হিন্দু সুৰক্ষা সেনা, অসমৰ প্ৰতিবাদী কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 12 June 2022

হিন্দু সুৰক্ষা সেনা, অসমৰ প্ৰতিবাদী কাৰ্যসূচী

 



অল কাইদা প্রধান জৱাহিৰিৰ প্ৰতিকৃতি আৰু পতাকা দাহ 


ভাৰতত তৎকালে মুছলমানৰ জনবিস্ফোৰণৰ ৰোধ কৰা, কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন বলৱৎ কৰাৰ দাবী




W7s news ষ্টাফৰিপোৰ্টাৰ: হিন্দু সুৰক্ষা সেনা, অসমৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। মূলতঃ ইছলামিক সন্ত্রাসবাদী সংগঠন অল কায়দাই ভাৰতক দিয়া ভাবুকিৰ লগতে বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাৰ মন্তব্যক চেলু হিচাপে লৈ ইছলামিক ৰাষ্ট্ৰসমূহে ভাৰতক অপমান কৰিবলৈ উঠি পৰি লগা কাৰ্যৰ বিৰুদ্ধে ৰূপায়িত কৰা হয় এই প্রতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে অল কাইদা,মৌলবাদী শক্তি হুচিয়াৰ, ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক,

ভাৰত মাতাৰ জয়, হৰ হৰ মহাদেৱ, জয় আই অসম, নূপুৰ শৰ্মা জিন্দাবাদ আদি শ্ল'গান দিয়ে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা সেনাৰ কাৰ্যকৰ্তাসকলে অল কাইদা প্রধান জৱাহিৰিৰ প্ৰতিকৃতি আৰু পতাকা দাহ কৰাৰ লগতে ভাৰতত তৎকালে মুছলমানৰ জনবিস্ফোৰণৰ ৰোধ কৰা, কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন বলৱৎ কৰা, ভাৰতত উমৈহতীয়া অসামৰিক বিধি প্ৰৱৰ্তন কৰা, কাশী মথুৰাৰ বিতর্কিত মছজিদৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰা, সকলো সনাতন হিন্দু ধর্মীয় স্থান বেদখলমুক্ত কৰা, অসমৰ বনভূমিৰ পৰা মিঞা বেদখলকাৰীহঁতক উচ্চেদ কৰা আদি বিভিন্ন দাবীসমূহো উত্থাপন কৰে। তদুপৰি তেওঁলোকে নিলম্বিত বিজেপি নেত্ৰী নূপুৰ শৰ্মা আৰু নবীন জিন্দালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে এই দুজন ব্যক্তিৰ মন্তব্যৰ প্ৰতিবাদ কৰিবলৈ গৈ একাংশ দুষ্কৃতিকাৰীয়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা কাৰ্যকো গৰিহণা দিয়ে। প্ৰতিবাদী কাৰ্যসূচীৰ শেষত সংঠনটোৰ সভাপতি সঞ্জীৱ সিংহ আৰু  সাধাৰণ সম্পাদক কাঞ্চন নাথে সংশ্লিষ্ট সকলোকে সঁকীয়াই দি কয় - হিন্দু আৰু হিন্দুস্তানৰ প্ৰতি কোনোবাই শত্রুতামূলক আচৰণ কৰিলে তাক হিন্দু সুৰক্ষা সেনাই সদায় নিজৰ শত্ৰুৰূপে গণ্য কৰিব আৰু তেনে শত্ৰুক প্ৰতিহত কৰিবলৈ অহৰহ কাম কৰি যাব। অল কাইদা, মৌলবাদী শক্তিয়ে আমাৰ দেশক দিয়া ভাবুকি দিয়া কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ দেশৰ বিভিন্ন ঠাইৰ মন্দিৰ সমূহত আক্ৰমণ প্ৰতিদিনে বৃদ্ধি পাইছে। যিবোৰ ঠাইত বাংলাদেশী  মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে সেইবোৰ ঠাইত হিন্দুৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। নামনি অসমত বড়ো সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বাংলাদেশী  মুছলমানসকলে। আমি চৰকাৰক পূৰ্বেও মাদ্ৰাছা আৰু মছজিদ সমূহৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিবলৈ সকীয়াই দিছিলোঁ। দেশৰ বহু হিন্দুত্ববাদী নেতাক অল কাইদাই হত্যা কৰাৰ ভাবুকি দিছে। আমি তেওঁলোকক সকীয়াই দিয়াৰ লগতে তেওঁলোকৰ লগত যুঁজিবলৈ সাজু হৈ আছোঁ।' এই কাৰ্যসূচীত হিন্দু সুৰক্ষা সেনা, অসমৰ বহু সংখ্যক সদস্যই অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here