সদৌ অসম দিব্যাংগ সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অভিনন্দন অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 12 July 2022

সদৌ অসম দিব্যাংগ সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অভিনন্দন অনুষ্ঠান

 

W7s news গুৱাহাটী: সদৌ অসম দিব্যাংগ সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উচ্চতৰ মাধ্যমিক পৰীক্ষাত  কলা, বিজ্ঞান আৰু বাণিজ‍্য শাখাত শীৰ্ষ স্থান প্ৰাপ্ত শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত শীর্ষস্থান প্ৰাপ্ত একাংশ শিক্ষৰ্থীৰ অভিভাৱকে সম্বৰ্ধনা গ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে দিব‍্যাংগ  কিশোৰ কুলদীপ ডেকাই সুধাকণ্ঠ প্ৰয়াত ড০ ভূপেন হাজৰিকাৰ এটা গীত পৰিৱেশন কৰে।

সদৌ অসম দিব্যাংগ সন্থাৰ সভাপতি দৈব্যশক্তি ডেকাই সভাৰ উদ্দেশ্য ব্যখ্যা কৰে। সন্থাৰ উপদেষ্টা ৰমেন চন্দ্ৰ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ ভাষণ প্ৰংগণত কয়-উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা, বিজ্ঞান আৰু  বাণিজ‍্য শাখাত শীৰ্ষ স্থান প্ৰাপ্ত সকলক উৎসাহিত কৰাৰ বাবে সদৌ অসম দিব্যাংগ সন্থাই গ্ৰহণ কৰা এই প্ৰচেষ্টা শলাগীবলগীয়া। জীৱনৰ প্ৰতিটো পৰীক্ষাই প্ৰত্যাহ্বান হিচাপে লৈ ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়ি যাব লাগে। দিব্যাংগ সকলৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ষ্টিফেন হকিং, ৰবীন্দ্ৰ জৈন আদিয়ে 

নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি সমাজত দিব্যাংগ সকলে নিজৰ মনোবলেৰে কিদৰে আগবাঢ়ি যাব পাৰে তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। উল্লেখ্য, এইবাৰ

বান পানীত ক্ষতিগ্ৰস্ত হোৱা  শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে 

বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হ'ব বুলি সমাজকর্মী, সন্থাৰ উপদেষ্টা ৰমেন চন্দ্ৰ বৰঠাকুৰ

দায়িত্ব গ্ৰহণ কৰে।



সভাৰ শেষত দিব্যাংগ কিশোৰ কুলদ্বীপ ডেকাই কেইবাটাও আধুনিক গীত পৰিবেশন কৰে। সভাত বহু সংখ‍্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here