নৰেন ৰয়, বজৰং দলৰ তৰফৰ পৰা নিজ নিজ বিভাগৰ বৃত্তৰ বিষয়ে চমুকৈ বক্তব্য আগবঢ়ায় । কেন্দ্ৰীয় মহামন্ত্ৰী বিনায়ক ৰাও দেশপাণ্ডে তেওৰ বক্তব্যৰ মাজেৰে বিশ্ব হিন্দু পৰিষদৰ সাংগঠনিক দিশটো টনকিয়াল কৰাৰ কথা উল্লেখ কৰে আৰু প্ৰতি অঞ্চলতে হিত চিন্তক বঢ়াবলৈ আহ্বান জনায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here