বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 20 June 2022

বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

 



W7s news ষ্টাফৰিপোৰ্টাৰ: পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত স্থায়ী প্রেক্ষাগৃহত সোমবাৰে গীতে-মাতে সৈনিক-শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক মৃত্যু দিৱস উদ্ যাপন কৰা হয়। এই উপলক্ষে পুৱা ১১ বজাত সম্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সন্মিলনৰ সভাপতি বিপুল তালুকদাৰে। সম্মিলনৰ আজীৱন সদস্য কল্যাণ কলিতাই বিষ্ণু প্ৰসাদ ৰাভাৰ এটা কালজয়ী গীতেৰে অনুষ্ঠানৰ আৰম্ভ কৰে। গীত-মাতৰ এই অনুষ্ঠানত বিপ্লবী বীৰ শিল্পীজনক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠানত  আবৃত্তি কৰে ক্ৰমে দীপামণি মেধি, জুৰি বৰা, বনজিৎ মেধি আৰু নৱ কুমাৰ মজুমদাৰ, বৰ্ণালী নেওগ, পল্লব বৰাকে আদি কৰি কেবাজন উপস্থিত ব্যক্তিয়ে। অনুষ্ঠানৰ শেষত বন্তি প্ৰজ্বলক তথা পূৱ-গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বিপুল তালুকদাৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্মৰাজীৰ লগতে শিল্পীজনৰ সঠিক মূল্যাংকন কৰা বিষয়ত গুৰুত্ব দি জ্যোতি-বিষ্ণুক বাদ দি অসমীয়া জাতি জীয়াই নাথকে বুলি মত প্ৰকাশ কৰে আৰু নতুন প্ৰজন্মৰ শিল্প সাধকসকলক তেওঁলোকে দি যোৱা পথেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। অনুষ্ঠানৰ অন্তত সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই সকলোকে ধন্যবাদ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here