কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসম চৰকাৰৰ সংবাদ পত্ৰিকা অসম বাৰ্তা মুকলি কৰে - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 10 May 2022

demo-image

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসম চৰকাৰৰ সংবাদ পত্ৰিকা অসম বাৰ্তা মুকলি কৰে

Responsive Ads Here




W7s news ষ্টাফৰিপোৰ্টাৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে অংশগ্ৰহণেৰে গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে প্ৰতিদিনে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনত আস্থা প্ৰকাশ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ অসম চৰকাৰে নাগৰিকসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হ'বলৈ আৰু জনসাধাৰণক অসমৰ উন্নয়নৰ যাত্ৰাৰ বিষয়ে অৱগত কৰাৰ বাবে এখন নিজা সংবাদ পত্ৰিকা মুকলি কৰে।১০ মে'ত বৰ্তমানৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই সংবাদ পত্ৰিকাখন আনুষ্ঠানিকভাৱে মুকলি কৰে। এই সংবাদ পত্ৰিকাখনে অসমৰ ৰাইজক চৰকাৰ আৰু ইয়াৰ নীতিৰ সৈতে সংযুক্ত হৈ থকাৰ অনন্য সুযোগ প্ৰদান কৰিব।অসম বাৰ্তা সংবাদপত্ৰিকাখনে ৰাজ্য চৰকাৰৰ শেহতীয়া কাৰ্যসূচী আৰু নীতিসমূহৰ বিষয়ে পঢ়ুৱৈসকলক অৱগত কৰি ৰাখিব। নাগৰিক, বুদ্ধিজীৱী আৰু ফ্ৰিলান্স সাংবাদিকসকলে এই সংবাদ পত্ৰিকাৰ জৰিয়তে অসম চৰকাৰলৈ গঠনমূলক পৰামৰ্শ প্ৰদান কৰাৰ সুযোগ পাব। অসম

IMG-20220510-WA0040

IMG-20220510-WA0037

চৰকাৰে 'অসম বাৰ্তা'ৰ ব্যাপক প্ৰসাৰৰ বাবে প্ৰথম পৰ্যায়ত বিভিন্ন আধুনিক প্ৰযুক্তি, যেনে- ৱাটছএপ, টেলিগ্ৰাম, ই-মেইল, এছ এম এছকে ধৰি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে এক কোটি পঢ়ুৱৈক সাঙুৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে। অসম বাৰ্তাৰ ১০,০০০তকৈও অধিক হাৰ্ড কপী জিলা আৰু খণ্ড পৰ্যায়ৰ সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয় আৰু সমগ্ৰ দেশৰ বিশিষ্ট নাগৰিকসকলৰ হাতত পৰাকৈ  সময়ে সময়ে মুদ্ৰণ আৰু বিতৰণ কৰাৰ ব্যৱস্থা কৰিব।

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অধীনত মুকলি হ'বলগীয়া অসম বাৰ্তাৰ বাবে ডি আই পি আৰৰ সঞ্চালক বিষ্ণু কমল বৰাৰ লগতে চাৰিজন সদস্য ক্ৰমে ৱাছবিৰ হুছেইন, অনুৰাধা শৰ্মা পূজাৰী, গুৰমাইল সিং আৰু বিজয় শংকৰ বৰাৰে গঠিত এখন সম্পাদনা বিভাগ থাকিব। আহ্বায়ক সদস্যৰূপে সম্পাদনা সমিতিখনত থাকিব জ্যেষ্ঠ তথ্য বিষয়া শিখা শইকীয়া। সম্পাদকমণ্ডলীয়ে প্ৰাসংগিক প্ৰতিবেদন আৰু মতামত সম্পৰ্কীয় প্ৰবন্ধসমূহ প্ৰস্তুত কৰিব। 

“বৰ্ষপূৰ্তি বিশেষ প্ৰথম সংখ্যাটি হ'ব ১৬ পৃষ্ঠাৰ।  আৰম্ভণিতে সংবাদপত্ৰিকাখন অসমীয়া, ইংৰাজী, হিন্দী আৰু বাংলা মুঠ চাৰিটা ভাষাত মুদ্ৰণ কৰা হ'ব”, ডি আই পি আৰৰ সঞ্চালক আৰু প্ৰকাশনৰ মুখ্য সম্পাদক বৰাই কয়, লগতে তেখেতে জনায় যে যথা সময়ত ইয়াক অসমৰ অন্যান্য আঞ্চলিক ভাষাতো অসম বাৰ্তাৰ প্ৰকাশ কৰা হ'ব।

তদুপৰি অসম বাৰ্তাই চৰকাৰী আঁচনিৰ ৰূপায়ণ আৰু ইয়াৰ নীতিসমূহৰ বিষয়ে তৃণমূল পৰ্যায়ত সকলো বিৱৰণ দাঙি ধৰিব আৰু জনসাধাৰণক তেওঁলোকৰ বিধায়ক আৰু চৰকাৰৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সুবিধা প্ৰদান কৰিব বুলিও তেখেতে কয়।

ডি আই পি আৰৰ সঞ্চালকগৰাকীয়ে লগতে কয়, "আমি ৰাইজক ৮২৮৭৯১২১৫৮ নম্বৰত “Assam” লিখি ৱাটছএপ বাৰ্তা প্ৰেৰণ কৰি বা অসম বাৰ্তালৈ মেইল লিখি বা ইয়াৰ ৱেবছাইট https://asombarta.com লৈ গৈ কৰি এখন প্ৰপত্ৰ পূৰণ কৰাৰ লগতে মেইল আই ডি প্ৰদান কৰি বিনামূলীয়াকৈ এই প্ৰকাশনটোৰ গ্ৰাহক হ'বলৈ অনুৰোধ জনাইছো।" তেওঁ কয় যে, চৰকাৰক অৱগত কৰিবৰ বাবে প্ৰকাশনৰ মেইল আই ডি বা ইয়াৰ ইণ্টাৰেক্টিভ ৱেবছাইটৰ জৰিয়তে ৰাইজে তেওঁলোকৰ পৰামৰ্শ আৰু অভিযোগসমূহ প্ৰেৰণ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *