গুৱাহাটী প্ৰেছ ক্লাৱত 'মধুমঞ্জৰী'' নামৰ গানৰ ভিডিও এলবাম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 June 2022

গুৱাহাটী প্ৰেছ ক্লাৱত 'মধুমঞ্জৰী'' নামৰ গানৰ ভিডিও এলবাম মুকলি

 




W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে

ভবৰঞ্জনী প্ৰডাকচনৰ বেনাৰত নির্মিত আৰু মহেশ ৰাজবংশীৰ প্রয়োজনাত 'মধুমঞ্জৰী' নামৰ গানৰ এটা ভিডিঅ' এলবাম  মুকলি কৰা হয়। কালজয়ী, জীৱন নদী আৰু বনৰীয়া ফুল নামৰ তিনিটা গানৰ এই এলবামটোত কন্ঠ নিগৰাইছে ক্ৰমে অসমৰ যুৱপ্ৰজন্মৰ হিয়াৰ আমঠু যশস্বী শিল্পী জুবিন গাৰ্গ, দিক্ষু, নীল আকাশ আৰু জুবলী বৰুৱাই।

গীতকেইটিৰ গীতিকাৰ মহেশ ৰাজবংশী। সুন্দৰ সুৰেৰে সজাইছে সুগায়কৰ লগতে কেইবাখনো অসমীয়া আৰু চাদ্ৰী চলচ্চিত্ৰৰ সংগীত পৰিচালক  নিবিৰ জ্যোতি কলিতাই। সংগীত আৰু ব্যৱস্থাপনাত আছে সুৰমণি দত্ত আৰু পংকজ শৰ্মা। ভিডিঅ' এলবামটোৰ নিৰ্দেশনা আৰু সম্পাদনাত আছে ভিডিঅ' আৰু চলচ্চিত্ৰ পৰিচালক অনুপম বৰদলৈ । চিত্ৰগ্ৰহণত আছে প্ৰণৱ মেধি আৰু পৃথ্বিৰাজ দত্ত। এলবামটৌৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমীয়া চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেতা আৰু অভিনেত্রী ক্রমে উৎপল দাস, ৰাগ ঐনিতম, সুনীতা কৌশিক আৰু গুঞ্জন ভৰদ্বাজ।

সহ:শিল্পী সকল হৈছে  নীৰেণ কাকতি, দিপালী ডেকা ৰাজবংশী, নৰেণ কলিতা, ৰাজশ্ৰী শৰ্মা, দুলন বাহেক, দীপাংকৰ কাকতি, মহেশ ৰাজবংশী, অগ্ৰিমা বৰদলৈ আদি। ভবৰঞ্জনীৰ বেনাৰত আৰু অনুপম বৰদলৈৰ পৰিচালনাত এখন পূর্ণদৈৰ্ঘ্যৰ অসমীয়া চলচিত্ৰৰ চিত্ৰগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে।

'মধুমঞ্জৰী'ৰ প্রযোজক মহেশ ৰাজবংশীয়ে আদৰণি ভাষণ দিয়া সভাখন আঁতধৰে বিশিষ্ট সাংস্কৃতিক কর্মী ডাঃ সমৰ গগৈয়ে।  অনুষ্ঠানত উপস্থিত থাকি ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ নাৰায়ণ তালুকদাৰ, 

বিশিষ্ট সংগীত শিল্পী সূৰ্য দাস, বিশিষ্ট বাদ্যযন্ত্ৰী নৰেন কলিতা, অভিনেতা ৰাগ ঐনিতম, কণ্ঠশিল্পী জুবলী বৰুৱাই এলবামটো মুকলি কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here