অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 June 2022

অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ

 




W7s news নিউজ ডেস্ক: অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ।ফিনলেণ্ডৰ পাভো নুৰ্মি গেমছত মঙলবাৰে ৮৯.৩০ মিটাৰ থ্ৰোৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হ'ল নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাই পাভো নুৰ্মি গেমছত ৮৯.৩০ মিটাৰ থ্ৰোৰে নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে৷ অলিম্পিকৰ পাছত পাভো নুৰ্মি গেমছ হৈছে নীৰজৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। নীৰজ চোপ্ৰাই ২০২১ চনৰ ৭ আগষ্টত টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ থ্ৰোৰে স্বৰ্ণ পদক অৰ্জন কৰিছিল৷ নীৰজ চোপ্ৰাৰ বাবে এইটো এক ঐতিহাসিক মূহুৰ্ত আছিল৷কিয়নো তেওঁ নিজৰ আকাংক্ষিত ৯০ মিটাৰ সীমা স্পৰ্শ কৰিছিল, যাক জেভলিন থ্ৰো পৃথিৱীত সোণৰ মানদণ্ড বুলি গণ্য কৰা হয়।ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ পিছতো তেওঁ পাভো নুৰ্মি গেমছত ৰূপৰ পদকত সন্তুষ্ট হ'ব লগা হৈছিল কিয়নো ফিনলেণ্ডৰ অলিভাৰ হেলেণ্ডাৰে ৮৯.৮৩ মিটাৰ থ্ৰোৰে সোণৰ পদক জিকিছিল।নীৰজে টুৰ্ণামেন্টখনত দ্বিতীয় স্থান লাভ কৰে।আনহাতে অলিভাৰ হেলেণ্ডাৰ ৮৯.৯৩ মিটাৰ থ্ৰোৰে ব্যক্তিগত শ্ৰেষ্ঠতা অৰ্জন কৰি প্ৰথম স্থানত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here