W7s news গুৱাহাটী: - ভাৰত চৰকাৰৰ কভিড প্ৰতিষেদক বুষ্টাৰ ড’জ প্ৰদান নীতিৰ আধাৰত জি এল পাব্লিকেচন চৌহদত আজি কভিডৰ বুষ্টাৰ ড’জ প্ৰদান শিবিৰ অনুষ্টিত হয়। সদৌ অসম সংবাদকৰ্মী সন্থাৰ উদ্যোগত আয়োজিত শিবিৰত প্ৰায় ৯০জন লোকে বুষ্টাৰ ডজ গ্ৰহন কৰে। জি এল পাব্লিকেচন লিমিটেডৰ সহযোগত অনুষ্ঠিত শিবিৰত উলুবাৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ সৰলা দাস, জোনালী বৰুৱা, (kh)অনিতা দেৱী, গুলৰেখা বেগম আৰু নন্দা দে’ উপস্থিত থাকি ভেকচিন প্ৰদান কৰে। এটি ধন্যবাদসূচক অনুষ্ঠানত জি এল পাব্লিকেচনৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ, সংবাদকৰ্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰ, কোষাধ্যক্ষ নীলকান্ত নাথ, সদস্য কমল ডেকা, নীলকান্ত সিনহা উপস্থিত থাকে। অনুষ্টানত প্ৰণৱ কুমাৰ তালুকদাৰে কয় যে চিকিৎসাসেৱা বুলি কলে ডাক্তৰকহে বুজা যায় যদিও স্বাস্থ্যকৰ্মী সকলৰো এক বৃহৎ সহযোগ থাকে। একেদৰে বাতৰিকাকত এখনৰো সাংবাদিকসকলকহে মানুহে জানে যদিও আচলতে সংবাদকৰ্মীসকলৰ সহযোগতহে কাকত এখন প্ৰকাশ পায়। সংবাদকৰ্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে স্বাস্থ্যকৰ্মীসকলৰ লগতে জি এল পাব্লিকেচনক বিশেষভাৱে ধন্যবাদ জনায়। লগতে স্বাস্থ্যকৰ্মীসকলক জি এল পাব্লিকেচনৰ হৈ প্ৰণৱ কুমাৰ তালুকদাৰে একোখনকৈ কিতাপ (জি এল আগৰৱালাৰ ‘ঋতুৰ পৰা ঋতুলৈ’) আৰু সংবাদকৰ্মী সন্থাৰ মুখপত্ৰ ‘প্ৰয়াস’ প্ৰদান কৰে।
No comments:
Post a Comment