বান সাহাৰ্যৰ ক্ষেত্ৰত চৰকাৰৰ ব্যর্থতাৰ দাবীত চি পি আইৰ গণধৰ্ণা কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 June 2022

বান সাহাৰ্যৰ ক্ষেত্ৰত চৰকাৰৰ ব্যর্থতাৰ দাবীত চি পি আইৰ গণধৰ্ণা কাৰ্যসূচী

 




W7s news গুৱাহাটী:  চি পি আই অসম ৰাজ্য পৰিষদৰ আহ্বানত বান সাহায্যৰ ক্ষেত্ৰত চৰকাৰৰ বাৰ্থতা, পেট্রল-ডিৰে মূল্য হ্ৰাস কৰাত বন ব্যৱস্থা সংশোধন কৰাত চৰকাৰৰ অনিচ্ছা, আৰু বভিদ পৰিস্থিতিত ঘটা চৰকাৰী দুনীতি আৰু ভুৱা কাউন্টাৰৰ নামত বাচি বাচি মুছলমান যুবকক হত্যা আৰু বটদ্ৰৱা থানাত অগ্নিসংযোগ আদি ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবীত মঙলবাৰে লক্ষ্মীনাথ বেজবৰুৱা চ'কত প্রায় শতাধিক সদস্যই গণধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত পাৰ্টিৰ ৰাজ্যিক পৰিষদৰ সম্পাদক মুনিন মহন্ত সম্পাদকমণ্ডলীৰ সদস্য ৰমেন দাস, অসমী গগৈ, ৰাজা পৰিষদ সদস্য বিপুল তালুকদাৰ, বাবুল চৌধুৰী, ফণী দাস আদি উপস্থিত থাকি নেতৃত্ব বহন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ কমিউনিষ্ট পাৰ্টি অসম ৰাজ্যিক পৰিষদৰ সম্পাদক মুনিন মহন্তই কয়-বিগত প্ৰায় ২ মাহে প্ৰচুৰ বৃষ্টিপাতে ৰাজ্যখনত বিপৰ্যায়ৰ সৃষ্টি কৰিছে। অত্যাধিক বৰষুণৰ বাবে জলবিদ্যুৎ বান্ধসমূহ খুলি দিয়াৰ ফলত কামৰূপ, গোৱালপাৰা, নগাঁও জিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে। সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বনপীড়িত জনসাধাৰণক উদ্ধাৰ কৰি আশ্রয় শিবিৰ স্কুলসমূহত নাপাতি ৰাজপথত থাকিবলৈ দিয়াত অকাল মৃত্যু ঘটিছে। আশ্রয় শিবিৰত খাদ্য যোগান নাই, তিনিদিনলৈকে মানুহ ভোকে লঘোণে থাকিব লগীয়া হৈছে। মথাউৰিসমূহ মেৰামতি কৰাৰ বাবে কমিউনিষ্ট পাৰ্টিয়ে প্রথম কিস্তিত এক হাজাৰ কৌটি টকা অসম চৰকাৰক দিয়াৰ দাবী উপেক্ষিত হৈ থকাৰ বাবে বহুত বানাক্ৰান্তই খোৱাপানী আৰু খাদ্যাভাব, পশুখাদাৰ অভাবত জীৱ-জন্তুৰ অলাই আথানি হৈছে। বিধ্বংসী বানে ৰাস্তা-ঘাট, মাথাউৰি তচনচ কৰিছে। সঠিক ক্ষতি পূৰণ মূল্যায়ন কবি ৰাজ্যখনৰ তৃতীয়টো বানৰ মুখামুখী হ'বলৈ প্ৰস্তুত হবলৈ আমি এই দাবী জনালোঁ। লগতে ৰাজ্যখনত এনকাউন্টাৰৰ নামত ন্যায়িক ব্যৱস্থা বর্হিভূত হত্যা বন্ধ কৰাৰ দাবী জনালোঁ।এই চৰকাৰৰ দিনত বিগত তিনি মাহত ৪৭ টা হত্যাকাণ্ড হৈছে। পৰিকল্পিতভাবে ৪৭ টা হত্যাকাণ্ডৰ ৪৩ টাতে মুছলমান যুৱকক হত্যা কৰা হৈছে। এই কাৰ্যসূচীত  সম্পাদকমণ্ডলীৰ সদস্যা

অসমী গগৈ, শ্ৰমিক নেতা বাবুল চৌধুৰী,ৰমেন দাস, ফণী দাস আদিয়ে বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here