পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন নর্থ ইষ্ট টেক এক্সপ' ২০২২ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 15 June 2022

demo-image

পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন নর্থ ইষ্ট টেক এক্সপ' ২০২২

Responsive Ads Here

 

IMG_20220616_003351



W7s news ষ্টাফৰিপোৰ্টাৰ : উত্তৰ-পূব ভাৰত নতুন দিল্লীৰ এক ইষ্ট পলিচীৰ কেন্দ্ৰবিন্দু হোৱাৰ বাবে গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে নর্থ ইষ্ট টেক এক্সপ' ২০২২আয়োজন কৰা হৈছে। এই এক্সপ'গুৱাহাটীস্থিত হাইপ কমিউনিকেচন এও মার্কেটিং কনচাল্টেন্সি আৰু নয়ডাস্থিত দাস আৰু ডাবৰুৱে আয়োজন কৰিছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে নয়ডাস্থিত দাস আৰু ডাবৰুৰ প্ৰতিষ্ঠাপক সঞ্চালক তথা নর্থ ইষ্ট টেক এক্সপ' ২০২২ৰ প্ৰকল্প প্ৰমুখ শিখা আনন্দে। তেওঁ লগতে কয়-অগন্তক ২২ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ উত্তৰ-পূব টেক এক্সপো ২০২২' গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব। এই এক্সপ'ৰ লক্ষ্য হৈছে পৰ্যাপ্ত পানী যোগান,নিশ্চিত বিদ্যুৎ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, অনাময়, দক্ষ নগৰীয়া গতিশীলতা, ৰাজহুৱা পৰিবহন,ঘাইপথ, সুলভ গৃহ, ডিজিটেলাইজেচন আৰু বহনক্ষম পৰিৱেশ, স্বাস্থ্য আৰু শিক্ষা অন্তৰ্ভুক্ত থকা আঞ্চলিক উন্নয়নসক্ষম কৰি অৰ্থনৈতিক বিকাশ আৰু জীৱনৰ মানদণ্ড উন্নত কৰা। লগতে নিবনুৱা যুৱক-যুৱতী সকলক এখন মঞ্চ দিয়াৰ বাবে এই এক্সপ'ৰ আয়োজন কৰা হৈছে। এই এক্সপ' ত ১৫০ খনৰো অধিক বিপণী থাকিব।' সংবাদ মেলত নৰ্থ ইষ্ট টেক এক্সপ' ২০২২ ৰ বিষয়ববীয়া ড০ প্ৰণৱ জ্যোতি পাটৰ, অৱতাৰ গীল, অংকুৰ বৰুৱা, পংকজ মজুমদাৰ, সাগৰ চৌহান আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *