গুৱাহাটীৰ কৃত্ৰিম বান, বিধ্বস্ত বাট-পথ, নলা-নৰ্দমা বিজ্ঞানসন্মত ব্যৱস্থাৰে সমাধানৰ দাবীত গুৱাহাটীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 June 2022

গুৱাহাটীৰ কৃত্ৰিম বান, বিধ্বস্ত বাট-পথ, নলা-নৰ্দমা বিজ্ঞানসন্মত ব্যৱস্থাৰে সমাধানৰ দাবীত গুৱাহাটীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

 





W7s news গুৱাহাটী: উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰৱেশদ্বাৰ, অসম চৰকাৰে স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিব বিচৰা গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা বিজ্ঞানসন্মতভাবে স্থায়ী সমাধানৰ দাবীত আৰু বিধস্ত বাট-পথ, নলা-নৰ্দমা শীঘ্ৰেই পুনৰ নিৰ্মাণৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। মঙলবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসৰ পৰা ছাত্ৰ সন্থাৰ আহ্বানক্রমে সহস্রাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন দাবী সম্বলিত বেনাৰ ফেষ্টুন হাতে হাতে লৈ অসম চৰকাৰ হায় হায়, জি এম ডি এ হায় হায়, জি এম চি হায় হায়, গুৱাহাটী উন্নয়ন বিভাগ হায় হায়, গুৱাহাটীৰ বিধস্ত বাট-পথ, নলা-নৰ্দমা পুনৰ নিৰ্মাণ কৰক, বিজ্ঞানসন্মতভাবে গুৱাহাটীৰ কৃত্রিম বানপানী সমস্যা সমাধান কৰক, সদৌ গুৱাহাটী ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী সকলক এটা বৃহৎ আৰক্ষী বেষ্টনীয়ে লতাশিলৰ সমীপত বাধা প্ৰদান কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ কাৰ্যক ধিক্কাৰ দি তাতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটীৰ কৃত্রিম বানপানী, বিধস্ত বাট-পথ আৰু নলা-নৰ্দমা পুনৰ নিৰ্মাণৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্ত আৰু অসম আৰক্ষী আয়ুক্ত মহোদয়ৰ জৰিয়তে দুখন স্মাৰক পত্ৰ প্ৰদান কৰে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হছেইন আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি নাথে

এই সম্পৰ্কে কয় – এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ অঞ্চল পানীত ডুব যায়। সমস্যাটো ক্রমান্বয়ে প্ৰকট হৈ পৰিছে। ঠায়ে ঠায়ে ভূমিস্খলনৰ সমস্যাৰ সৃষ্টি হৈছে। দীর্ঘ দিনীয়া গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ এই সমস্যাৰ বিজ্ঞানসন্মতভাবে স্থায়ী সমাধানত অসম চৰকাৰ ব্যৰ্থ হৈছে। জোৰা টাপলি মাৰি এই সমস্যা সমাধান সম্ভৱ নহয়। মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা বিজ্ঞানসম্মতভাবে স্থায়ী সমাধানৰ ব্যৱস্থা ল'বই লাগিব। আই আই টি গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয়, অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ লগতে অসমৰ তথা দেশ বিদেশৰ বিশেষজ্ঞক জড়িত কৰি এই সমস্যা বিজ্ঞানসন্মতভাবে সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব‍ই লাগিব। গুৱাহাটীৰ বাট-পথ আৰু নলা নৰ্দমাৰ অৱস্থা বিধস্ত। নলা-নর্দমা নিয়মীয়াকৈ চাফা কৰা নহয়। কৰদাতা গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ প্ৰতি যেন কোনো কৰণীয় নাই। পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত চৰকাৰৰ বৰমূৰীয়া সকলৰ প্ৰতিশ্ৰুতি ফোটোকাৰ ফেনলৈ পৰিণত হৈছে। প্রতিশ্রুতিয়ে গুৱাহাটী জনসাধাৰণক আশ্বস্ত নকৰে। জনসাধাৰণক ফলাফল লাগিব। ফলাফল নোপোৱালৈকে ছাত্ৰ সন্থাই গুৱাহাটী মহানগৰীৰ বিভিন্ন উন্নয়ন সমিতি, মহিলা সমিতি আৰু সংগঠনক লৈ আন্দোলন অব্যাহত ৰাখিব। ফলাফল নোপোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয়।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here