নেমকয়াৰ হাস্পতাল উদ্যোগত আৰু উই কেয়াৰ হেলথ কেয়াৰৰ সহযোগত ৰোগীৰ বাবে 'হোম কেয়াৰ সেৱা'ৰ শুভাৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 June 2022

নেমকয়াৰ হাস্পতাল উদ্যোগত আৰু উই কেয়াৰ হেলথ কেয়াৰৰ সহযোগত ৰোগীৰ বাবে 'হোম কেয়াৰ সেৱা'ৰ শুভাৰম্ভ

 


বুজাবুজিৰ চুক্তি স্বাক্ষৰ





W7s news ষ্টাফৰিপোৰ্টাৰ: নেমকয়াৰ হাস্পতাল উদ্যোগত আৰু উই কেয়াৰ হেলথ কেয়াৰৰ সহযোগত ৰোগীৰ বাবে 'হোম কেয়া'ৰ সেৱাৰ মঙল বাৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ বাবে নেমকয়াৰ হাস্পতাল উদ্যোগত আৰু উই কেয়াৰ হেলথ কেয়াৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। এই সন্দৰ্ভত মঙলবাৰে নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন সংবাদ মেলত হাস্পতালখনৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই কয়'-বহু দিনৰ প্ৰতীক্ষাৰ অন্তত আমি এক নতুন প্ৰচেষ্টাৰে এক নতুন সংকল্পৰে এক নতুন আশাৰে আমি এক নতুন কাম কৰিব ওলাইছোঁ। এইটো অকল আমাৰ কাৰণে নহয় আমাৰ সকলোৰে এক অভাৱ পূৰণ কৰিব বিচাৰিছো। চিকিৎসাৰ ক্ষেত্ৰত দে কেয়াৰৰ ক্ষেত্ৰত। আমি যেতিয়া ইয়াত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত   হাস্পতালত ৰোগীক চিকিৎসাৰ বাবে যেতিয়া ৰাখো তাৰ পাছত যেতিয়া হাস্পতালৰ পৰা বিদায় দিও তেতিয়া প্ৰায়ে ঘৰত পৰিচৰ্যা কৰা লোকৰ অভাৱ হোৱা দেখা যায়। বহু ক্ষেত্ৰত বহু ৰোগীৰ অভিভাৱক হয়তো আমি হাস্পতালৰ পৰা বিদায় দিয়াৰ পাছত যিবোৰ পৰিচৰ্যা কৰিব লাগে সেইখিনি কৰিব নোৱাৰাৰ বাবে হয়তো তিনি দিন ৰাখিব লগীয়া ৰোগীজনক পাঁচ দিন বা সাত দিন ৰাখিব লগীয়া হৈ যায়।এনেই মিছাতে অধিক ধন খৰছ কৰিব লগীয়া হয়। আমাৰ উদ্দেশ্য হৈছে যে আমি কিমান কম সময়ত আমাৰ ৰোগীক হাস্পতালৰ পৰা বিদায় দিব পাৰো । এইটো বহু দিনৰ পৰা অভাৱ আছিলে আমাৰ অসমত। নেমকেয়াৰ হাস্পতালে এক প্ৰত্যক্ষ আহ্বান লৈ আগবাঢ়ি আহিছোঁ। এই ক্ষেত্ৰত "উই কেয়াৰ হেলথ কেয়াৰৰ' সহযোগত এখন মঞ্চত কাম কৰিব ওলাই আহিছোঁ আৰু এইটোৰ দ্বাৰাই আমি হাস্পতালত চিকিৎসা কৰাৰ পিছত ৰোগী জনক কেনেদৰে পৰিচৰ্যা কৰিব পাৰো সেই ক্ষেত্ৰত আমি কেনে ধৰণৰ কি কি অসুবিধাত পৰো বা দে কেয়াৰত কেনেকুৱা মানুহ লগা হয়, সম্পূৰ্ণ প্ৰশিক্ষণ প্ৰাপ্ত মানুহ ৰাখিব পাৰো সেইটো ক্ষেত্ৰত আমি আগবাঢ়ি আহিছোঁ। আমি বহুতো যুৱক যুৱতীক ইতিমধ্যে সম্পূৰ্ণ প্ৰশিক্ষণ দিছোঁ। ইয়াৰ জৰিয়তে সকলো ৰোগী আৰু ৰোগীৰ পৰিয়াল উপকৃত হ'ব বুলি আশা কৰিব পাৰি।' সংবাদ মেলত উই কেয়াৰ

হেলথ কেয়াৰৰ সঞ্চালক পাৰ্থ প্ৰতীম বৰাই কয়-আমি ৰোগীক প্ৰাথমিক সেৱা, বিশেষ সেৱা, চুপাৰ স্পেচিয়েলিটি সেৱা ,হাস্পতা লত ৰোগীৰ শুশ্ৰূষা কৰা সেৱা আদি সেৱা আগবঢ়াম। সমগ্ৰ অসমত আমাৰ এই সেৱাৰ ব্যৱস্থা আছে। ইয়াৰ বাবে চৰকাৰৰ স্কীল ইণ্ডিয়াৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰা যুৱক, যুৱতীক আমি সংস্থাপন দি আহিছোঁ। লগতে এ এন এম নাৰ্চো থাকিব। আমাৰ মূল উদ্দেশ্য হ'ল যাতে হস্পাতালৰ পৰা ঘৰলৈ যোৱাৰ পাছত ৰোগীয়ে কম খৰচত যাতে পৰিচৰ্যা লাভ কৰিব পাৰে। ইয়াৰ বাবে মাহিলী হিচাপত ১৫ ৰ পৰা ২০ হাজাৰ টকা আৰু দৈনিক সেৱা লব বিচৰা সকলে প্ৰতিদিনে এহেজাৰ টকা  পৰিচৰ্যাকাৰীজনক দিব লাগিব। এই বিষয়ে জানিবলৈ আমাক ০৩৬১-২৪৫৭৩৪৪,০৩৬১-২৪৬৯৬৯৭, ৭০০২০৩৮৫৭২,৬৯০১২২০১১০ নম্বৰত যোগাযোগ কৰিব পাৰিব।' সংবাদ মেলত হাস্পতালখনৰ মেডিকেল ডাইৰেক্টৰ ডাঃ মিহিৰ কুমাৰ বৰুৱা, সঞ্চালকদ্বয় ডাঃ ৰঞ্জন বৰুৱা, ডাঃ ছাজিদ আহমেদ উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here