মৈথন ষ্টীলৰ প্ৰকৃত শক্তি প্ৰদৰ্শন খালিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 7 May 2022

মৈথন ষ্টীলৰ প্ৰকৃত শক্তি প্ৰদৰ্শন খালিৰ

 



খালিয়ে প্ৰকৃত শক্তি প্ৰদৰ্শন কৰিলে


উত্তৰ-পূবত শক্তি পৰীক্ষাত অৱতীৰ্ণ খালি




W7s news ষ্টাফৰিপোৰ্টাৰ: আন্তৰ্জাতিক খ্যাতিসম্পন্ন অতিশয় প্ৰভাৱশালী, শক্তিশালী ব্যক্তিত্ব দ্য গ্ৰেট খালিয়ে মৈথন ষ্টীলৰ উৎকৃষ্ট মানদণ্ড আৰু নিজা ঘৰ নিৰ্মাণত মৈথন ব্যৱহাৰৰ বিবৃতিৰ প্ৰমাণ দিবলৈ "ধম টেষ্ট" (Dhamm Test) মুকলিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই আটাইতকৈ শক্তিশালী ষ্টীলৰ অনুৰণন হৈছে সৰ্বোচ্চ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ডৰ এক নিৰ্ভৰযোগ্য প্ৰমাণ।দ্য গ্ৰেট খালিয়ে "ধম টেষ্ট" প্ৰদৰ্শনৰে শক্তিশালী ষ্টীলেৰে নিৰ্মিত টিএমটি ৰিবাৰ এটা সাধাৰণ গ্ৰেডৰ টিএমটি ৰিবাৰ ওপৰৰপৰা পেলাই দিয়াত শব্দৰ এক স্পষ্ট পাৰ্থক্য শুনা যায়। আটাইতকৈ শক্তিশালী ষ্টীলৰ অনুৰণনৰ শব্দ হৈছে সৰ্বোচ্চ মানদণ্ডৰ এক নিৰ্ভৰযোগ্য প্ৰমাণ।অভিমত আগবঢ়াই দ্য গ্ৰেট খালিয়ে কয়, “মৈথন টিএমটি হৈছে বিশ্ব চেম্পিয়ন... ই সকলো আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমাৰ "ধম টেষ্ট" য়ে মৈথন ভাৰতৰ গৌৰৱ প্ৰমাণ কৰিব। সেইকাৰণেই মৈথনে মোৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰিছেI”

গণ উপভোক্তা সজাগতাৰ বাবে "ধম টেষ্ট" টিভিচি প্ৰচাৰিত হৈ আছে, বিভিন্ন কাষ্টমাৰ পইন্ট আৰু ডিলাৰ শ্বপত প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীসকলৰদ্বাৰা টিএমটি ৰিবাৰ ক্ৰয়ৰ পূৰ্বে ইয়াৰ সৰ্বশ্ৰেষ্ঠ মানদণ্ডক প্ৰশংসা আৰু মূল্যায়নৰ বাবে লাইভ প্ৰদৰ্শনৰ পৃথক পৰিকল্পনা কৰা হৈছে, যিয়ে উপভোক্তা আৰু ডিলাৰৰ ক্ৰয়ৰ সিদ্ধান্ত সহজ কৰি তুলিব।

শনিবাৰে  গুৱাহাটীত আয়োজিত সংবাদমেল সম্বোধন কৰি মৈথন ষ্টীলৰ সঞ্চালক মধুৰ আগৰৱালাই কয়, "দ্য গ্ৰেট খালি সদায়েই ব্ৰেণ্ড এম্বেচেডৰ হিচাপে অনুপ্ৰেৰণা হৈ অহাৰ কাৰণ তেওঁ কেৱল নিৰন্তৰ শক্তি প্ৰতিষ্ঠা কৰাৰ বাবেই নহয়, বৰঞ্চ তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব আৰু ডব্লিউডব্লিউই চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধাসকলক পৰাজিত কৰাৰ গৌৰৱ। একেদৰে মৈথন ষ্টীলেও একাধিক আন্তৰ্জাতিক শক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু আন্তৰ্জাতিক মানদণ্ড অতিক্ৰম কৰিছে। আমাৰ ব্ৰেণ্ড এম্বেচেডৰজন আমাৰ ব্ৰেণ্ডৰ দৰেই, হুইচেলৰ দৰে নিকা ভাৱমূৰ্তিসম্পন্ন, কোনো বিতৰ্ক নাই; একেদৰে যোৱা দশকটোত আমি শূন্য মানদণ্ড সম্পৰ্কীয় অভিযোগৰে এক প্ৰসিদ্ধ উপভোক্তা ব্ৰেণ্ড হৈ পৰিছো।"

সঞ্চালক কৌশল আগৰৱালাই কয়, "আমাৰ শেহতীয়া অভিযান- 'ধম টেষ্ট' হৈছে সৰ্বোচ্চ মানদণ্ডও শক্তিৰ ষ্টেণ্ডাৰ্ড অনুসৰণ কৰা মৈথন ষ্টীল টিএমটি ৰিবাৰৰ প্ৰদৰ্শন, যি সমাজ আৰু দেশখনলৈ সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ ষ্টীল আগবঢ়াবলৈ কোম্পানীটোৰ অংগীকাৰৰ নিশ্চিতকৰণ।"উত্তৰ-পূবৰ ৰাজ্যসমূহত (অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু মেঘালয়) অতিশয় গুৰুত্বপূৰ্ণ সাফল্য হৈছে মৈথন ষ্টীলৰ ৪০০ টা ডিলাৰৰ অবিশ্বাস্যভাৱে শক্তিশালী অৱস্থিতি। মৈথন ষ্টীলে উত্তৰ-পূৰ্বাঞ্চলত যোৱা তিনি বছৰত বছৰি ৫০শতাংশ বিকাশ অৰ্জন কৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষস্থানীয় ব্ৰেণ্ড হ'বলৈ সাজু হৈছে। মৈথন ষ্টীলক জানুৱাৰী, ২০২০ ত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰীয়ে "অতিশয় বিশ্বাসযোগ্য বেঞ্চমাৰ্ক ব্ৰেণ্ড বঁটা" প্ৰদান কৰিছিল।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here