মতিলাল ওছৱাল ভিজন ২০৩০ ফাণ্ড মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 July 2022

মতিলাল ওছৱাল ভিজন ২০৩০ ফাণ্ড মুকলি

 



বজাৰ দৃষ্টিভংগী আৰু মতিলাল ওছৱাল ভিজন ২০৩০ ফাণ্ডৰ স্থিতি শীর্ষক আলোচনা চক্র


W7s news গুৱাহাটী: বিশ্বজুৰি অৰ্থনৈতিক মন্দাৱস্থা চলি থকাৰ সময়তো ভাৰতীয় বজাৰ, অন্যান্য বর্ধিত আৰু বিকশিত বজাৰৰ লগতে মুদ্ৰা প্ৰদৰ্শনত প্ৰতিফলিত হৈছে ভাৰতৰ অৰ্থনৈতিক স্থিতিতা। এই মন্তব্য মতিলাল ওছৱাল এছেট মেনেজমেন্ট কোম্পানীৰ মুখ্য বাণিজ্যিক বিষয়া অখিল চতুর্বেদীৰ। বজাৰ দৃষ্টিভংগী আৰু ‘মতিলাল ওছৱাল ভিজন ২০৩০ ফাণ্ডৰ স্থিতি' শীৰ্ষক আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে ভাষণ প্রদান কৰি অখিল চতুর্বেদীয়ে এইদৰে মন্তব্য কৰি কয় যে অর্থনৈতিক বিকাশ অনুসৰি ভাৰতৰ মুদ্রাস্ফিতিও নিয়ন্ত্রণযোগ্য সীমাৰ ভিতৰতে আছে। যিটো আই এম এফৰ ২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ৭.৪০ শতাংশ। বিশ্বব্যাপি সামগ্ৰীৰ মূল্য হ্ৰাস হোৱা আৰু খাৰুৱা তেলৰ মূল্যৰ প্ৰাৰম্ভিক সংকেত কৰাৰ লগতে ভাৰতে চীন আৰু পি এল আই আঁচনিৰ পৰা শক্তিশালী উৎপাদনৰ ক্ষেত্ৰত এক সোণালী দশকৰ বাবে সাজু হৈছে। তেওঁ লগতে বজাৰসমূহে মুখ্যতঃ বিশ্বব্যাপী ঋণাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু বৰ্তমানৰ মূল্যায়ংকন অনুসৰি দীৰ্ঘম্যাদি বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় বিনিয়োগৰ সুযোগ প্ৰদান কৰিব। ভাৰতৰ বাবে আগন্তুক সোণালী দশকটো সর্বশ্রেষ্ঠ আৰু ভাৰতীয় ইকুইটীৰ ওপৰত এক শক্তিশালী ক্রয় হিচাপে বিবেচিত হ'ব। তেওঁ লগতে আৰু কয় যে এই সুযোগটো প্ৰাপ্ত কৰিবলৈ আমি শেহতীয়াকৈ মতিলাল ওছৱাল ভিজন ২০৩০ ফাণ্ড মুকলি কৰা হৈছে, যিটো তালিকাভুক্ত আৰু তালিকাভুক্ত নোহোৱা দুয়োটা ছিকিউৰিটীত বিনিয়োগ কৰিবলৈ বিচৰা এ আই এফৰ ছবছৰৰ সমাপ্তি হ'ব। আনহাতে তালিকাভুক্ত নোহোৱা স্থানত প্ৰাক আইপিঅ' আৰু আইপিঅ’ হিচাপে কোম্পেনিবোৰত পুঁজি বিনিয়োগ কৰিব পাৰিব। একেদৰে ছয় ডলাৰ টন অর্থনীতি হোৱাৰ যাত্ৰাত তালিকাভুক্ত স্থানত বিনিয়োগত লাভান্বিত হোৱাৰ সুযোগ লাভ কৰিব। কৌশলে মূল্য প্ৰজনন আৰু ব্যাঘাতৰ বিষয়বস্তুবোৰত শীর্ষ স্থানলৈ নিব। সামগ্রীকভাৱে ভাৰতৰ বিকাশৰ সম্ভাৱনা আৰু অধিক দৃঢ় হ'ব। ইপিনে পুষ্পগীত ফাইনেনচিয়েল চাৰ্ভিছ পাৰ্টনাৰৰ স্বত্বাধিকাৰী সঞ্জয় আগৰৱাল আৰু মনীশ আগৰৱালেও বিষয়টোৰ ওপৰত তাৎপৰ্যপূৰ্ণ আলোকপাত কৰে। উক্ত আলোচনা চক্ৰত উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকল অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here