শংকৰদেৱ বিদ্যা নিকেতন, বিষ্ণুপথত অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 June 2022

শংকৰদেৱ বিদ্যা নিকেতন, বিষ্ণুপথত অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

 



 W7s news গুৱাহাটী: গুৱাহাটীৰ


বিষ্ণুপথস্থিত শংকৰদেৱ বিদ্যা নিকেতনত মঙলবাৰে

অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । পুৱা ৭-৪৫ বজাত বন্তি প্ৰজ্জলন আৰু বন্দনাৰে প্ৰথম সত্ৰৰ শুভাৰম্ভ কৰা হয় । বন্তি প্ৰজ্জলন কৰে যোগাচাৰ্য তথা শিশু শিক্ষা সমিতি,অসমৰ প্ৰশিক্ষন প্ৰমুখ  মহানন্দ দাসে । তেওঁ ভাষণত " যোগৰ তাৎপৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে পতঞ্জলি অষ্টাংগ যোগৰ বিষয়ে বিশেষ মাৰ্গ দৰ্শন কৰে আৰু ছাত্ৰ-ছাত্ৰীক যোগ শিক্ষাৰ প্ৰতি আকৰ্ষিত হবলৈ আহ্বান জনায় ।দ্বিতীয় সত্ৰত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক  ডাঃ অনিল শৰ্মা । তেওঁ যোগ বিদ্যাৰ বিষয়ে চমু অথচ গভীৰ বক্তব্য ৰাখে । বৰ্তমান সময়ত যোগৰ জৰিয়তে ৰোগ নিৰাময় যে কৰিব পাৰি তাৰ বিশদ ব্যাখ্যা তেওঁ  ভাষণত দাঙি ধৰে । যোগাচাৰ্য  মহানন্দ দাসৰ মাৰ্গ দৰ্শনত আৰু নিকেতনৰ আচার্য ৰামেশ্বৰ ঠাকুৰীয়াৰ সহযোগত নিকেতনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আচাৰ্য আৰু নিকেতন পৰিচালনা সমিতিৰ সদস্য সকলে একেলগে যোগ মন্ত্ৰ গাই, ব্ৰহ্মনাদ ধ্বনি দি , সন্ধি ব্যায়াম, থিয় হৈ কৰা আসন,সূৰ্য নমস্কাৰ, প্ৰাণায়াম ইত্যাদিৰ অনুশীলন কৰে । গোটেই সভাখন পৌৰহিত্য কৰে নিকেতনৰ প্ৰধানাচাৰ্য  তপন শৰ্মাই ।উপ প্ৰধান আচাৰ্য  খনিন বৰ্মনে শলাগৰ শৰাই আগবঢ়ায় । শেষত  " বন্দে মাতৰম" ৰাষ্ট্ৰীয় সংগীতেৰে যোগ দিৱসৰ কাৰ্য ক্ৰমণিকা সামৰণি পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here