ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত পহিলা জুলাইত 'চিকিৎসকৰ দিন' ৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 June 2022

ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত পহিলা জুলাইত 'চিকিৎসকৰ দিন' ৰ আয়োজন

 




W7s new


s ষ্টাফৰিপোৰ্টাৰ: ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই ২০২২ চনৰ পহিলা জুলাইত দিন জোৰা কাৰ্য্যসূচীৰে ডক্টৰচ ডে (চিকিৎসকৰ দিন) পাতিবলৈ আয়োজন কৰি আহিছে। প্রতি বছৰৰ পহিলা জুলাইত ভাৰতৰ প্ৰখ্যাত চিকিৎসক, ৰাজনীতিবিদ সমাজ সংস্কাৰক তথা জনতাৰ বন্ধু পশ্চিমবঙ্গৰ প্ৰাক্তন মুখ্যমন্ত্রী ডাঃ বিধানচন্দ্ৰ ৰায়ৰ স্মৃতিত “চিকিৎসকৰ দিন হিচাপে পালন কৰি অহা হৈছে। ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই এই দিনটো স্বাধীনতাৰ গৌৰৱোজ্জ্বল পয়সত্তৰ বছৰ উদযাপনৰ লগত সংগতি ৰাখি পালন কৰিবলৈ মনস্থ কৰিছে-দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ সভাপতি ডাঃ সত্যজিত বৰাই। তেওঁ লগতে কয়-' এই উপলক্ষে পুৱা ৮ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ প্ৰেক্ষাগৃহৰ প্ৰেক্ষাগৃহৰ প্ৰাংগণৰ পৰা এটা "সুৰবাহিনী" আৰম্ভ কৰি বিভিন্ন দেশপ্রেম মূলক গীত পৰিৱেশন কৰি গুৱাহাটীৰ কেইবাটাও মূল পথেৰে পৰিভ্ৰমণ কৰি পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সমাপ্ত হ'ব। সন্ধিয়া ৫ বজাৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্রেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত চিকিৎসক সকলে দেশপ্রেম মূলক গীত, নৃত্য, নাটক আদি পৰিবেশন কৰিব। তদুপৰি এই অনুষ্ঠানতে ক'ভিড প্রতিষেধক প্রদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা বিভিন্ন জিলাৰ ৯জন চিকিৎসকক সন্মানিত কৰা হব। সন্ধিয়াৰ এই অনুষ্ঠানত স্বাস্থ্য মন্ত্রী যুত কেশৱ মহন্ত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। এই অনুষ্ঠানতে ভাৰতীয় চিকিৎসা সন্থাৰ তৰফৰ পৰা বিশিষ্ট চিকিৎসক ডাঃ নৰেন্দ্ৰ নাথ দত্তলৈ আগবঢ়োৱা বঁটা

অনুষ্ঠানিকভাবে অৰ্পণ কৰা হ'ব।' সংবাদ মেলত ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ সম্পাদক ডা: শিখা শৰ্মা, উপদেষ্টা ডাঃ হিতেশ বৰুৱা, প্ৰাক্তন ৰাজ্যিক সম্পাদক মানবেন্দ্ৰ গোস্বামী উপস্থিত থাকি চিকিৎসক দিৱসৰ সফলতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here