মুম্বাই, দিল্লী, লক্ষ্ণৌ,কলকাতা, ভূপাল, গুৱাহাটী, আহমেদাবাদ আৰু চণ্ডীগড়ত অন-গ্ৰাউণ্ড অডিচনেৰে আৰম্ভ হ’ল সৰ্বভাৰতীয় অডিচনছ প্ৰক্ৰিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 May 2022

মুম্বাই, দিল্লী, লক্ষ্ণৌ,কলকাতা, ভূপাল, গুৱাহাটী, আহমেদাবাদ আৰু চণ্ডীগড়ত অন-গ্ৰাউণ্ড অডিচনেৰে আৰম্ভ হ’ল সৰ্বভাৰতীয় অডিচনছ প্ৰক্ৰিয়া

 

অনলাইন অডিচনো আৰম্ভ আৰু আপুনি 9137857810 নাইবা 9137857830 হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব পাৰিব আপোনাৰ অডিচন ভিডিঅ’





W7s news গুৱাহাটী: বিগত তিনিটা দশকত জী টি ভিয়ে আন্টাকছৰি,ছা ৰে গা মা পা, ডান্স ইণ্ডিয়া ডান্স আৰু ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজৰ দৰে নন-ফিকচন ফৰ্মেট আগবঢ়াই ভাৰতত ৰিয়েলিটি টেলিভিছনক এক নতুন ৰূপ প্ৰদান কৰি আহিছে। এনেবোৰ অনুষ্ঠানে ব্যাপকভাৱে জনপ্ৰিয় প্ৰতিভা-ভিত্তিক ৰিয়েলিটি টি ভি ফ্ৰেন্সাইজি হিচাপে পৰিগণিত হোৱাৰ লগতে দৰ্শকৰপৰা হৃদয়তো চাপ পেলাবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ আৰম্ভনীতে অতি ধুমধামেৰে আৰম্ভ কৰা হৈছিল ডি আই ডি লিটল মাষ্টাৰ আৰু এতিয়া বিগত দুটা ছিজনত দৰ্শকলৈ সঁচাকৈয়ে কিছুমান অসাধাৰণ প্ৰতিভা আগবঢ়াই সকলো মহিলাকে ছুপাৰ মম হোৱাৰ সুযোগ প্ৰদানেৰে জী টি ভিয়ে ইয়াৰ জনপ্ৰিয় নন-ফিকচন অনুষ্ঠান ডি আই ডি ছুপাৰ ৰ তৃতীয়টো ছিজন আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ।বলিউডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ ৰেমো ডিছ’জা ক তিনিগৰাকীৰ অন্যতম বিচাৰক হিচাপে দেখিবলৈ পোৱা যাব আৰু সকলো আগ্ৰহী মহিলাক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক প্লেটফৰ্ম আগবঢ়াই নৃত্যৰ জগতৰ নিজৰ নাম প্ৰতিষ্ঠা কৰাৰ সুযোগ আগবঢ়াব।

অনুষ্ঠানটো আৰম্ভ হোৱাৰ পূৰ্বে ডি আই ডি ছুপাৰ মমসকলে দেশজুৰি চলি থকা অনলাইন আৰু অন-গ্ৰাউণ্ড অডিচনত অংশ গ্ৰহণ কৰিব লাগিব। ইতিমধ্যে আৰম্ভ হৈছে ডি আই ডি ছুপাৰ মমৰ অনলাইন অডিচন আৰু এই অডিচনৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ আপুনি নিজৰ নাম, চহৰৰ নাম আৰু বয়স লিখি 9137857810 নাইবা 9137857830 হোৱাটছএপ নম্বৰত ডেৰ মিনিটৰ দুটা ডান্স ভিডিঅ' প্ৰেৰণ কৰিব লাগিব ।তদুপৰি আপুনি পঞ্জীয়নৰ লিংক লাভ কৰিবলৈ 8291829164নম্বৰত মিছড কল দিব পাৰে ।

চলিত বৰ্ষতে ডি আই ডি লিটল মাষ্টাৰৰ বিচাৰক হিচাপে থকা ৰেমো ডিছ’জাই ডি আই ডি ছুপাৰ মমছৰ বিচাৰক হিচাপেও থাকিব আৰু ইয়াকে লৈ উৎসুক হৈ পৰিছে কৰিঅ’গ্ৰাফাৰগৰাকী। তেওঁ কয়,“সকলো ছুপাৰ মমছে এতিয়া সাজু হওক, কিয়নো আমি অভিনয় বাবে আপোনাৰ চহৰলৈ আপোনাক প্ৰতিভা প্ৰদৰ্শন আৰু ডি আই ডি মমছৰ জৰিয়তে আপোনাৰ সপোন পূৰণ কৰাত সুযোগ প্ৰদান কৰিবলৈ আহি আছোঁ ।“আগতে কেইটামান সপ্তাহত জী টি ভিয়ে ভূপাল, আহমেদাবাদ, গুৱাহাটী, লক্ষ্ণৌ আৰু ছত্তীছগঢ়ত অনুষ্ঠিত কৰিব অন-গ্ৰাউণ্ড অডিচন ।গতিকে এগৰাকী মাতৃ হোৱাৰ লগতে নৃত্য পটীয়সী হিচাপে বিশ্বক আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰিব বিচাৰে যদি এয়াই আপোনালোকৰ বাবে সোনালী সুযোগ ।আপোনাৰ ওচৰৰ চহৰলৈ আহি ছুপাৰ মমছৰ অডিচনৰ বাবে এই গ্ৰেণ্ড ডান্স ৰিয়েলিটি শ্ব’ৰ অংশ হওক ।অচিৰে জী টি ভিযোগে সম্প্ৰচাৰ কৰা হ’ব ডি আই ডি ছুপাৰ মমছৰ নতুন ছিজন!

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here